পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাহিৰৰ চিক্‌মিক্ আৱৰণ পুৰি
উদঙাই দেখুৱালা মানুহৰ আদিম নগ্নতা।
কুকুহাই ছানি ধৰে অৱসন্ন নিৰুত্তাপ হৃদয় আকাশ
নিঃশেষে সকলো নিলা
আমি সৰ্ব্বস্বান্ত জীৱন জুৱাৰী।
থৈ যোৱা এককণা তোমাৰ প্ৰচণ্ড তেজ
বাধাহীন গতিৰ তাড়না;
নিৰালম্ব জীৱনৰ আন্ধাৰ কোনত
বাৰে বাৰে মকৰাৰ নিৰলস জালৰ প্ৰস্তুতি;
জীৱনৰ লঠঙা গছত বাসনাৰ কুটা কঢ়িয়াই
স্বপ্ন-নীড় ৰচো পুনু
বিচাৰিছো এধানি প্ৰেৰণা
বানে খুন্দা পথাৰত সৃষ্টিৰ নতুন পলস।


(১৯৭৫ চনত সংঘটিত পূৱ গুৱাহাটীৰ ভয়াবহ অগ্নিকাণ্ডক লৈ)

৷৷ হৃদয়ৰ অৰণ্যত ৷৷ ১১