পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ললিতা শাস্ত্ৰীলৈ

ললিতা, তোমাৰ শুভ্ৰ কপালৰ কোনোবা দিগন্তত
এয়া ভাৰতৰ বেলিমাৰ,
টাছখণ্ডৰ বিষন্ন আকাশ
কাল ৰজনীয়ে গ্ৰাসিলে সিদিনা,
মৃত্যু-শীতল বতাহে দিলেহি
নিৰ্মম বাতৰি তাৰ।
আই দুলাৰীৰ প্ৰানৰ দুলাল
কোনোবা বা অচিন দেশত হেৰাল
কোটি জনতাৰ আশাৰ সূৰ্য ডাৱৰৰ আঁৰ হ'ল
নৱ-ভাৰতৰ নাড়ী-স্পন্দন খন্তেক থমকি ৰ'ল।
ললিতা, তোমাৰ দীপান্বিতাৰ ৰাতি
পদুলি মূৰৰ বন্তি নুমাই গ'ল
জীৱন এন্ধাৰ হ'ল।
মৌন বেদনাত আকাশে উচুপে
নিৰ্বাক পৃথিবী ৰ'ল অধোমুখে।
স্পন্দনহীন বুকুত বাগৰি নাৰ্জী গোলাপে কান্দে।
নেহেৰু-বিভোৰ ভাৰতবাসীৰ মোহৰ কুঁৱলী ভেদি
সিদিনা মাথোন উদিছিল সেই স্নিগ্ধ কিৰণ ৰবি;
ৰণ-পথাৰত জোৱানে হাঁহিলে
দলিত কৃষকে মূৰ ডাঙি চালে
শান্ত সি ৰূপত ভাৰতে দেখিলে আপোন আত্মাৰ ছবি।
বজ্ৰদণ্ড ইন্দ্ৰবেশেৰে সিংহদুৱাৰত ৰ'ল
চমকি উঠিল আত্মগৰবী নীল শিয়ালৰ দল।