পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শেৱালি আৰু দুবৰি

ৰাংঢালী শেৱালিয়ে
সাৰ পাই দোকমোকালিতে
আলফুলে দুবৰিৰ ডিঙিত সাৱটি ক’লে,
আজি এই শৰতৰ চিকুণ পুৱাতে
তোমাৰ চকুত বাৰু চকুপানী কিয়?
জলত পদুমে হাঁহে
থলত পদুমে হাঁহে
পথাৰত লহ্‌পহ ধাননি ডৰাই।
পুৱাতে মলয়া জাকে
বোকোচাত সুৰভিৰে
অলক জোকাৰি মোক দিয়েহি জগাই।
আকাশৰ নিকা চোতালত
উমলি জামলি ফুৰে শুকুলা ডাৱৰে,
গধুলিতে জোনবায়ে সাধুৰ সঁফুৰা মেলে
তৰাজাকে মোকা মাতে চকু পিৰিকাই।
আকাশত বতাহত ৰঙৰ বেলুন
পোহৰৰ শিখা নাচে হিয়াই হিয়াই।
এইহেন আহিনৰ মোহিনী পুৱাতে
কান্দিবৰ কাৰ মন যায়?
বতাহত লাহে লাহে মূৰটি লৰাই ক’লে দুবৰিয়ে,
তোৰ দৰে সোনজনী, উলাহে নধৰা হিয়া
এদিন আছিল মোৰো;
বহাগী পৃথিবী মোৰ বুকুৰ আপোন