পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গোগ্ৰাসে এহাল শিশু;
খালি পেট ভৰা দৃষ্টি, সেই মাতৃ জীৱন্ত মেডোনা
এমুখ পৰম তৃপ্তি—বহুত পোৱাৰ।

মোৰ অনুভৱ হল—
দেশে দেশে যুগে যুগে সমাজে-সমাজে
এক নদী বয় অমৃতবাহিনী
ওপচাই দুয়োপাৰ
য’ত মাথো প্ৰেম আৰু অশ্ৰু প্লাৱণ
ক’ৰবাত কল্লোল মুখৰা গঙ্গা
ক'ৰবাত অন্তঃস্ৰোতা ফল্গু
সেই নদী নিৰবধি, নাম তাৰ মাতৃ হৃদয়।

১৯৭২ চন।

॥ হৃদয়ৰ অৰণ্যত॥২৯