চিকৰপতি নিকৰপতি
[ ১ ]
চিকৰ্ পতি নিকৰ্ পতি৷
শ্রীলক্ষ্মীনাথ বেজবরুৱা প্রণীত।
৩৩ নং কেনিং ষ্ট্ৰীট,
টিম্বৰ এণ্ড ষ্টোৰ এজেন্সিৰপৰা
গ্রন্থকাৰৰ দ্বাৰাই প্রকাশিত।
কলিকাতা।
পুহ ১৮৩৫ শক। ডিচেম্বৰ ১৯১৩ খৃষ্টাব্দ।
⸻⸻
বেচ ॥৹ আনা মাথোন।
৬|১ নং দ্বারকানাথ ঠাকুরর লেন,
“পুণ্য যন্ত্র” হইতে
শ্রীএবাদত আলি খাঁ দ্বারা মুদ্রিত।
অর্পণ।
হাতত
চিকৰ্ পতি নিকৰ্ পতি
দিলোঁ।
চিকৰ্ পতি নিকৰ্ পতি।
প্রথম দর্শন।
বিচাৰালয়।
দৰ্ মহা নােখােৱা বিচাৰক—ঘিণাৰাম বরুৱা,
আৰু মিনাৰাম শৰ্ম্মা।
আচামী—চিকৰ্ পতি বৰচোৰ।
গুচৰীয়া—বেথাই হাজৰিকা।
বেথাইৰ ঘৈণীয়েক বেথাইৰ পিছফালে থিয়।
ঘিণাৰাম। ইয়াক হলফ দিয়া হল নে ?
চিৰস্তাদাৰ। (বেথাইক) হলফ কৰ,— মই যি কম সঁচা কম ;
কোনো কথা নুলুকাওঁ। [ ৬ ]
বেথাই৷ কিয় নাে লুকাম দেও হে? মই জানাে কিবা গভাইত?
সৌ সি হে চোৰ, তাক হে সেইদৰে কব লাগে।
চিৰস্তাদৰ। তই মােক শিকাব নালাগে; মই যি কৈছোঁ তাকে
ক, আন কথা নকবি।
বেথাই। তুমি কলেই হব নে কি? মােৰে বস্তু চুৰ কৰিব, আরু
ময়েই ঘূৰি চোৰ হম, গভাইত হম নে কি ? কথামখা বঢ়িয়া
হৈছে দেখিছোঁ!
ঘিণাৰাম। বেছি কথা নকবি ; হলফ খা। চিৰস্তাদাৰে যি
কৈছে তাকে ক। কব লাগিব।
বেথাই। আও! চোৰ ধৰি গিৰিহঁত হে চোৰ পৰিলোঁ হবলা!
বারু কি কব লাগে, কি হলৌফ্ কৰে খাব লাগে কোৱাঁ,
খাই থওঁ।
চিৰস্তাদাৰ। ক, মই যি কম সঁচা কম; কোনো কথা গােপন
নকৰোঁ।
বেথাই। আপুনি গোপ কথাষাৰ নো কি বুলিছে, ভাঙি কৈ
দিয়ক, তেহে হালৌপ খাব পাৰিম। গােপ মানে যদি গাপ
দিয়া বুলিছে, তেন্তে মই সেই কামত নাই। জাল গাপ
দিয়া কাম মাছ-মৰা মাছ-বেচা মানুহৰ হে।
ঘিণাৰাম। হেৰ তই দেখেন বৰ চতুৰ হৈছ একা? এইখন
ৰজাৰ আদালত বুলি তই জনা নাই নে ? বােলোঁ এতিয়াই
হলফ খা; নহলে শাস্তি পাবি। পেচ্কাৰে যিহকে কবলৈ
কয় তাকে কব লাগিব। [ ৭ ] বেথাই। কব লাগিব যদি কওঁ। তেওঁ সেইফাকি কি কৈছে
আকৌ মাতক, মইও মাতোঁ, মাতি হালৌপ নে কি খাওঁ।
[ হলফ লয়।]
ঘিণাৰাম। আসামীক চিন?
বেথাই। নিচিনিবলৈ হৈছে কি? তাক আজি তিনি পুরুষৰ-
পৰা মই চিনো,—বাপেকক চিনো, তাক চিনো, তাৰ
পুতেককে চিনাে। এটাইখন চোৰ, আরু চোৰৰ লৰা
চোৰ।
ঘিণাৰাম। ই কি কৰিলে ক ?
বেথাই। কি কৰিলে? হতচিৰী হােৱা, জহনিত যােৱাই মােৰ
সৰ্পনাশ কৰিলে। পানী খােৱা লোটা এটা আছিল, তাকে
চুৰ কৰি নি পানীখােৱাৰ ভিকাচন ভাঙিলে।
ঘিণাৰাম। কৈ যা, কৈ যা,।
বেথাই। যাম কলৈ ? ৰজাৰ কছাৰিত গােচৰ কৰিবলৈ আহি-
ছোঁ, গােচৰ শুধি পুছি যি হয় কৰক। মােৰ ওপৰত
ইমানকৈ বেকা হৈ লাগিলে কেনেকৈ চলিব।
[মিনাৰামৰ ফালে সতৃষ্ণ নয়নে চায়।
টেকেলা। (বেথাইক ডবিয়াই) বেছি কথা হাকিমৰ আগত
কব নাপায়। হাকিমে যি শুধিছে তাৰ উত্তৰ দে।
বেথাই। বেছি কথা নো কত কলোঁ ঐ ? সহস্ৰগাঁঠিৰ তলত
থাকি মােৰ নো সৰহ কথাৰ সকামখন কি ?. তই টেকেলা
হলি বুলি ভাল মানুহক এইদৰে ডবিয়াই হকিয়াই নো কথা [ ৮ ]
কব পাৱ নে? (মিনাৰাম হাকিমৰ মুখলৈ চাই ) দেউতা
ঈষ্পৰ!—
(বিচাৰক, পেচ্ কাৰ, টেকেলা, সকলোৱে চুপ চুপ কৰে।)
চুপ যদি চুপ। মােৰ মুখখন সী থব লাগে যদি থলোঁ সী।
চোৰে মােৰ পানীখােৱা লোটাটো নিলে, তােমালােক সকলােৱে
গোটখাই মােৰ মুখৰ মাতষাৰকো নিব খুজিছা নিয়াঁ৷ কিন্তু
হাকিমৰপৰা কেলেহুৱা টেকেলালৈকে সকলােৱে মুঠ বান্ধি
বেথাই হাজৰিকাক এইদৰে লঘু কৰিব নালাগিছিল। গেলেকি
গাৱঁৰ বেথাই হাজৰিকাও নিজৰ দেশত এটা মাতঃবৰ লোক,
এতিয়া পৰদেশত মৰ-ভেশ হৈছে যদিও। কৰাহঁক; গােসাঁয়ে
দেখিব।
পেচ্ কাৰ। তােৰ নাম কি?
বেথাই। অ তুমি গুৰিতে ধৰিলা? ধৰাঁ। মােৰ নামটো
বেথাৰাম হাজৰিকা। ঘৰ গেলেকি গাৱঁত।
পেচকাৰ। তােৰ বাপেৰৰ নাম কি ?
বেথাই। কিয়, মােৰ বােপাইৰ নামটো তােমাক কিয় ? মোৰ
বুপা-ককাক উকটিলেহে তােমাৰ সন্তোষ লাগিব নে কি?
লােটাটো জানাে মােৰ বােপাইৰ? লোটাটো মােৰহে, মোৰ
বােপাইৰ নহয় দেও হে।
পেচকাৰ। তােৰ বুলি বুজিছোঁ; তথাপি তােৰ বাপেৰৰ
নামটো কব লাগিব। [ ৯ ] বেথাই। তোমাৰ কথাতে বেথাই হাজৰিকাই তাৰ বুপা-ককাক
নুঘালে।
পেচ্ কাৰ। ক, কব লাগিব।
বেথাই। বলাৎকাৰ নে কি ? নকওঁ, নাপায় কব। আমাৰ
গাৱঁত কোনেও বাপেকৰ নাম নাকাঢ়ে। তােমালােকৰ
নগৰত তেনে দস্তুৰ থাকিলে থাকিব পাৰে।
পেচ্ কাৰ। তই দিগ্ নকৰিবি। ক, কব লাগিব।
বেথাই। তুমি চোন তোমাৰ আপুটিৰ নামটো কিবাবোলেনে
এই সমজ্যাৰ মাজতে কোৱাঁ, সকলো সভাসদে শুনক।
অ, মই নিশকতীয়া দেখি চল পাই মােক হেঁচা মাৰি
ধৰিছা?
পেচ্ কাৰ। (টেকেলালৈ চাই) এই মানুহটোৱে বৰ দিগদাৰি।
কৰিছে; ই যদি ইয়াৰ বাপেকৰ নাম নকয়, তেন্তে ইয়াক
ধৰি হাজোতলৈ লৈ যা।
বেথাই। নালাগে মােক হাজোলৈ নিব দেও হে। চোৰ
কৰবাতে থাকিল, এতিয়া গিৰিহঁতহে হাজোলৈ যাব লগীয়া
হল! (মিনাৰামলৈ চাই) আমাৰ ইজনা হাকিমে দেখােন
মােৰ হকে একাষাৰো নামাতে! মােক হাজোলৈ নে
জেৰেঙা পথাৰলৈ নি অঁতালেহে তেখেতে মুখ মেলিব
হবলা; এতিয়া দেখোন গজালি থৈছে! কপাল! আজি
মই ঘৰৰপৰা ওলাই আহোঁতেই মােৰ বাওঁ-চকুটো লৰিছিল,
তেতিয়াই মই বুজিছিলোঁ, আজি ভালে-কুশলে ঘূৰি [ ১০ ] আহিলে হে অহা। দেউতা, মই সইতে কৈছোঁ, মই
মােৰ বােপাইৰ নাওটো নাজানাে। সরুতে মােৰ বােপাই
ঢুকাল; আইৰ মুখেও মই বােপাইৰ নামটো শুনা নাছিলোঁ।
(হাত যােৰ কৈ) হে মােৰ দেউতা ! ফপহুতা বাজে কথাত
উভঁহা ধৰি থাকি মােৰ গােচৰখনত জেঙা নলগাব। মই
মনত বৰ বেজাই পাই হে গোচৰ কৰিবলৈ আহিছোঁ। মই
দান্তে-তৃণ-ধৰি চুলি-ছিঙি-কাতৰ-কৰি মাতিছোঁ মােৰ দেউতা
সকল!
ঘিণাৰাম। ক, কেনেকৈ ই তােৰ লােটা চুৰ কৰিলে?
