পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰ্মৰ জোৰ হাতত লৈ
কৰ্মযোগী তেওঁ, আহিছিল ধৰালৈ
গান শেষ হল, জোৰ পুৰি গল
শান্তি মৈত্ৰীৰ বোধন গৃহত
বিসৰ্জ্জনৰ কৰুণ সঙ্গীত উঠিল বাজি।
ললিতা, তোমাৰ দুগালে বাগবা অবিৰল দুটি ধাৰা
সবল হাতেৰে পেলোৱা মছি;
তোমাৰ বুকুৰ চিত জুই চোৱা
জ্বলে ভাৰতৰ ইমূৰ সিমূৰ ব্যাপি।
সেই অনলত পুৰি শেষ হক
ভাৰতৰ যত অসূয়া বিভেদ
মিলন মন্ত্ৰ শান্তি প্ৰলেপে নাশক আত্মাৰ ভয়;
হিংসা-উন্মত্ততা আতৰি পলাব
সৃষ্টিৰ আলোকে হিয়া পোহৰাব
কন্যাকুমাৰী হিমালয় জুৰি
মিলিত কণ্ঠে উঠিব নিনাদি
“জয় জোৱানৰ, জয় কিষানৰ, জয় ভাৰতৰ জয়”।