পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ফাগুন

ফাগুন আহিল মদাৰ ফুলিল,
চিকুণ পুৱাৰ জুৰ মলয়াত
দহিকতৰাৰ দোতাৰা বাজিল;
মৰা বিৰিখত প্ৰানে কুঁহি মেলে
আমৰ ডালত আশা মলিয়ালে
শীতৰ গোমোঠা মন পোহৰাই
পলাশৰ জুই জ্বলে।
সেউজী পতাকা উৰালে আঁহতে
ৰঙৰ উছৱ চোৱা বাটে ঘাটে
বছৰৰ যত মলি ধুই নিলে
মিঠা বৰষুণ জাকে।
ধুলিয়বি আজি জীৱনৰ বাট
মন পথাৰত চিৰাচিৰ ফাঁট
কিমান মানিক মুকুতা হেৰাল তাত!
বনৰ ফাগুন আহে আৰু যায়
মনৰ ফাগুন নাহে পুনৰায়
সময় থাকোতে ফাগুনৰ ৰঙে
মনটি ৰঙাই লওঁ
মুক্ত আকাশ মুক্ত মঞ্চ
বন বিহগীৰে কণ্ঠ মিলাই সৃষ্টিৰ গীত গীওঁ।