বেথাই। দেউতা ঈষ্পৰ, ই বৰ চোৰ। লোকে ৰাতি হে চুৰ
কৰে, ই দিন দুপৰতে কৰে। কালি দিনৰ দুপৰীয়া বেলিকা
মই মােৰ ঘৰৰ আগ-চোতালতে খন্তেকমান বহি আছিলোঁ।
ঘৰৰ ঘৈণীজনীক কলোঁ, মােক পানী এলােটা আনি দে,
পিয়াহ লাগিছে। তাই মােৰ সর্থৈবৰীয়া কাঁহৰ লোটাটোৰে
মােক পানী এলোটা আনি দিলে। মই ঢক্ ঢক্ কৰে
পানীলোটা খাই লােটাটো আগতে থৈছোঁ, এনেতে
দেখিলোঁ, শালিকা এহালৰ জোটাপুটি লাগিল। শালিকা-
হালৰ জোটাপুটিখন মই চাই থাকোঁতেই ঠিক এনে সময়তে
সৌ বাঘে-খােৱা মােৰ ওচৰত ওলাল গৈ। তাক দেখিয়েই
মােৰ বুকুখন ঢিপিং কৰে বাজি উঠিল, ভাবিলোঁ আজি
বাঘে-খােৱা ওলাইছেহি যেতিয়া সি কিবা এটা কৰি হে
যাব৷ সি মােৰ আগত ই কথা, সি কথা, ৰাজভগণৰ [ ১১ ] কথা উলিয়াবলৈ ধৰিলে, মইও মােৰ মনতে খুটিটো পুতি
লৈ হুঁ হুঁ বুলি তাৰ কথা শলাগি যাবলৈ ধৰিলোঁ। এনেতে
এবাৰ সি মােক কলে— ’হাজৰিকা, আজি কালি ইয়াত
বৰ চোৰৰ প্ৰতাপ হৈছে ; মানুহৰ আগৰেপৰা চোৰে বস্তু
চুৰ কৰি নিয়ে। সিদিনা এটা চোৰে ৰঙামুৱাৰ আগৰেপৰা
তাৰ পানীখােৱা লােটাটো লৈ গুচি গল। তুমি দেখিলে
বিস্ময় মানিবা, চোৰটোৱে কেনেকৈ লোটাটো নিলে মই
দেখুৱাওঁ চোৱাঁ।’ এই বুলি এই বাঘেখোৱাই লাহেকৈ
’এডেও দুডেও, এইহে লােটা নিবৰ চেও’ বুলি কৈ, মােৰ
লোটাটো মােৰ আগৰেপৰা লৈ ভো-ভাে কৰে গুচি গল,
মই ভেবা লাগি চাই থাকিলোঁ। সি কিছুমান দূৰ গলত
হে মােৰ গালৈ চেতন আহিল। তেতিয়া তাৰ পিছে পিছে
মই লৰ ধৰিলোঁ। কিন্তু, কত তাক ধৰিবলৈ পাওঁ, সি লৰি
মই চকুৰে নেদেখা হল। শেহত মই বিবুধি হৈ কোটো-
ৱালৰ আগত গােচৰ দিলোঁ গৈ। কোটোৱালে উনৈশত-
বা-বােলাই মােৰ ওপৰত হে জ্বলিপকি উঠিল! কোটোৱালে
কলে ’মই তােৰ বাপেৰৰ ঘৰৰ বহতীয়া নে কি যে তােক
চোৰ ধৰি দিব লাগিব ?’ মই অনেক কাবৌ-কোকালিকৈ
তাক আধলি এটা যাচিলতহে; তাকে লৈ সি চেচা পৰি
কলে ‘বারু ধৰিব লাগে যদি তই চোৰটো মােক দেখুৱাই
দে।' মই কলোঁ, সি পলাই গল, মই তাক দেখুৱাই দিবলৈ
কত পাম ? মই তাক চিনি পাওঁ, তাৰ নাম চিকৰ্ পতি। [ ১২ ] ইয়াৰ পিছত দেখিছোঁ কোটোৱালে চোৰ ধৰি আনি দেউতা
সকলৰ আগত হাজিৰ কৰি দিছে। এই সােপাই কথা,
এই সােপাই বতৰা। এতিয়া দেউতাসকলে যি ভাল বুজে
কৰক। মই দুখীয়া মানুহ। (মিনাৰামলৈ চাই ) আপুনি
দেখোন মােৰ ফলীয়া হৈ একেষাৰেকে নমতা হল ? মিছাতে
ৰৌমাছৰ বাকলি যেন এমুঠি বগা চিকা ররূপ—
(ঘৈণীয়েকে পিছফালৰপৰা—মনে মনে থাকা, মনে মনে
থাকা, সেইবােৰ উলিয়াব নেপায় ।)
কিনাে এইজনীয়ে পিছ ফালৰপৰা আজুৰি-পিজুৰি কেপ্- কেপাই থাকে ঐ! মনে মনে থাকিব লাগে যদি থাকিলোঁ যা। হতচিৰীহঁতী, চিকৰ্পতি কেনে টেঙৰ তই নেদেখিলি নে ? তাৰ দৰে যদি আমিও সিজনক নধৰি ইজন হাকিমক ধৰিলোঁ হেঁতেন—
পেচ্কাৰ।— চুপ, চুপ, আদালতত বাহিৰা কথা পাতিব নাপায় ;
হাকিমে যি শুধিছে তাৰে হে মাথােন জবাব দিব পায়।
বেথাই। বারু, বারু। হাকিমে নাে আরু কি শুধিব খুজিছে
শােধক, মই কব পােৱাখিনিলৈকে কৈ থাকিম।
মিনাৰাম শৰ্ম্মা হাকিম। (আচামী চিকৰ্পতিক) তােৰ কচুৰ
হৈছে নে ?
চিকৰ্ পতি। (হাতযােৰকৈ) দেউতা, মােৰ কচুল হবলৈ কি
হৈছে?
বেথাইৰ ঘৈণীয়েক। (বেথাইৰ পিছ ফালৰপৰা) কটা চোৰ ! [ ১৩ ] নাে কিয় ? কেপ্ কেপাই আছ কেলৈ ? কাছাৰীত হাকিমৰ
আগত যিহকে পায় তাকে কব নাপায়।
ঘিণাৰাম। (বেথাইক) তােৰ সাক্ষী আছে নে ?
বেথাই। সাক্ষী মই কত পাম? যদি আগেয়ে জানিলোঁহেঁতেন,
যে ই চুৰ কৰিবলৈ আহিব, তেতিয়া জনচেৰেক ওচৰ-
চুবুৰীয়াক মাতি আনি ওচৰতে বহুৱাই থলোঁহেঁতেন।
ঘৈণীয়েক। (পিছফালৰপৰা) গােসাঁই সাখী। নেদেখাজন
ঈষ্পৰ সাখী। জোন বেলি সাখী!
পেচ্ কাৰ। চুপ! চুপ! আকৌ তই কথা কৈছে?
মিনাৰাম। তই নো মনে মনে থাকিব নােৱাৰ কিয়, হেৰ
এইজনী ?
ঘৈণীয়েক। ময়ে নাে দুষাৰ এষাৰ নামাতিলে কোনে মাতিব?
আপুনি তো আমাৰ হকে নমতাই হল। মাথোন মােক
চুপ চুপ কৰি চুপ্ চুপাই আছে। সেইদেখিয়েই মই মনে
জানিয়েই গঙ্গাৰাম উকিলক ধৰোঁ বুলিছিলোঁ; আপুনিয়েই
কলে,— নালাগে উকিলক পইচাকেইটা দিব, সেই কেইটা
মোকে ⸻।
পেচ্কাৰ। চুপ । চুপ! বক্ বক নকৰিবি ! নহলে এইবাৰ তই
হাজোতলৈ যাব লাগিব।
ঘৈণীয়েক। বারু, নামাতো দিয়াঁ। কৰিলোঁ চুপ। চুপতে
যদি কিবা গুটী ধৰে ধৰক। অবলা তিরুতাক হাজোলৈ
পঠিয়াম বুলি হুমিয়াই থাকিব নেলাগে ! [ ১৪ ]
(গোচৰৰ ৰায়।)
ঘিণাৰাম। (মিনাৰামলৈ চাই) ই চুৰ কৰাৰ প্ৰমাণ নাই;
সেইদেখি ইয়াক খালাচ দিয়া যাওক।
মিনাৰাম। গোচৰ সম্পূর্ণ প্রমাণ হৈছে। আচামীক ফাটেক
দিব লাগে।
ঘিণাৰাম। প্রমাণ নাই, মই ফাটেক দিওঁ কেনেকৈ ?
মিনাৰাম। গুচৰীয়াই হলফ লৈ আদালতত কৈছে যেতিয়া
তাৰ ওপৰত আরু কি প্রমাণ লাগিছে ? আচামী তো নাম-
ফটা চোৰ। এনে চোৰক দণ্ড দিবলৈ আৰু প্ৰমাণ বিচাৰিব
লাগে নে ?
ঘিণাৰাম । আচামী নাম-ফটা চোৰ হব পাৰে; কিন্তু এই
গোচৰ হলে ফৰিয়াদীয়ে প্রমাণ কৰিব নােৱাৰিলে। সেই
দেখি মই আচামীক দণ্ড দিব নােৱাৰোঁ।
মিনাৰাম। মই হলে দণ্ড নিদি খালাচ দিব নােৱাৰোঁ। আরু
আপুনি দিলেও মই সেই ৰায়ত চহি দিব নােৱাৰোঁ।
ঘিণাৰাম। আপুনি চহি দিয়ক নিদিয়ক, মই হলে খালাচ দিম।
মিনাৰাম। মই হলে দণ্ড দিম। নহলে উঠিলোঁ।
[ মিনাৰাম হাকিম এজালাচৰপৰা উঠি
দুৱাৰমুখ পায় গৈ। পিছে পিছে
পেচ্ কাৰ যায়।
পেচকাৰ। ধৰ্ম্মৱতাৰ, আহক নাযাব। এজালাচৰপৰা এইদৰে
যােৱাটো ভাল নহয়। [ ১৫ ]
মিনাৰাম। মই যদি এজালাচত বহিব লাগে তেন্তে বেলেগে
ৰায় দিম।
পেচকাৰ। বেলেগেই দিব আহক।
[ মিনাৰামৰ পুনৰ আসন গ্রহণ।
ঘিণাৰাম । মইও সুকীয়াকৈ ৰায় দিম।
[দুয়ো দুখন কাকত লেখে।
মিনাৰাম। আচামীৰ ছ মাহ কঠোৰ পৰিশ্ৰমেৰে ফাটক।
ঘিণাৰাম। আচামী খালাচ।
পেচ্ কাৰ। এই গােচৰৰ নথি ৰাজদৰবাৰৰ প্ৰধান বিচাৰকৰ
ওচৰলৈ যাব। তাত আচামীৰ পুনর্ব্বিচাৰ হব। ধৰ্ম্মাৱতাৰ,
আচামীক জামিনত এৰি দিবলৈ হুকুম দিয়ক।
দুইজন হাকিম। দিলোঁ।
বিশ্বেশ্বৰ। আপােনাৰ নিচিনা যােগ্য লোকে এই বিষয়টো
হাতত নলয় কিয়? নিশ্চয় তেতিয়া সঁচা কথা ওলাব।
গঙ্গাৰাম। সময় কত ? তথাপি ৰাইজে লবলৈ কলে পিছ
নােহোঁহকোঁ। ৰাইজে হুকুম দিলে মই মােৰ সকলো সুখ,
সকলো কাম কাতিকৈ থৈ, সৌ বাঢ়নীটাৰ লৈ এই ঘৰটো
সাৰিবলৈকো সাজু আছোঁ, সেইটো তুমি জানা নে ?
