পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সংক্ৰমণ

ধূলি আৰু ধোঁৱাময়
জীৱনৰ অন্ধগলিলৈ তাক নিনিবা
পদুম কোমল ৰঙচুৱা দুটি ভৰি
বোকাত পোত খাবলৈ নিদিবা
সি যে অবোধ, সুন্দৰ সুপবিত্ৰ।
এন্ধাৰৰ আঁৰে আঁৰে
ঘূৰি ফুৰে বন্য স্বাপদ;
লুলোপ জিভাত তৃষ্ণা মাথো তৃষ্ণা
সিহঁতৰ বিষাক্ত নিশ্বাসেৰে
তাৰ নিকা হিয়াখনি মলিয়ন নকৰিবা।
জীৱনৰ হৰিৎ প্ৰান্তত
মুক্তি আৰু প্ৰত্যয়ৰ বিমল আনন্দত
তাক মানুহ হবলৈ দিয়া।
ৰূঢ় বাস্তৱৰ আঁচোৰত
ৰক্তাক্ত অকনি বুকু
পোহৰ বিচাৰি কন্দা দুচকুৰ নীলা!
প্ৰেম-আৰু মানৱতাৰ কবৰত
কনমানি একাজলি অশ্ৰুসিক্ত ফুল।
উঃ কিযে দুঃসহ কল্পনা
তাক বাচিবলৈ দিয়া
ৰঙা ৰ’দ গাত সানি
মৰমৰ নিবিড় ছায়াত তাক মানুহ হবলৈ দিয়া।

১৯৮০ চন।