পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বুঢ়া আহতৰ বিহু

পুখুৰী পাৰৰ সেইখিনিতে
বুঢ়াটোক সদায় আমন জিমনকৈ থিয় দি থকা দেখোঁ।
মলিৰে টাটৰি মৰা তাৰ উদং দেহাটোত
দুৰ্দ্দান্ত শীতৰ অত্যাচাৰৰ চিন।
আহত দৃষ্টিৰে সি একেথৰে চাই থাকে
চৌপাশৰ সৰাপাতৰ মৰিশালীখনলৈ।
হঠাতে ফাগুনৰ এনিশা
কোনোবা দূৰণিত বিহুৱতী কুলিয়ে গীত জুৰিলে
মেঘৰ ঢোলত চাপৰ পৰিল
নাচনী বিজুলীৰ চমক ভাঙিল।
পুৱালৈ দেখিলোঁ
ঘঁহি-পিহি গা ধুই বুঢ়া চিকুনটি হ'ল
মুখত আশা আৰু আনন্দৰ এচেৰেঙা ৰ’দ।
কেইদিনমান পিছত-
কজলা পাটৰ বিতোপন চোলা এটি পিন্ধি
বুঢ়াই দেখো ৰিব্‌ৰিব্ বতাহ চাটিৰে ধেমালি কৰিছে।
এনেতে ওলালহি এজাক ৰঙীয়াল ডেকা-গাভৰু
বুঢ়াই আথে বেথে বিয়াগোম সেউজীয়া ছাটিটো মেলি ধৰিলে।
ফৰকাল আকাশত চৰাইৰ কিৰিলি
গছ-বিৰিখৰ সাজোন কাচোন কি চাবা!
কপৌফুলে বেনী নচুৱাই মিচিক মাচাক হাঁহে।
ৰাংঢালী কেতেকীৰ হাতত আতৰৰ বাটি
বুঢ়াৰ গা সাতখন আঠখন হল।