সরুৰাম বৰা। ধন্য! ধন্য! আমাৰ বরুৱা ডাঙৰীয়াৰ নিচিনা
আরু এজন লােক আমাৰ দুখীয়া আসাম দেশত ওলালেই
মাতৃভূমিৰ উদ্ধাৰ হব।
বিশ্বেশ্বৰ। (মুখ ফিৰাই লাহেকৈ) এৰা, মাতৃভূমিখনৰ ধূলি-
মাকটি গুচি সি চাফ হব।
গঙ্গাৰাম। সঁচা কথা কবলৈ কি ; তুমি গুরুৰ কথা শুধিছা ;
মই শঙ্কৰী গুরুক সমূলী বিশ্বাস নকৰোঁ।
বিশ্বেশ্বৰ। কিয় ?
গঙ্গাচৰণ। কাৰণ, তামােল গছজোপা থিয়।
বিশ্বেশ্বৰ। অ এই কাৰণ !— বুজিলোঁ এতিয়া ।
[ তাচ্ছিল্যভাৱে বিশ্বেশ্বৰ উকিলৰ প্রস্থান।
গঙ্গাৰাম। এই পিলিকা লৰাখনে দুপাত আইন মুখস্থ কৰি
উকিল হৈ আহি পৃথিবীখন কুটাগছ যেন দেখিছে। আমি
ডাঢ়ি চুলি পকালোঁ, আমাক মানুহ যেনকে নেদেখে।
অধৰমী ! গর্ভ ⸻! [ ১৭ ]
তিতাৰাম। হয় দেউতা, হয় দেউতা! এইখন ভচ্ ম হব
দেউতা। বিদা বুধি মান মর্যাতেৰে এইখন কোনাে কালে
দেউতাৰ ওচৰ চাপিব নােৱাৰে।
সরুৰাম। অ, ডাঙৰীয়া, আমাৰ দেশৰ সেই ৰঘুৰাম বরুৱা
কালি ইয়ালৈ আহিছে। সভা এখন পাতি তেওঁক জল-
পানপাতি এটা খুৱাই মান ধৰিব লাগিল। তালৈকে আমি
পঁচা তুলিবৰ কাৰবাৰ কৰিছোঁহঁক। আপােনাৰ ওচৰ-
লৈকো আজি গধূলি বিশ্বেশ্বৰেৰে সৈতে মই আহিম।
আপুনি আমাৰ দেশৰ মুখিয়াল শ্রেষ্ঠ লােক; আপুনি
কাৰ্য্যটো ভালকৈ সম্পাদন কৰাব লাগে।
তিতাৰাম। ৰঘুৰাম বরুৱাই নো কত কি “কিল্লা ফতে” কৰি
আহিল যে তেওঁক সবাহ পাতি জলপান খুৱাব লগা হল ?
গঙ্গাৰাম। একে। “কিল্লা ফতে” কৰা নাই। বিদেশত আসামৰ
নামটোহে ফটাই আহিছে হেনো। কিয়, তুমি জানো
তাৰ মাত শুনা নাই ?
তিতাৰাম। নাই শুনা দেউতা, নাই শুনা। আজিকালি বয়স
হৈ মােৰ কাণ দুখন অলপ গধুৰ হৈছে। তেওঁ কি কৰিলে
কওকচোন, শুনােৱেই ?
গঙ্গাৰাম। আমাৰ বৰাই কওক শুনা।
তিতাৰাম। বৰা ডাঙৰীয়া, কওকচোন কওক, আমিও শুনি
থওঁ, শুনি এই ছাল-ছিগাৰাে জীৱনটো সার্থক হওক। [ ১৮ ] সরুৰাম। তুমি নাই শুনা যদি নুশুনাই ভাল ; কাৰণ, তােমাৰ
কাণৰ হে যি গতি হৈছে বুলি তুমি কৈছা, এতিয়াও যে
তুমি শুনিবা সেইটো মোৰ বিশ্বাস নহয়।
গঙ্গাৰাম। তেন্তে শুনা মইয়ে কওঁ। তেওঁ দিল্লীৰ বাদস্যাহৰ
সভালৈ আমাৰ দেশৰ প্রতিনিধি সভ্য হৈ গৈছিল। তাত
তেওঁ কি কৰিলে, কেনেকৈ আমাৰ দেশৰ বৰ হিলৈটোৰে
কেইজাঁই মাৰিলে মই কব নােৱাৰোঁ ; তােমাৰ বৰাইহে
সেইটো জানে । অৱশ্যে হিলৈৰ মাত শুনাসকলে তেওঁৰ
মান ধৰে, তেওঁক লৈ বৰসভাহ গায়, হুচৰি গায়, গাব
পাৰে ; সেইটো বেয়া নহয় ; আৰু সেই কাৰ্য্যত মােৰ
সহানুভূতি যে নাই এনেও নহয়; কিন্তু আমি বুঢ়া মানুহ,
আমাক বাদ দিলেই ভাল নহয় জানো ?
সরুৰাম। এইটো কি কথা ডাঙৰীয়া ? আপুনি নগলে আমাৰ
সভা হবই নােৱাৰে। আপুনি আমাৰ ভিতৰত বৰমূৰীয়া,
সৰ্ব্ব প্রকাৰে দেশৰ নায়ক, আপুনি সেই সভাত নাথাকিলে
সভাই বাজী হব।
তিতাৰাম। যদি সেইটো জানিছে, তেন্তে নো আমাৰ ডাঙৰীয়া
থাকোঁতে তেখেতক দিল্লীৰ বাদস্যাহৰ সভালৈ নপঠিয়াই
যাকে-তাকে আপােনাসকলে পঠিয়াইছিল কিয় ? আমাৰ
ডাঙৰীয়া নথকা দিল্লীৰ সভাখন নো বাজী নােহোৱাকৈ
সাৰিল কেনেকৈ ? এই কথাষাৰ দুখীয়াক বুজাই দিয়ক
চোন ? [ ১৯ ] গঙ্গাৰাম। থাকাঁ, থাকাঁ, তুমি মনে মনে থাকাঁ তিতাৰাম।
এতিয়া সেইবােৰ উজাৰি তর্ক-বিতর্ক কৰি কি লাভ ?
(সরুৰামলৈ চাই) বােলোঁ, মই নােহােৱাকৈও আজি
কালি তােমালােকৰ অনেক সভা সমিতি হৈ আছে ; মােক
নো কেলৈ ।
তিতাৰাম। (সরুৰামলৈ চাই ) অ আপােনাসকলে মুকুতা এৰি
শোকোতা চিনিছে । আপােনাসকলে আমাৰ ডাঙৰীয়া হেন
জ্ঞানৱন্ত মাইনৱন্ত লােকক আজিলৈকে নিচিনি খপ্ জপাই
ফুৰে। এতিয়া টানত পৰিলে আপােনাসকলক ডাঙৰীয়াক
লাগে। পইচা দিবৰ বেলিকা ডাঙৰীয়াৰ ভু! আমাৰ
দেশখন এইদৰেই তললৈ গল। সেইদেখিহে কথাতে কয়
বােলে “ভালেহে জানে ভালৰ মােল।”
গঙ্গাৰাম। তিতাৰাম, তুমি নো মনে মনে নাথাকা কিয় হেঁ?
তিতাৰাম। এনেবােৰ অইনাই কথা দেখি শুনি নো কেনেকৈ
মনে মনে থাকোঁ ডাঙৰীয়া? মােৰ জিভাই নামানে নহয়।
সেইদেখি কথাতে কয়—“হাৰ নাইকিয়া জিভা, মাতে
কিবা কিবা।”
সরুৰাম। নহয়, নহয়, ডাঙৰীয়া, আপুনি সভালৈ আহিব।
কাইলৈকে সভাখন পতা হৈছে। আপােনাত হে আমাৰ
সৰ্ব্বভাৰসা।
গঙ্গাৰাম। মােৰ গা ভাল নহয় ; বারু চেষ্টা কৰি চোৱা যাব। [ ২০ ] সরুৰাম। চেষ্টা কৰি চালে নহয়, আহিবই লাগিব।
[ সরুৰামৰ প্রস্থান।
গঙ্গাৰাম। তিতাৰাম, তুমিও যেনে। মােৰ এতিয়া কেচুৱা
লৰাৰ সবাহত হোৱা দিবৰ দিন আহিছে।
তিতাৰাম। আপুনি নাযাব দেউতা। আপােনাক দিল্লীলৈ
নপঠিয়াই এই উতনুৱাখনে যেনেকৈ অমর্যাত কৰিলে,
আপুনি নহলে নো সিহঁতে কেনেকৈ সবাই পাতে চাওঁ
ৱেইচোন।
হেমােৰাম। অ এটা কথা ডাঙৰীয়াক শােধোঁ বুলিছিলোঁ।
আজিকালি জনচেৰেক পঁড়িত ওলাইছে, তেওঁলোকৰ
মতে হেনাে উজনিৰ কাশীত চলি থকা সংস্কৃত ভাষাটো
অশুধ ;. ভাটীৰ কুমাৰিকা অন্তৰীপত চলা সংস্কৃতটোহে
শুধ; আৰু সেই মতে কাশীৰ সংস্কৃতটোও শুধ কৰিব
লাগে। ডাঙৰীয়াই কি কয় ?
