পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এখন সাগৰ, চক্‌লেট ৰং তাৰ

এখন সাগৰ, চক্‌লেট ৰং তাৰ।
তাত হেজাৰ পদুমে হাঁহে;
কুঁহি, ঢোপাকলি, পূৰ্ণ বিকশিত
সুশোভিত জীৱনৰ পাৰ
সুৰভিত আকাশৰ বুকু
আখলৰ বৰ্ণহীন ভাৱৰ মকৰাজাল চিঙি
মোৰ জীৰ্ণ মনৰ পাহি আবেলিৰ বতাহত কঁপে।
জীৱনৰ ব্যতিব্যস্ততাত
ক'ৰবাত এৰি অহা
পুৰণি এখনি ছবি
পুনৰ বিচাৰি পালো বাণীতীৰ্থ, তোমাৰ বুকুতে।
এইজাক কিশোৰীৰ
খিল্‌খিল্ হাঁহিৰ সোঁতত
মোৰ পঁজাটি নেওচি যোৱা
এচেৰেঙা মিঠা ৰ’দ উটি ভাঁহি ফুৰে,
এইজাক গাভৰুৰ বিজুলি চকুত
বিগত দিনৰ কত ৰামধেনু স্বপ্ন মোৰ
অগা-দেৱা কৰে;
কত আকাঙ্খাক তুমি ৰূপ দিলা, জীপ দিলা
কত যৌৱনক তুমি স্থিতি দিলা, ধৃতি দিলা
হে অনন্ত যৌৱনা !
তুমি মহাশিল্পী ,
বিচিত্ৰ তুলিকা ধৰি নিতে নৱ প্ৰতিমা গঢ়িছা