পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ জৰায়ুৰ বৃষ্টিধাৰা
যি মোক কৰে সৃষ্টিক্ষম
ৰূপ মাধুৰ্য্যৰ, প্ৰান প্ৰাচুৰ্য্যৰ
খুলি দিয়ে সোনৰ সফুৰা
বিধাতাৰ বিশেষ নিৰ্ম্মালি
পূৰ্ণ প্ৰস্ফুটিত ৰক্তজৱা পাহি
সেয়ে হেনো অপৰাধ মোৰ।
বহাগৰ বৰষুণে ধৰাকো ধুৱায়
পৃথিবীৰ শুকান বুকুত
যৌৱনৰ ঢল নামে;
উৰ্ব্বৰা ভূমিত ৰোপিত সৃষ্টিৰ বীজ
ফুলে-ফলে শ্ৰীময়ী হয় বসুন্ধৰা;
সৃষ্টিৰ গৌৰৱে
অশুচি কৰিছে জানো পুষ্পিতা পৃথিবী?
মূঢ়তাৰ মেঘে ঢাকে
শতিকাৰ ৰঙীন আবেলি
জৰাজীৰ্ণ ধৰ্মৰ পতাকা
ৰুদ্ধগতি ‘চৰৈৱতি’ অমল সময়।
হে শঙ্কৰ সৰ্ব্বগুণাকৰ
তোমাৰ সাম্যৰ বানী শুনোৱা পুনৰ
চেতনাৰ আকাশত বোধসূৰ্য্য হওক উদয়;
যুগৰ মামৰে ধৰা
অন্ধ বাধা নিষেধৰ
খুলি দিয়া লোহাৰ দুৱাৰ;
প্ৰেম অমৃতৰ নদী বওক ব্ৰহ্মাণ্ড ভেদি;
শেষ হলে বঞ্চনাৰ বিষন্ন প্ৰহৰ
মুক্তিৰ ৰ’দকাচলিত
গাওঁ একেলগে জীৱনৰ জয়গান
সংস্কৃতিৰ বৰনামঘৰ চাৰি প্ৰসঙ্গেৰে উঠক উথলি।

১৯৮৮ চন

৷৷হৃদয়ৰ অৰণ্যত॥ ২১