তিতাৰাম। আমাৰ ডাঙৰীয়াই ইমানবিলাক সঙ্হকৃত্য পঢ়িলে
ডাঙৰীয়াই নাজানিবৰ কি কাৰণ আছে? কওকচোন
ডাঙৰীয়া কওক, এইটো নো আকৌ কি ঢৌ উঠিল।
গঙ্গাৰাম। এ তিতাৰাম, তুমি দেখিহে এইষাৰ কথাকে এনে-
কৈ কৈছা ; আজিকালিৰ অহঙ্কাৰী ডেকালৰাৰ আগত
আমাৰ কথাৰ মূল্যই নাই। সেইদেখি কোনো কথাতে
আমি নমতাই হলোঁ; যেয়ে যি কয় কৈ থাওক।
তিতাৰাম। নহয় ডাঙৰীয়া, সঙ্হকৃত্যৰ বিষয়ে ডাঙৰীয়াৰ [ ২১ ] মুখৰপৰা একেবাৰ ওলালে ভাল। সঙহ্কৃত্য আমাৰ
আগৰ ঋষি মুনি পঁড়িতসকলৰ মাত, দেওভাষা, সঙহ্কৃত্যৰ
ওপৰত মােৰ অচলা ভকতি এফেৰি আছে। আনে
যি কয় কওক, মােক নালাগে ; ডাঙৰীয়াৰ মুখৰ কথাষাৰ
শুনি থলে সেয়েই মােৰ হকে লাখ টকা। কওক ডাঙৰীয়া
কওক।
গঙ্গাৰাম। মই যদি কব লাগে, তেন্তে কওঁ শুনা। আজি
কালিৰ উজনিৰ সংস্কৃতও অশুধ, ভাটীৰ সংস্কৃত ও অশুধ।
শুধ সংস্কৃত আমাৰ দেউতাসকলৰ দিনতে গল। সেই
সংস্কৃত আমি শুনিবলৈ পাইছিলোঁ। ভাৰতবৰ্ষৰ আন ঠাইত,
কাশীতে বােলা বা নবদ্বীপতে বােলা, নাইবা মহীসুৰ বা
ত্রিবাঙ্কুৰতে বােলা, মহাপ্রভু ৰামানুজ স্বামীৰ দিনতে
সি অন্ত হল।
[ হেমোৰামৰ বিৰক্তভাৱে প্ৰস্থান।
এইখন (হেমােৰামৰ ফালে মূৰৰ ঠাৰ দি দেখুৱাই )
অহঙ্কাৰী ডেকা লৰা। এইখনেই আমাৰ দেশখন মাটি
কৰিলে।
তিতাৰাম। এ অচিৰতে ইহঁতো মাটি হব, ডাঙৰীয়াই চাই
থাকিব, এই ফেকুন্দা মুখেৰেই মই কলোঁ।
সুতুলি গােহাঁইদেওৰ প্ৰবেশ।
গঙ্গাৰাম। গােহাঁই দেও, আহক, আহক, বহক, বহক। কি
খবৰ ? শৰীৰৰ খবৰ কি ? কেনে আছে ? [ ২২ ]
সুতুলি গােহাঁই। শৰীৰৰ খবৰ নো কি শুধিব কি কম ; গা
বৰ বেয়া ; ভোক নালাগে, খাব নােৱাৰোঁ। পুৱা মাটি
কাঁদুৰীৰ জোল এটোপাৰে কোনােমতে হেচি ঠেলি টেমিৰ
মূৰেৰে এটেমি ভাত পেটৰ ভিতৰলৈ সুমাওঁ ; গধূলি এটোপা
চাগুদানা ; এয়ে মােৰ আহাৰ। পগােৱা এৱাঁগাখীৰ
বাটিয়ে বাটিয়ে পৰি থাকে, তালৈ চকু দিবৰ মন নাযায় ;
মেকুৰী কুকুৰ চাকৰ-নাকৰেহে সেইবােৰ খায়। আরু নাে
মােৰ গাৰ অৱস্থা কি শােধে ডাঙৰীয়া!
গঙ্গাৰাম। হয়, হয়, মই বুজিছোঁ, মােক আৰু কব নেলাগে।
তিতাৰাম। (গঙ্গাৰামলৈ চাই) ডাঙৰীয়া, গােহাঁই ডাঙৰীয়াৰ
নাে নৰীয়াটো কি ? অনাহাৰত উখহা নে কি ? তেখেতক
দেখোন সিদিনাতকৈয়াে আজি অলপ থুলন্তৰ যেন হে
দেখিছোঁ। অৱশ্যে বুজিছোঁ যে নৰীয়াৰ নিমিত্তেহে তেনে
হৈছে। (গোহাঁইলৈ চাই ) ডাঙৰীয়াই নো ইমান ঘামত,
গােটেইটো গাত ইমানকৈ নােমৰ কপােৰ মেৰাই থৈছে
কেনেকৈ ? জহ লগা নাই নে ?
গোহাঁই। গৰম লাগিবলৈ হে তো পিন্ধিছোঁ। গাত বিষ,
ককালত বিষ, দেইদেখি নােমৰ চোলা কাপােৰ নহলে ফট্
কৰে ঠাণ্ডা লাগি পৰে। একেই মােৰ চিৰরুগীয়া শৰীৰ,
তাৰ ওপৰতে ঠাণ্ডা লাগি কাহ কফ হলে, আরু মোক নৈৰ
বালিৰ টুপত পুৰিবলৈ হে লৈ যাব লাগিব।
গঙ্গাৰাম। সঁচা, সঁচা, মই দেখিছোঁ, বুজিছোঁ। [ ২৩ ] তিতাৰাম। মইও এতিয়া ভালকৈ বুজিছোঁ, গােহাঁই ডাঙৰীয়াৰ
কিবা ফুলা বেমাৰ। এই নৰীয়াত গাটো উখহি যায়,
পেটটো ওলমি পৰে, গাল দুখনত মঙহ হয়, থুঁতৰিটো
দুভাগ হৈ পৰে।
গোহাঁই। (তিতাৰামলৈ চাই) তুমি নো মােক ফুলা দেখিছা
কেনেকৈ মই কব নােৱাৰোঁ। মই দেখােন দিনে দিনে
শুকাই খীণাই গৈছোঁ বুলিহে সকলােৱে কয় । এতিয়াই
জহৰ্ মল বাবুৰ তালৈ গৈছিলোঁ, তেওঁ দেখােন মোক দেখি
কলে, যে মােৰ শৰীৰৰ অৱস্থা বৰ খাৰাপ।
গঙ্গাৰাম। হয়, হয়, মইও দেখিছোঁ বৰ খাৰাপ। এ আপুনি
ডাঙৰ মানুহ দেখি হে মুঠিয়ে মুঠিয়ে ধন ভাঙি দৰব-জাতি
খাই, কাতি হৈ নপৰাকৈ কোনোমতে থিয় হৈ আছে;
সামান্য মানুহ হােৱা হলে কোনােবা-কেতিয়াবাই তাৰ
কিবা হলহেঁতেন। তিতাৰাম লৰা মানুহ, নাজানে, সেই
দেখিহে বিবেচনা নকৰাকৈ কথা কয়।
গোহাঁই। এ মই এতিয়াই জহৰ্ মল বাবুক কৈ আহিছোঁ
বোলোঁ, আমাৰ দেশত কথাবার্ত্তা দ কৈ বুজি বিবেচনা
কৰি কোৱা মানুহ বুলিবলৈ মুঠেই দুজন,—এক গঙ্গাৰাম
বরুৱা ডাঙৰীয়া উকিল, আৰু এক তেওঁ। আনবােৰ
মানুহ-মুৱা হবলৈ ভালেখিনি বাকী। আরু হলে হয়।
অ জহৰ্ মল বাবুৰ গােলাত ভাটীৰপৰা সুন্দৰ গরুৰঘিউ
আহিছে, মােক দেখুৱাইছিল। চমৎকাৰ। আদমােন [ ২৪ ]
তিতাৰাম। মই সেইটো নাজানিছিলোঁ ডাঙৰীয়া। আজিৰ
পৰা তেওঁক মই বাটে-পথে লগ পালে কম যে তেওঁক
খৰি দিবৰ হলেই।
গঙ্গাৰাম। আকৌ বঢ়াবঢ়ি নকৰিবা; তেনে কৰিলে ৰং
কৰিছা বুলি বুজিব। এতিয়া হােৱাঁ, এই ছয় আনা পইচা
লৈ যােৱাঁ, এসেৰ সৰিয়হৰ তেল বজাৰৰপৰা কিনি লৈ
মােৰ ঘৰত দি যাবা। গােহাঁইদেউক দিব খোেজ। মধু
নাৰায়ণ তেল আজি ৰাতিৰ ভিতৰতে তৈয়াৰ কৰিব লাগিব৷
[ তিতাৰামে মিচিকীয়া হাঁহি মাৰি পইচা লৈ যায়]
তৃতীয় দর্শন।
চিকণপুৰ ৰজাৰ ৰাজসভা।
ৰজা, যুববাজ, মন্ত্রী, পাত্ৰ আৰু সভাসদসকল।
বৰবরুৱা বিচাৰ-আসনত।
বৰবরুৱা। (চিৰদ্দাৰক) আজি কেইটা গােচৰ আছে ?
চিৰদ্দাৰ। (গোচৰৰ নথি আগত দি) তিনটা।
বৰবরুৱা। প্রথমটোৰ গুচৰীয়া পদকীয়া হাজিৰ আছে নে ?
চিৰদ্দাৰ। হাজিৰ আছে। (টেকেলাক) মাত, গুচৰিয়ানী
বেটেউ কলিতানী। পদকীয়ানী কালীমণি কেওঁটনী।
টেকেলা। ( ৰিঙিয়াই ) গুচৰীয়া বেটেউ কলিতানী হাজিৰ !
গুচৰীয়া বেটেউ কলিতানী হাজিৰ !! পদকীয়া খালৈভাঙী
কেওঁটনী হাজিৰ !! পদকীয়া খালৈভাঙী কেওঁটনী
হাজিৰ !!
চিৰদ্দাৰ। খালৈভাঙী নহয়, কালীমণি। [ ২৬ ] টেকেলা। খালৈভাঙী নহয় কালীমণি হাজিৰ!
চিৰদ্দাৰ। (টেকেলাক ধম্ কি দি) তই গরু! মাত কালীমণি
পদকিয়ানী।
টেকেলা। খালিমণি পদকিয়ানী। খালিমণি পদকিয়ানী হাজিৰ!
খালিমণি !!!
বেটেউ আরু কালীমণিৰ প্রবেশ ।
চিৰদ্দাৰ। (টেকেলাক) গুচৰীয়ানীক হলফ দে।
[ গুচৰীয়ানীক হলফ দিয়া হয়।
বৰবরুৱা। তােৰ কি গোচৰ ক ?
বেটেউ। দেউতা, মােৰ চাৰি বছৰীয়া লৰাটো সেই ৰাইকহণীয়ে
(কালীমণিক দেখুৱায়) কাটিলে। (চকুৰ পানী টোকে।)
বৰবরুৱা। ক কেনেকৈ কাটিলে, আৰু কিয় কাটিলে ?
বেটেউ। আমি দুয়াে ওচৰচুবুৰীয়া। মােলৈ তাইৰ সদায়
আখেজ। মই ঘৰত নথকাত তাই লৰাটো তাইৰ ঘৰলৈ
ভুলাই লৈ গৈ কাটি, মােৰ ঘৰত পেলাই থৈ গলহি।
দেউতা, তাইক হুকুম দিয়ক, তাই মােকো কাটক ; মোৰ
লৰাটো কাটিলে যেতিয়া মােকো কাটক ; মই নো আরু
জীয়াই থাকি কি হব। (চকুৰ পানী টোকে)।
বৰবরুৱা। (কালিমণিক) তই এইৰ লৰাটো কাটিছিলি নে ?
