সমললৈ যাওক

পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অনাগত হেজাৰ গৃহত
ৰং আৰু পোহৰৰ অভিনৱ আল্‌পনা
তুমিয়ে আঁকিবা।
তিনিটি দশক জুৰি
জ্বলালা যি দীপাৱলী বাণী প্ৰাঙ্গন
শিখা তাৰ হ’ক অনিৰ্বাণ
মোৰ স্বপ্ন, মোৰ যত কৰ্ম্ম
একবিন্দু পোহৰ সাৱটি
নিৰলে হেৰাই য’ক জ্যোতি সিন্ধু তোমাৰ বুকুতে।


[ তাৰিণী চৌধুৰী উচ্চতৰ মাধ্যমিক স্কুলৰ ৰূপালী জয়ন্তী উপলক্ষে ]