পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৪২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ক্ষুধা

মাজৰাতি পোনাটিৰ জ্বৰ এৰা দিলে;
ক্লান্ত দুটি চকু মেলি ক'লে ধীৰে ধীৰে,
“পেটটো পুৰিছে মা, কিবা আছে, খাবলৈ দিবা?”
কথাতো নহয় সেয়া হাতুৰীৰ নিৰ্মম আঘাট;
মোৰ উজাগৰী দুচকুৰ তন্দ্ৰালস কেনিব। পলাল
বুকুৰ পাজৰ ভাঙি বাগৰিল এটি হুমুনীয়া।
সমুখৰ টেবুলত বিধে বিধে ফলাহাৰ
ধোঁৱাই ধোৱাই সেয়া চেঁচা হল এবাটি গাখীৰ ,
আৰু পোনাটিৰ পেটত পোৰণি! মই যেন মৰি যাম।
শেতা চাৱনিয়ে তাৰ ইঙ্গিতেৰে মোক মাতি নিলে
নিৰালম্ব জীৱনৰ ৰ'দে পোৰা কঠিন পথলে’।
দেখা পালো-বস্ত্ৰহীন, চৰ্মসাৰ শিশুৰ মিছিল
কঙ্কাল দুবাহু মেলি হেজাৰ শুকান মুখে কলে সমস্বৰে
“মা, ভোকত পুৰিছে পেট, কিবা আছে। খাবলৈ দিবা?”
সিহঁতে নেজানে কত কোনদিনা হেৰুৱালে
শৈশৱৰ মিঠা নিৰ্ভৰতা, দুচকুৰ তীৰবিৰ নীলা।
মাতৃৰ শুকান বুকুত নাই অমৃতৰ ধাৰা;
দাৰিদ্ৰৰ তপত বালিত জীৱন গৰল পান
পদ-যাত্ৰা অন্তহীন ভৱিষ্যৎ হীন।
দেশৰ আশাৰ থলী, আমাৰ ভুলৰ বলি
কত সুপ্ত সম্ভৱনা এইদৰে কলিতে শুকালে।
অপৰিণত ভ্ৰূকুটিৰে মোৰ নিৰূপায় মৌনতাক হানি
সিহঁতে পুনৰ কলে “কিবা আছে, দিবা কিবা?
দুটোপাল চকুপানী, এটি হুমুনীয়া?”