কালীমণি। দেউতা, গোসাঁই সাখী। মই এনে মহাপাপৰ
কাম কেতিয়াও নাই কৰা ; কেতিয়াও কৰিব নোৱাৰোঁ [ ২৭ ]
দেউতা। তাই মিছাকৈ মােৰ গাত এই বদ্ নাম দিছে।
দেউতা মই নো কি কম, তাইৰ স্বভাৱ ভাল নহয় ; তাই
মদ ভাং ফটিকা খাই ফুৰে; সেইদেখি আমাৰ গাৱঁৰ
কোনেও তাইক দেখিব নােৱাঁৰে। মােৰ তাই ওচৰচুবুৰীয়া
বাবে, তাইৰ বেয়া স্বভাৱ দেখি মই মাজেসময়ে তাইক
গালি-শপনি পাৰোঁ; সেইদেখিয়েই তাই মােক ভাল নাপায় ;
নহলে তাইৰে সৈতে মােৰ আন কোনো আখেজা-আখেজি
নাই। দেউতা, ধৰম কথা কৈছোঁ, মোৰ মনত খেলাইছে,
— তায়েই কিজানি ৰাগিৰ জালত মতলীয়া হৈ লৰাটো
কাটিলে; এতিয়া তাইৰ গাত জগৰ পৰে বুলি তাই এই
ফিকিৰ কৰি বেটীৰ গাত দোষ পেলাই গা সরুৱাব
খুজিছে।
বৰবরুৱা। (অনেক পৰ ভাবি, গুচৰীয়ানী আৰু পদকিয়ানী
দুইলৈকো চাই) হেৰ শুন ;—তহঁতৰ যিজনীয়েই এই সভাত
উলঙ্গ হৈ নাচিব পাৰিবি, তাইকে মই নির্দোষী বুলি খালাচ
দিম। আৰু যিজনীয়ে সেইদৰে নাচিব নােৱাৰিবি, তাইক
জগৰীয়া বুলি বুজি কাটিবলৈ হুকুম দিম। থিৰাং কথা।
কালীমণি। (হাতযােৰ কৈ) দেউতা, বেটীক ছােৱাছােৱাকৈ
কাটিলেও বেটীয়ে তেনে কাম কৰিব নোৱাৰে।
বেটেউ। দেউতা ৰজাৰ সভাত হাকিম। সৰ্গদেৱো আগতে।
সৰ্গদেৱৰ হুকুমত জোন বেলি সাত সাগৰ ঘূৰিব লাগিছে ।
আমি নো কোন কুটা এতেকে, ৰজাৰ হুকুম দেউতাৰ [ ২৮ ] হুকুম পেলাবৰ মােৰ সাইধ কি। দেউতাই হুকুম দিলে
বেটীয়ে নাচিবই লাগিব। মােৰ লৰাই গল, আরু নো
মােৰ কি লাজ-চৰম আছে !
বৰবরুৱা। টেকেলা! এই গুচৰীয়ানীক হাত-কেৰেয়া দি লৈ
যা, পােতাশালত থ গৈ। তাইৰ গােচৰ মিছা। তাই
নিজেই তাইৰ লৰা কাটিছে। তাই মিছা গােচৰ কৰা
বাবে, আৰু পুতেকক কটা বাবে পিছত তাইৰ শোধ হব।
চিৰদ্দাৰ, ইয়াৰ পিছৰ গােচৰ কি ?
চিৰদ্দাৰ। (টেকেলাক ) মাত, ৰঙাই কোচ ফৰিয়াদি। খুদমন
কেওঁট আচামী।
টেকেলা। ( ৰিঙিয়াই ) খুদমন কেওট ফৰিয়াজি হাজিৰ !
চিৰদ্দাৰ। খুদমন নহয়, ৰঙাই কোচ ফৰিয়াদি।
টেকেলা। খুদমন নহয়, ৰঙাই কোচ ফৰিয়াজি হাজিৰ ! খুদ
মন নহয় ৰঙাই কোচ ফৰিয়াজি হাজিৰ ! খুদমন! খুদমন
নহয় ৰঙাই কোচ ফৰিয়াজি হাজিৰ !!!
চিৰদ্দাৰ। আচামীক মাত।
টেকেলা। ( ৰিঙিয়াই) আচামী হাজিৰ । আচামী হাজিৰ !
চিৰদ্দাৰ। (টেকেলাক বৰকৈ ডবিয়াই ) তই বৰ গরু। এনে
কৰিলে তােক বৰখাস্ত কৰিব লাগিব।
টেকেলা। দেউতা, নামটো আকৌ কৈ দিয়ক, বন্দীয়ে পাহ-
ৰিলোঁ৷
চিৰদ্দাৰ। খুদমন আচামী। [ ২৯ ]
টেকেলা। খুদমন আচামী হাজিৰ। খুদমন! খুদমন আচামী
হাজিৰ !!
খুদ্ মনৰ প্ৰবেশ।
চিৰদ্দাৰ। (টেকেলাক ) ফৰিয়াদিক হলফ দে।
[ ৰঙাইক হলফ দিয়ে।
বৰবরুৱা। (ৰঙাইক) তােৰ কি গােচৰ ক ?
ৰঙাই। (হাতযোৰকৈ ) দেউতা, আজি তিনি মাহ হল ;
সৌ সি (খুদমনক) মােৰপৰা একুৰি রূপ ধাৰলৈ নিছিল।
এতিয়া তাক ধাৰ সাধিলত, সি সেই রূপ কুৰি নাই নিয়া
বুলি মিছা মাতিছে।
বৰবরুৱা। তোৰ সাক্ষী আছে নে ?
ৰঙাই। মােৰ সাক্ষী কোনাে নাই দেউতা। পথাৰৰ মাজৰ
বৰগছ এজোপাৰ তলতে বহি মই তাক রূপ কুৰি দিছিলোঁ।
সি মােক বৰকৈ কাওবাও কৰি ধৰিছিল যে, সি রূপ
ধাৰে নিয়া কথাটো কোনেও জানিব নালাগে,
জানিলে সি গঞামানুহৰ আগত লাজ পাব, কাৰণ, গাৱঁত
তাক সকলোৱে ধন-বিত থকা চহকী মানুহ বুলি জানে,
এতিয়া তাৰ অৱস্থা বেয়া হৈ ধাৰ লাগিছে বুলি জানিলে তাক
আৰু কোনেও বিশ্বাস নকৰিব। মইও দেউতা, “হােলাৰ
ভাই মােলা” সেই কথাকে পতিয়াই, সাখী এটাকো— [ ৩০ ] নৰখাকৈ তাক রুপ কুৰি দি ফাকিত পৰিলোঁ। এতিয়া
সি মিছা মাতি মােক বিবুধিত পেলাইছে, দেউতা ঈষ্পৰ !
বৰবরুৱা। (খুদমনক) তই ইয়াৰপৰা একুৰি রুপ ধাৰে
নিছিলি নে ?
খুদমন। গােটেই মিছা কথা দেউতা। মই কেতিয়াও লোৱা
নাই। সেই ছাল-ছিগা ভিকহুৰ কি টকা আছে যে সি
মােক ধাৰলৈ দিব ? মােক আমাৰ গাৱঁত চহকী মানুহ বুলি
সকলোৱে জানে দেউতা। মই তাৰপৰা রূপ ধাৰে লবলৈ
মোৰ কি হৈছে ? সি মিছাকৈয়ে ভাঁড়ি মােৰপৰা পাৰে যদি
একুৰি রূপ সৰকাবলৈ কাৰবাৰ কৰিছে ; অচলা কথা
এইটো দেউতা।
বৰবরুৱা। (কিছুমান বেলি ভাবি) চিৰদ্দাৰ, তুমি এখন পৰণা
লেখাঁ, সেই পথাৰৰ মাজৰ গছজোপাক তলপ কৰি।
[ চিৰদ্দাৰে পৰণা লেখি দিয়ে।
(ফৰিয়াদিলৈ চাই ) হোঁ তই এই পৰণাখন লৈ যা ; তই
যিজোপা গছৰ তলত বহি ইয়াক ধন ধাৰে দিছিলি বুলি কৈছ,
সেই গছজোপাক এই পৰণাখন দেখুৱাই ক গৈ যে এতিয়াই
সি মােৰ ওচৰলৈ সাক্ষী কবলৈ আহিব লাগে। লগতে
মােৰ এই টেকেলাকো লৈ যা।
ৰঙাই। (আচৰিত মানি) গছজোপা কেনেকৈ আহিব দেউতা !
দেউতাই এই দুখীয়া বন্দীক কিবা ঠেটা কৰিছে হবলা। [ ৩১ ] দেউতা, মই বৰ দুখীয়া। অনেক দুখ কৰি রুপ কুৰি
গােটাইছিলোঁ; সৌ অধৰমীয়ে মােক “বান্ধ” বুলি মাতিছিল,
মইও তাক “বান্ধ” বুলিছিলোঁ। সেইদেখি, তাৰ মস্কিল হৈছে
বুলি শুনিহে তাক মােৰ দুখৰ বিত রূপ কুৰি উলিয়াই
দিছিলোঁ। অন্তত সি মােক এইদৰে চৌঠেঙীয়া কৰিব বুলি
সমাজিকতো ভবা নাছিলোঁ দেউতা।
বৰবরুৱা। মই ঠাট্টা নাই কৰা। তই পৰণাখন লৈ যা!
ৰজাৰ পৰণা পালে গছ নাহি নােৱাৰে।
[ ৰঙায়ে পৰণাখন লৈ যায়। লগতে
টেকেলাও যায়।
( কিছুমান বেলিৰ মূৰত খুদমনলৈ চাই) হেৰ ৰঙাই গছ-
জোপাৰ গুৰি পালে গৈ নে চাগৈ ?
খুদমন। নাই পােৱাগৈ দেউতা; এতিয়াই পাবগৈ নে ? আৰু
কিছুমান বেলি লাগিব।
ভালেখিনি বেলিৰ মূৰত টেকেলাৰে
সৈতে ৰঙাইৰ পুনৰ প্রবেশ।
ৰঙাই। দেউতা, গছক পৰণা দেখুৱালত গছে একো নামা-
তিলে ; আমাৰ লগত নাহিলেও। দেউতাৰ টেকেলা
লগতে আছিল, টেকেলাক শোধক দেউতাই। বারূ কিয়
নাে আহিব দেউতা? গছে জানো কথা কব বা আহিব [ ৩২ ] পাৰে ? দেউতাই দুখীয়া বন্দীৰে সৈতে তামােচা হে
কৰিলে হবলা।
বৰবরুৱা। নাই কৰা তামােচা। তহঁত মােৰ ওচৰ পােৱাৰ
আগতে গছে আহি মােক মনেমনে কৈ গলহি যে ধন
ধাৰে দিয়া সঁচা, সি দেখিছিল। তই গােচৰ জিকিলি।
আচমী খুদমনে তােক এতিয়াই যদি সুতে সৈতে রূপকুৰি
ওভােতাই নিদিয়ে, তেন্তে সি তিনি মাহ ফাটেক খাটিব
লাগিব ; আরু তাৰ ঘৰ-বাৰী বই-বস্তু কোৰোক কৰি বেচি
আদালতৰপৰা তােক টকা দিয়া যাব। চিৰদ্দাৰ আৰু কি
গাচৰ আছে?
