সমললৈ যাওক

পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ডেকাফুকনৰ বিয়োগত

একুৰা প্ৰচণ্ড জুই
হৃদয়ৰ গভীৰতা ভেদি
বিয়পিল সমগ্ৰ সত্ত্বাতে;
শঙ্কা-ভয়, নীচতা-দীনতা
দেই পুৰি চুৰমাৰ কৰি
উদ্বাউল, বিশৃঙ্খল এনি তেনি জ্বলে;
উদগীৰিতি জ্বালামুখী
বাক্যৰ স্ফুলিঙ্গ সৰে
জননীৰ শৃঙ্খল জহি খহি পৰে।

একুৰা প্ৰশান্ত জুই
বাণী-প্ৰাঙ্গনত প্ৰদীপৰ নীল শিখা কঁপে;
কোন শিল্পীৰ তুলিকাত
মোৰ মাতৃৰ এই হেন ৰূপ?
কবিতাৰ সাতসৰী
মুখত বিজুলী হাঁহি
অৰুণ চৰণ জ্বলে
ৰাশি ৰাশি ৰক্তজৱা পলাশ পাহিৰে।

একুৰা প্ৰচণ্ড জুই
একুৰা প্ৰশান্ত জুই,
আজি শ্মশানৰ শিখা হৈ জ্বলে,
সেই শিখা জ্বলি ৰ'ক জনতাৰ হৃদয়ে হৃদয়ে।