পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰত্যাগত জোৱান ভাতৃলৈ

ভাই তই আহিলি ঘূৰি!
মাতৃ-মুখত হাঁহি ওপচাই
পিতৃ-হিয়াৰ ক্ষত শুকুৱাই
তোৰ পত্নীৰ শিৰৰ সেন্দুৰ উজ্জ্বলতৰ কৰি
বিজয়ী বেশেৰে দেশৰ বুকুলে’
ভাই তই আহিলি ঘূৰি।
জয়াল ৰাতিৰ ত্ৰাস আতৰিল
শিয়ালৰ হোৱা নিজম পৰিল
জল-স্থল আকাশ মাৰ্গত গৌৰৱধ্বজা ৰোপণ কৰি
নতুন পুৱাৰ পোহৰৰ সতে
ভাই তই আহিলি ঘূৰি।
যাৰ অব্যৰ্থ অগ্নিবানত
শোষণ তন্ত্ৰ বিকল হল
যাৰ মৃত্যুৰে কোটি জনতাৰ
জীৱন দলিল স্বাক্ষৰ হল
অমিতবীৰ্য্য সেই জোৱানৰ কীৰ্ত্তি কাহিনী বহন কৰি
শত উত্তৰাৰ অশ্ৰু মছিবলে’
ভাই তই আহিলি ঘূৰি।
তোৰ পথ জুৰি হিয়াই হিয়াই
পুষ্প তোৰণ সাজিছোঁ
সুঠাম দেহৰ শত-ক্ষত চাই
নীৰৱে চকুলো টুকিছোঁ
বহু প্ৰতীক্ষাৰ সুখাৱসানত
সমৰ ক্লান্ত তোৰ কপালত
আজি এটোপাল শীতল তেজেৰে
মঙ্গল তিলক আকিছোঁ।

১৯৭২ চন।