চিৰদ্দাৰ। ধৰ্ম্মাৱতাৰ, চিকৰ্ পতি বৰচোৰৰ ওপৰত গোচৰ
এটা আছে। ফৰিয়াদি বেথাই হাজৰিকা।
গঙ্গাৰাম বরুৱা উকিল। মই চিকৰ্ পতিৰ ফালে আছোঁ।
হেমােৰাম হাজৰিকা উকিল। মই বেথাইৰ ফালে আছোঁ৷
গঙ্গাৰাম। মই ইয়াকে কওঁ যে এই গােচৰ সমূলি মিছা। মােৰ
মক্কেলক অপমান আৰু লটিঘটি কাৰিবলৈ ফৰিয়াদিয়ে আন
আন দুষ্ট মানুহেৰে সৈতে চক্রান্ত কৰি এই মিথ্যা অভিযোগ
কৰিছে।
হেমােৰাম। ধৰ্ম্মাৱতাৰ, গোচৰ সম্পূর্ণ সঁচা। তলৰ আদালতত
গােচৰ সম্পূর্ণ প্রমাণ হৈ গৈছে, ধৰ্ম্মাৱতাৰে নথি তলপ কৰি
চাওক।
গঙ্গাৰাম। নথি তলপ কৰিব নালাগে ধৰ্ম্মাৱতাৰৰ আগতে [ ৩৩ ] আছে। গোচৰ তলৰ আদালতত এচুলি মানো প্রমাণ
হােৱা নাই। (হেমােৰামলৈ চাই চকু পকাই) তুমি
মিথ্যাবাদী।
হেমােৰাম। (গঙ্গাৰামলৈ সেইদৰে চাই) তুমি হে মিথ্যাবাদী,
মই নহওঁ।
গঙ্গাৰাম। দিনৌ মিছা মকৰ্দ্দমা সজা ব্যৱসায় তােমাৰ হে,
মোৰ নহয়।
হেমােৰাম। (হাকিমলৈ চাই) আদালতৰ ওচৰত মই প্রার্থনা
কৰিছোঁ, মােক এই মিছলীয়া ভেম্-চিং উকিলৰ গালিৰপৰা
ৰাখক। আদালতৰ আগতে এওঁ এইদৰে মােক গালি
পাৰিবৰ এওঁৰ কি অধিকাৰ আছে ? এওঁ দাঢ়ি চুলি পকালে
বুলিয়েই আমাক গালি পাৰিবৰ ক্ষমতা পালে নে কি ?
গাধ জানাে বুঢ়া নহয় ?
গঙ্গাৰাম। (আদালতলৈ চাই ) হজুৰ, এই অসভ্য অহঙ্কাৰী
উদ্ধত উকিল তৰ-চেঙেলিয়ে মােৰ মানহানিজনক কথা কৈ
মােক গালি কিয় পাৰিব ? হজুৰে ইয়াৰ বিচাৰ কৰিব
লাগে।
বৰবরুৱা। আপোনাসকল দুয়ো ক্ষান্ত দিয়ক। আদালতৰ
আগত এনেবােৰ কব নাপায়। দুয়ােজনৰ দোষ।
যুবৰাজ। মই কিন্তু নামাতি থাকিব নােৱাৰিলোঁ, যে গঙ্গাৰাম
উকিলৰ নামে সদায় এনে ব্যৱহাৰৰ কথা শুনিবলৈ পােৱা
যায়। [ ৩৪ ]
ৰজা। মই দেখাত, গঙ্গাৰাম উকিলকো সরু সরু উকিলবোৰে
মিছাতে দিগ কৰি থাকিবলৈ নেৰে। মই এই গােচৰৰ
নথি পঢ়ি চাইছোঁ; ফৰিয়াদিৰ গোচৰৰ প্রমাণ নাই।
বৰবরুৱা। আচামী খালাচ।
[ সকলােৰে প্ৰস্থান।
চতুর্থ দর্শন।
ৰজাৰ তামুলীচৰা।
ৰজা আরু চিকৰপতি।
ৰজা। চিকৰপতি, সেয়া কি আনিছ ?
চিকৰপতি। স্বৰ্গদেৱ, বন্দীৰ বাৰীত দিগ্ যােৱা কল এথােকা
হৈছিল, পকা দেখি তাকে সৰ্গদেৱৰ ওচৰলৈ লৈ আহিলোঁ।
ৰজা। বেছ ! বেছ ! ভাল কৰিলি। কিন্তু তােৰ বাৰীত নে
কাৰ বাৰীত ?
চিকৰপতি। সৰ্গদেৱৰ ৰাজ্যৰ গােটেইবােৰ প্ৰজাৰ বাৰীয়েই,
সৰ্গদেৱৰ চৰণৰ ধূলিৰ পৰ্সাদত বন্দীৰ বাৰী; তাত নো কি
কথা আছে।
ৰজা। (হাঁহি) বেছ, বেছ, ভাল, ভাল। কিন্তু চিকৰপতি,
তই এইবাৰ ঠেকত পৰিছিলি, অলপতে হে সাৰিলি। যুবৰাজে
সিফালৰপৰা ভেটী খাই তোৰ বিপক্ষে পূৰ দি লাগিছিলেই ;
মই হে কথমপি সরুৱালোঁ। [ ৩৬ ]
চিকৰ্ পতি। সৰ্গদেৱৰ চৰণৰ ধূলিৰ পৰ্সাদত বন্দীৰ ভয় নই ;
বন্দীক কোনেও পেলাব নােৱাৰে।
ৰজা। বাৰু চিকৰপতি, তোক যে সকলোৱে বৰ চোৰ বোলে,
কতা মই দেখোন তাৰ একো চিন-মােকাম নেদেখিলোঁ?
চিকৰ্ পতি। বন্দীক আইগা দিলেই দেখুৱাব পাৰোঁ।
ৰজা। বারু তই মােৰ হাতৰ আঙুলিৰ এই চিৰীআঙঠিটো
যদি চুৰ কৰি নিব পাৰ, তেন্তে হে তােৰ কেৰামতালি বুজিম,
তেহে তােক বৰ চোৰৰ খিতাপ দিম ; নহলে তােক বৰ
চোৰ ভাঙিম।
চিকৰপতি। সৰ্গদেৱৰ আইগা পালে, আজি ৰাতিয়েই সেই
কাম কৰিব পাৰোঁ।
ৰজা। বারু আজ্ঞা দিলোঁ। তােৰ কেৰামতিটোকে চাওঁ।
চিকৰপতি। (সেৱা কৰি) বন্দীয়ে সৰ্গদেৱৰ আইগা পালিম।
[ চিকৰপতিৰ প্রস্থান।
ৰজা। (কোটোৱালক মতাই আনি) কোটোৱাল, আজি
ৰাতি সাৱধানে মােৰ হাউলি পহৰা দিয়াবি ; চোৰ আহিবৰ
সম্ভৱ।
কোটোৱাল। যি আদেশ মহাৰাজ।
[ প্ৰস্থান।
⸺
পঞ্চম দর্শন।
[ লিগিৰী ৰংদৈৰ ঘৰ।]
চিকৰপতিৰ গীত গাই প্রবেশ।
( গীত )
তাইৰে নাইৰে দা নি
না দেব তা না দে ৰে নুম্।
ৰংদৈক মই হে জানাে,
আন কাকো নাজানোং ॥
ৰংদৈ৷ বাঘে-খােৱা ! কি হল ? আজি দেখোন বৰ উছাহ!
কাৰবাৰ সৰ্ব্বনাশ কৰি আহিলি হবলা?
চিকৰ্ পতি। মােৰ সৰ্পনাশৰ হে ওচৰ চাপিছোঁ; আৰু সেই-
বাবেই এইটো উসাহ, এইটো নিসাহ। বোলোঁ, আজি
মই হামদৈ পথাৰৰ মাজেদি আহোঁতে ওৰে বাটে ভাবি
আহিছিলোঁ, মােৰ ভােগালী-ভোগদৈ ৰঙালী-ৰংদৈৰ পূৰ্ণিমাৰ [ ৩৮ ]
জোন যেন ৰঙা মুখখনিৰ কথা। ভাবি আহোঁতে আহোঁতে
ভাববােৰ কাইব হৈ গীত এটা হৈ ওলাল; তাৰে দুফাকি
গালোঁ, আৰু দুফাকি পেটতে আছে। ওলাবলৈ কোৰ্
কোৰাই আছে।
ৰংদৈ। কোৰ্ কোৰাই আছে যদি কেকোৰা হৈ ওলাব, দে
উলিয়ায় ; মই আঁতৰোঁ।
চিকৰ্ পতি। এৰা, নাতৰিলে সি মােৰ ৰংদৈৰ ৰঙা গালতে
চেপা মাৰি ধৰিব।
ৰংদৈ। ধৰে ধৰক, নাতৰোঁ যা।
চিকৰপতি। (ৰংদৈৰ গালত আঙুলিৰে ধৰি) তেন্তে এইয়া
ধৰিলে। ( গান গায়)।
ৰংদৈৰ গালখনি
লাহৰী সােণকণি,
মােৰ হে হাতে জানে,
আনৰ হাতে নাজানেং॥
ৰংদৈ। বাঘে-খােৱা । তোৰ কাণখনকো মােৰ হাতেহে জানে ;
ওচৰ চাপি আহ, দুইৰো ভালকৈ চিনা-জনা হওক।
[ চিকৰ্ পতিৰ কাণ মলে।
চিকৰ্ পতি। আরু মলা, আরু মলা, বেছ লাগিছে। সুত
লাগিছে!—আঃ কি মিঠা! কি সােৱাদ ! কি মৌ!—ইয়াৰ
পিছত ? [ ৩৯ ] ৰংদৈ। ইয়াৰ পিছত থিয়াকিল। কিন্তু সেইটো কাইলৈ হব ;
আজি বহাকিলৰ হে পাল। বহ। আজি পৰমাণ ৰান্ধি-
ছিলোঁ, তাৰে এটি আনি দিওঁ খা।
চিকৰ্ পতি। ৰবাঁ, ৰবাঁ, অলপ বিমৰিষ কৰি চাওঁ, তোমাৰ
কুলটো কি? মই হলে কলিতা মানুহ। তুমি কুলত
আহােমনী হবলা।
ৰংদৈ। (চিকৰপতিৰ পিঠিত ভুকু এটা মাৰি) বাঘে-খােৱা!
পাতত বহি কুলৰ বিচাৰ! তােৰ কুলটো যদি মােৰটোতকৈ
ওখ, এই একে ভুকুতে তাক নমাই আনি মােৰ কুলেৰে
সৈতে সমান কৰিলোঁ। এইখন হাতেৰেই কত ওখ কুলীয়া
বামুণ বিষয়াৰ ওখ কুল সমান কৰি পৰমাণ ৰান্ধি খুৱালোঁ
তাৰ লেখ-জোখ নাই, এতিয়া তােৰ কুলটোক হে বলে
নােৱাৰিম বুলি ভাবিছ হবলা ?
চিকৰ্ পতি। হওঁতে তােমাৰ হাতখনি যেনে বগা, তাৰে ৰন্ধা
পৰমাণ বগা আৰু সােৱাদ নহৈ নোৱাৰে। এই হাতৰ ভুকুৰ
পৰমাণেই মােৰ পিঠি গােটেইখন সুৱদি কৰিলে; মুখত
সেই পৰমাণ পৰিলে মুখখন মৌ-কোঁহ হবই দেখিছোঁ।
আনা, আনা, শীঘ্ৰে আনা বেলি নকৰিবা।
[ ৰংদৈয়ে এবাটি পৰমাণ আনি দিয়ে।
চিকৰপতিয়ে টকালি পৰি খায়।
ৰংদৈ। এতিয়া ক, এই সময়ত কিয় আহিলি ?
