পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৰ্পণ

শ্মশানৰ পৰা জ্বলাই অনা লেমটো নুমাবলৈ নিদিবা;
জীয়া যৌৱনৰ তেজৰঙা প্ৰতিজ্ঞাৰে সমুজ্জ্বল সেই শিখা
নিকাই থোৱা হৃদয়ৰ চোতালত অহৰহ জ্বলি থাকক ,
আমাৰ তো তেল শলিতাৰ আকাল নাই।
আঘাতেহে স্তিমিত চেতনাক উজ্জীৱিত কৰে;
আমাৰ ৰাজহাড় চূৰ্ণ কৰিব খোজা
সেই ধনঞ্জয় কোবটোৱে আমাক জগাই দিলে;
বৰ লুইতৰ ইপাৰ সিপাৰ জুৰি সেয়া শুনা
জাগ্ৰত জনতাৰ তেজাল কণ্ঠত নতুন দিনৰ গান।

শ্মশানr পৰা জ্বলাই অনা লেমটো নুমাবলৈ নিদিবা;
তাৰেই আমি একুৰা প্ৰলয়ঙ্কৰী জুই জ্বলাম
আমাৰ ঈৰ্ষা-বিভেদ, ক্লীৱতা-হেমাহি
সকলো সামৰি সেই জুই দপ্‌দপ্‌ কৈ জ্বলিব;
গঙ্গা-যমুনা পদ্মাৰ পাৰলৈকে কুকুহা উৰিব
লুণ্ঠনকাৰী শোষক পীড়ক ছত্ৰভঙ্গ দিব।
আত্মাহুতিৰ হবিৰে শুদ্ধ সেই অগ্নি সাক্ষী কৰি
আকাশ কঁপাই আমি সমস্বৰে উচ্চাৰিম
মাতৃৰ বাবে জীৱন দিয়াৰ মহান অঙ্গীকাৰ।

শ্মশানৰ পৰা জ্বলাই অনা, লেমটো নুমাবলৈ নিদিবা;
এইবাৰ আমি তাৰেই জ্বলাম মাঘৰ মেজিৰ জুই ৷

(শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত)