সমললৈ যাওক

পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মানুহৰ কুৎসিৎ চিন্তাত
যদি পেশীবল পশুবল হয়
ৰক্ষণৰ ছলে যদি মেলা হয় ভক্ষণৰ নাট
তাৰ বাবে দায়ী জানো মই?
যুগে যুগে দেশে দেশে
দুৰ্ব্বলৰ চলে নিপীড়ন
কলিজাৰ কেঁচা তেজে কলঙ্কিত উৎপীড়ক,
নিৰ্য্যাতিত মানৱতা হয় গৰীয়াণ;
মোৰ তেজে যোবা দখনাত
যন্ত্ৰণাৰ জীৱন্ত স্বাক্ষৰ
কিয় কলঙ্কিতা মই আনৰ পাপেৰে?
অহল্যা দ্ৰৌপদী কুন্তী
মহাসতী শাস্ত্ৰৰ পাতত;
ৰাৱণৰ কামনাই
কলুষিত কৰা নাই সীতাৰ সতীত্ব;
ৰক্তাক্ত হৃদয় মোৰ দগ্ধ কিয় তোমাৰ ঘৃণাৰে?
যদি সেয়ে হয়
ঘৃণা হ’ক মোৰ শিৰৰ ভূষণ;
নেলাগে তোমাৰ প্ৰেম
নেলাগে মাতৃত্ব মোক তোমাৰ শিশুৰ
যদি সকলো হেৰাল মোৰ
পুনু হেৰুওৱাৰ কোনো ভয় নাই;
দুৰ্গম সংসাৰ পথ
চলাম জীৱন ৰথ সাৰথিবিহীন;
পৃথিবীৰ পঙ্কিল বুকুত ফুলি ৰ’ম শতদল
সত্য শুদ্ধ মোৰ প্ৰেম হ’ব পৃথিবীৰ প্ৰেম
ধন্য হ’ম মাতৃত্বেৰে
লক্ষ লক্ষ অসহায় দুৰ্গত জনৰ।

॥ হৃদয়ৰ অৰণ্যত॥২৪