চিকৰ্ পতি। মােৰ ৰংদৈৰ মুখ-চন্দ্র চাবলৈ। [ ৪০ ] ৰংদৈ। আকৌ দুষ্টালি! আকৌ চুপতি! আৰু এভুকু লাগে
নে কি ?
চিকৰ্ পতি। পালে লাগে। মুখেৰে পৰমাণ খাওঁতে সিফালে
পিঠিৰ সােৱাদ উভি গল। আরু এভুকু দিবলৈ আইগা-
হওক।
ৰংদৈ। হৈছে আইগা। ন তেন্তে।
[ এভুকু মাৰে।
চিকৰপতি। আহা! টোফা! টোফা! সোৱাদ! সােৱাদ !
মিঠা! মিঠা! মৌ! মৌ! আকৌ এভুকু।
ৰংদৈ। গুচ বাঘে-খােৱা ! তােৰে সৈতে আরু মই চুপতি মাৰি,
থাকিব নােৱাৰোঁ। কি বতৰা ক ?
চিকৰপতি। তেনেহলে মােৰ ৰংদৈ হাৰিল। বারু তেন্তে
শুনা এতিয়া কওঁ,—বতৰা ডাঙৰটোৱেই ; সেইবাবেহে
তােমাৰ ওচৰলৈ আহিছোঁ। রজাই আজি মােৰ ইন্ টাহান
লব খুজিছে। তেখেতে কৈছে, তেখেতৰ হাতৰ চিৰী-
আঙঠিটো যদি আজি ৰাতি মই চুৰ কৰি আনিব পাৰোঁ,
তেহে হেনাে তেখেতে মােক বৰচোৰৰ খিতাপখন দিব ;
নহলে মোক বৰ্ কাচ কৰিব। মই আজি ৰাতিয়েই চিৰী-
আঙঠি চুৰ কৰিম বুলি কৈ আহিছোঁ। এতিয়া তুমি
মোক সহায় কৰিব লাগে; তোমাৰ সহায় নাপালে টান
হব। তুমি মােক, কোৱাঁচোন, ৰজাই শােৱনিঘৰত
কেনেকৈ শােৱে ? [ ৪১ ]
ৰংদৈ। চকুমুদি দীঘল দি ধোবাংজুৰি শােৱে।
চিকৰপতি। সেইটো জানাে। শুবলৈ গলে তেনে নকৰিলে
নচলেই, তেহেলৈ ৰজাই হওক বা প্ৰজাই হওক। মই
শুধিছোঁ, মাদৈ কোন ফালে আরু সৰ্গদেৱ কোন ফালে
শােৱে ? আরু ৰজাৰ আঠুৱা কেনেকৈ তৰা হয়?
ৰংদৈ। অ এই কথা? সৰ্গদেৱ সোঁফালে, আরু মাদৈ বাওঁ-
ফালে শােৱে। আঠুৱাখন গাৰ ওপৰত তৰে, আরু তাৰ
তলত দুয়াে শুই নাক ডকায়।
চিকৰ্ পতি। মােৰ ৰংদৈয়ে কথাত ৰং নিদিয়াকৈ নকয়েই।
মই শুধিছোঁ, আঠুৱা দাঙিলে গম পাব নে?
ৰংদৈ। পাব তো। আঠুৱাৰ চালৰ ওপৰত এখন কাঁহীত
একাঁহী পানী থৈ দিয়া হয় ; আঠুৱা লৰিলেই কাঁহী লৰি
ৰজাৰ গাত পানী পৰিব, আরু পৰিলেই ৰজাই সাৰ পাব।
চিকৰ্ পতি। বুজিলোঁ; আরু মােক একো নালাগে। এতিয়া
ৰাঙলী-ৰংদৈ-ভােগালী-ভােগদৈ, তােমাৰ নিজৰ কথা কোৱাঁ?
তুমি কেনে আছা ?
ৰংদৈ। নকওঁ।
চিকৰ্ পতি। কিয় নােকোৱা ? এইটো খং নে কি ?
ৰংদৈ। খঙৰ পেহাক।
চিকৰ্ পতি। পেহীয়েক কলৈ গল ?
ৰংদৈ। মাকৰ ঘৰত বিহু খাবলৈ।
চিকৰ্ পতি। কেতিয়া উভতি আহিব ? [ ৪২ ] ৰংদৈ। বাট পদূলি শুকালে।
চিকৰ্ পতি। বাটপদূলি কেতিয়া শুকাব?
ৰংদৈ। মােক দিওঁ বুলি আজিলৈকে নিদি টুটুৱাই থকা কাণৰ
লােকপাৰজোৰ দিলে।
চিকৰ্ পতি। অ এই কথা ! তেনেহলে চোতাল ঘৰ সাৰিবৰ
মছিবৰ দিহা কৰা, কাইলৈকে তােমাৰ চিৰীমতী লােকাপাৰ
জুৰি আহি ওলাবহি।
ৰংদৈ। (মিচিকীয়াই হাঁহি মাৰি আদৰ কৰি) অ মােৰ চিকৰপতি,
চকৰপতি, সােণমণি, সােণকণি, গুপ্লিমণি, ধনমণি, কোট-
মণি, পােৱালমণি, আন কি মৰাগুটীয়া মণি !
চিকৰ্ পতি। বচ! এতিয়া চিকৰপতি বহুৎ ধনী। আজিলৈ
যাওঁহে। কাইলৈ লােকাপাৰৰে সৈতে চিকৰপতিৰ পুনৰ
প্রবেশ হব।
[ প্রস্থান।
ষষ্ঠ দর্শন।
[ ৰজাৰ হাউলিৰ সিংহদুৱাৰ ]
মথুৰাপাগ মাৰি, বৰচুৰিয়া, এঙাচোলা,
লংকেরু, গামখারু পিন্ধি চিকৰপতিৰ
প্রবেশ। লগত চিকৰপতিৰ বাপে-
কৰ কান্ধত চাকুলীভাৰ।
দুৱৰি। (চিকৰপতিক ৰজাৰ কোনােবা কুটুম ডাঙৰ লোক
ভাবি ত্ৰস্তভাৱে হাতযােৰকৈ) ডাঙৰীয়া আহক। ৰজাক
এতিয়া তামুলীচৰাতে পাব। সোনকালে যাওক। আরু
অলপ পলম হােৱাহেঁতেন কিজানি আজি লগকে ধৰিব
নোৱাৰিলেহেঁতেন; ৰজা শুবলৈ উঠি যাবৰ সময় হৈছেহি।
[ চিকৰপতিয়ে দুৱৰিৰ ফালে চাই, শলাগ দেখুৱাই দুৱৰিৰ
হাতত এটকা রুপ দি, চাকুলীভাৰেৰে সৈতে হাউলিৰ
ভিতৰলৈ সােমায় ; আৰু এঠাইত আঁতৰত এন্ধাৰত গছ
এজোপাৰ তলত চাকুলী ভাৰ থৈ সাজকাপােৰ সলাই, [ ৪৪ ]
কলা কাপােৰ পিন্ধি, সিন্ধিখনা চিপ্ ৰাং আরু নল এডাল
হাতত লৈ ৰজাৰ শােৱনি-ঘৰৰ ফালে যায়। বাপেকে গছৰ
তলতে এন্ধাৰত চকুলীভাৰেৰে সৈতে থাকে।
- * * *
(চিকৰপতি সেই গছৰ তললৈ উভতি আহে।)
চিকৰপতিৰ বাপেক। (চিকৰপতিক) বােপাই, হল নে কাৰ্য্য- সিদ্ধি ?
চিকৰপতি। হল পিতাই। সিন্ধিটো খানি ঘৰৰ ভিতৰলৈ
সোমাই গৈ, নলডালেৰে কাঁহীৰ পানীবােৰ শুহি খাই
থলোঁ। তাৰ পিছত আঠুৱা দাঙি লাহেকৈ ৰজাৰ আঙুলিৰ
পৰা চিৰী-আঙঠিটো শােলােকাই আনিলোঁ। এইটো চা।
(আঙঠি দেখুৱায়)। দে এতিয়া সাজকাপোৰসােপা,
আগৰদৰে পিন্ধি ওলাই যাওঁহঁক। তই তােৰ ভাৰখন লৈ
আগৰদৰেই মােৰ পিছে পিছে আহি থাক।
[ চিকৰপতি বাপেকেৰে সৈতে আগৰদৰেই
হাউলিৰপৰা ওলাই যায়।
সপ্তম দর্শন।
[ ৰজাৰ তামুলীচৰা ]
ৰজা আরু চিকৰপতি।
ৰজা। ধইন, ধইন, চিকৰপতি তই ধইন ! তোক মই শলা-
গিলোঁ। তই ঠিক বৰচোৰৰ খিতাপ পাবৰ যােগ্য। মই
ইমান সাৱধান হৈও একো গম নাপালোঁ। তই যেনে
বুধি কৰি মােৰ হাউলিত সােমাই, সিন্ধি খানি ঘৰৰ ভিতৰত
সোমাই নলেৰে আঠুৱাৰ ওপৰৰ কাঁহীৰ পানী খাই, আঠুৱা
দাঙি মােৰ আঙুলিৰপৰা চিৰীআঙঠিটো নিলি মই তােৰ
মুখে শুনি অবাক হৈছোঁ। তােৰ নিশ্চয় বাহাদুৰী আছে।
চিকৰপতি। সর্গদেবৰ চৰণৰ ধূলিৰ বলত হে মাথােন। মােৰ
কি যহ আছে ?
ৰজা। শুন চিকৰপতি, মই তােক এটা কথাৰ ভাৰসা কৰিব
খুজিছোঁ। মােৰ ছােৱালীজনী বিয়া দিবৰ হল। অজি-
লৈকে এটা ভাল ৰাজকোৱঁৰ নাপালোঁ। বিয়া কৰাওঁতা
বহুত ওলায়, কিন্তু মােৰ আইদেৱৰ যােগ্য কাকো নেদেখোঁ।
তই কিবা এটা বুধি কৰি মােক ভাল ৰজাৰ লৰা এটি আনি [ ৪৬ ]
দিব পাৰিবি নে ? যদি পাৰ, বৰ কথা হয়। তই মোৰ
এই কাৰ্য্য সিদ্ধি কৰি দিব পাৰিলে তােক মই ভালকৈ বঁটা
পিন্ধাম। তােৰ গােফত সােণৰ বৰৈ আৰি দিম।
চিকৰপতি। (আঠু লৈ) সৰ্গদেৱৰ চৰণৰ ধূলিৰ পৰ্সাদত
বন্দীয়ে আনি দিম। তিনি মাহৰ ভিতৰতে বন্দীয়ে আই.
দেওলৈ সােণৰ সােলেং যেন ৰজাৰ কোৱঁৰ এটি আনি
সর্গদেৱৰ আগত দি, সৰ্গদেৱৰপৰা বক্ চি লম। ভাটীৰ
ডিঙানগৰৰ ৰজাটিৰ বয়স কম, আরু বৰ শুৱনি আরু ভাল
বুলি শুনিছোঁ; এতিয়ালৈকে তেওঁ হেনো বিয়াবারুও
কৰােৱা নাই। তেৱেঁই আমাৰ আইদেৱৰ যুইগ দৰা হব।
সর্গদেৱে মােক বৰকলি সরুকলি এই নাও দুখন সজাই দি
বই-বস্তু মানুহ-দুনুহেৰে তমস্কাৰ কৰি দিয়ক, মই ভটীয়াই
যাওঁ। তিনি মাহলৈ আরু সৰ্গদেৱে বন্দীৰ ভু নলব।
ৰজা। ভাল কথা। মই আজিয়েই দুইখন নাও সজাই
দিয়াম, কাইলৈ তই ভটীয়াই যাবলৈ ওলাবি।
চিকৰপতি। মােক সৰ্গদেৱ আৰু এটি বস্তু লাগিব। ডাঙৰকৈ
লােৰ ডিঙৰা এটা সজাই দিয়াওক।
ৰজা। বারু, আজিৰ ভিতৰতে মই সজাই দিয়াম।
চিকৰপতি। সর্গদেৱে বন্দীক এতিয়া বিদায় দিয়ক। কাইলে
আবেলিকৈ ঘাটত বৰকলি সরুকলি নাৱত বন্দী উঠিব।
[ প্রস্থান।
⸻⸻
অষ্টম দর্শন।
[ ডিঙা নগৰৰ ৰজাৰ ঘাট।]
চিকৰপতিয়ে ডাঙৰীয়া অহাদি আহি
ঘাটত বৰকলি সরুকলি নাও বান্ধিছে।
নিকৰ্ পতি বৰচোৰৰ প্রবেশ!
নিকৰ্ পতি। ( চিকৰপতিক) ডাঙৰীয়া, আপােনাসকল কৰ
মানুহ, কলৈ যায় ?
চিকৰপতি। আমি উজনিৰ চিকুণপুৰৰপৰা আহিছোঁ; তীর্থ
কৰিবলৈ যামহঁক। মই চিকুণপুৰৰ ৰজাৰ উজিৰ।
নিকৰ্ পতি। এই ঘাটত আপুনি নাও বান্ধি ভাল নকৰিলে
হবলা। ইয়াত বৰ অসুবিধা পাব। বিশেষত, এই ৰাজ্যত
নিকৰপতি নামে বৰ চোৰ এটা আছে; সি আপােনালােকৰ
গম পালেই, আজি ৰাতিয়েই আহি আপােনালােকৰ নাও
দুখন লুটিপুটি লৈ গুচি যাবহি। আপুনি আরু এটা পাক
ভটীয়াই গৈ মােৰ ঘাটত নাও দুখন বান্ধিলে ভাল । [ ৪৮ ] আপোনালোক বিদেশী মানুহ, মিছাতে লটিঘটিত পৰিব
দেখি মোৰ বেয়া লাগিছে। আরু তাৰ উপৰি আপোনা-
সকলৰ লটিঘটি হলে আমাৰ দেশৰো অখ্যাতি হব। ৰজাই
আমাৰ দেশৰপৰা এই অঘাইটং চোৰটো নেখেদায়ও, আরু
বিদেশী মানুহ আমাৰ দেশলৈ আহিলে নগুৰ্নাগতিত পৰে।
আপােনাসকলে কিন্তু আজি ৰাতি বৰ সাৱধানে থাকিব লাগিব।
অৱশ্যে মইও যি পাৰোঁ আপােনাসকলক সহায় কৰিম।
[ নিকৰ্ পতিৰ কথা পতিয়াই চিকৰ্ পতিয়ে
নাও ভটীয়াই লৈ গৈ নিকৰ্ পতিৰ ঘাটত,
বান্ধে। নিকৰ্ পতিও নাৱতে যায় ।
আরু এতিয়া ভয় নাই। আপােনাসকল পৰদেশী মানুহ, সেইদেখি মােৰ বৰ বেথা লাগিছে। মই আপােনা- সকলৰ সকলাে তদাৰকৰ ভাৰ ললোঁ, আরু ভয় নাই। এতিয়া বেলি ভালেখিনি হল ; আপােনাসকলে চাউল সিজাবলৈ গলে বৰ পলম হব, ভােকত গা ৰহিব; সেইদেখি মই মােৰ ঘৰৰপৰা দুখীৰ-দুখী-অৱস্থাৰে অলপ জলপানপাতি আনি দিওঁ, তাকে চুৰ্চুৰীকৈ খাই জিৰাই-শতাই লৈ লাহে. ধীৰে সিবেলাকৈ ভাত ৰান্ধিব।
[ চিকৰ্ পতিৰ প্ৰস্থান। কিছুমান বেলিৰ মূৰত
নিকৰপতিয়ে তাৰ ঘৰৰপৰা চিকৰপতিক জলপান
আনি দিয়ে ; আরু চিকৰপতিৰে সত্ বতাই মহা
মিত্ৰ হৈ পৰে।
নবম দর্শন।
নিকৰপতিৰ ঘাট। ৰাতি দুপৰ।
চিকৰ্ পতি বৰকলি নাৱৰ ধাপত নিমাত হৈ
বহি আছে। নিকৰ্ পতিয়ে লগত গােটা-
চেৰেক মানুহ লৈ আহি সরুকলি নাৱৰ
নাৱৰীয়াহঁতক হাত ভৰি বান্ধি
পেলাই থৈ বস্তুবােৰ লুটি
ভাৰ বান্ধি লৈ গৈছে।
চিকৰ্ পতি। (মনে মনে) অ এইটোৱেই নিকৰ্ পতি বৰচোৰ!
এতিয়া হে বুজিলোঁ। চোৰকে মােৰে পালে। চিকৰ্ পতিৰ
ওপৰতে ই টেকা মাৰিলে। ভাল, ভাল, বেছ, বেছ। বারু
দেখাই যাওক, কাৰ বুধি কিমান দীঘল।
[ চিকৰপতিয়ে লৰালৰিকৈ ভেশচন কৰি
নিকৰ্ পতিৰ নিচিনা হৈ, লগত গােটা-
চেৰেক নাৱৰীয়া লৈ ইয়াৰ কিছু পাছতে
নিকৰপতিৰ ঘৰৰ ফালে যায়।
দশম দর্শন।
নিকৰ্ পতিৰ ঘৰ। ৰাতি তিনিপৰীয়া।
চিকৰ্ পতি। (বাহিৰৰপৰা) শুনিছ নে ? বেগতে দুৱাৰ মেলি দে ৷
[ নিকৰ্ পতিৰ ঘৈণীয়েকে উঠি আহি
হাতত চাকি এটা লৈ দুৱাৰ মেলি দিয়ে।
নিকৰ্ পতিৰ ঘৈণীয়েক। এতিয়াই গৈছিলা, আকৌ এতিয়াই
আহিলা দেখােন! কি হল?
চিকৰ্ পতি। মই শুনি লৰালৰিকৈ আহিলোঁ,—সেই নাৱৰ
গৰাকীয়ে তেওঁৰ নাওখন মই লুটিপুটি অনাটো কেনেবাকৈ
জানি, পুৱাই ৰজাৰ আগত মােৰ নামে গােচৰ দিবলৈ ঠিক
কৰিছে। ৰজাৰ কোটাৱালে আমাৰ ঘৰত সেই বস্তুবােৰ
বিচাৰি পালে, সেইবােৰ যে নিবই, আমাৰবােৰা নিব ;
আরু মােক তো হাতকেৰেয়া দি ধৰি লৈ যাবই। সেই-
দেখি সেই বস্তুবােৰ আরু আমাৰবােৰও লৰালৰিকৈ [ ৫১ ]
উলিয়াই দে, এটাইবােৰ লৈ গৈ আন এঠাইত লুকাই
থও গৈ। দে, বেলি নকৰিবি, বেগেতে উলিয়াই দে।
[ নিকৰপতিৰ ঘৈণীয়েকে এটাইবােৰ বস্তু
উলিয়াই দিয়ে, আৰু চিকৰপতিয়ে সেই-
বােৰ লগৰ মানুহকেইটাৰ কান্ধত ভাৰ
বান্ধি দি নিজৰ নাৱৰ ফালে লৈ আহে।
নিকৰপতিৰ প্রবেশ।
নিকৰপতি। (বাহিৰৰপৰা) শুনিছ নে বােলোঁ, দুৱাৰখন মেলি দে।
ঘৈণীয়েক। আজি তোমাৰ হৈছে কি, আকৌ থিতাতে ওলা-
লাহি দেখােন? বস্তুবােৰ ভালকৈ লুকাই থোৱা হল নে?
নিকৰপতি। কি বস্তুবােৰ অ ?
ঘৈণীয়েক। এতিয়াই যে সেই চুৰ কৰি অনা বস্তুবােৰ, আরু
আমাৰ নিজৰবােৰও তুমি আন ঠাইত লুকাই থবলৈ লৈ
গৈছিলা।
নিকৰপতি। হেৰ কি কয় অ এইজনীয়ে ! মই কেতিয়া আহি
বস্তুবােৰ লৈ গলোঁহি ?
ঘৈণীয়েক। কেতিয়া লৈ গলাহি ? এতিয়াই লৈ গৈছিলা।
ভিতৰ সোমাই নোচোৱাঁহি কিয়, ঘৰত কুটা এগছো নাই।
[ নিকৰপতি ঘৰৰ ভিতৰলৈ সােমাই গৈ ঘৰ
উদং দেখি মুৰে-কপালে হাত দি বহে।
নিকৰপতি। হেৰ বুজিলোঁ। যি হব লগীয়া হল। চোৰকে
মােৰে পালে। এই চোৰে নিকৰপতিৰে কাণ কাটিলে।
একাদশ দর্শন।
ৰাতিপুৱা। নিকৰপতিৰ ঘাট।
চিকৰপতি বৰকলি নাৱৰ কুন্ধিত।
নিকৰপতিৰ প্রবেশ।
নিকৰপতি। (চিকৰপতিক) ককাই, তুমি কোন কোৱাঁ ?
তুমি মােৰ কাণ কাটিলা। তুমি মােতকৈও ডাঙৰ চোৰ।
তুমি নিশ্চয় ভেশচন কৰি আহিছা।
চিকৰপতি। মােৰ নামটো শুনিব খুজিছা যদি শুনা, কওঁ।
মোকে বােলে উজনিৰ চিকুণপুৰৰ বৰ চোৰ চিকৰপতি।
মই এটা বৰ সকামতহে ইয়ালৈ আহিছোঁ। তোমাক
পালোঁ ভালেই হল, মােৰ কাৰ্য্য সিধি হব। তুমি মােৰ
মহামিত্র। তােমাৰ বস্তুবােৰ সেই মােৰ সরুকলি নাৱতে
থৈছোঁ, লৈ যােৱাঁগৈ।
নিকৰপতি। বান্ধ, মই তােমাৰ হকে কি কৰিব লাগে কোৱাঁ,
সকলো কৰিম। আজিৰপৰা তুমি মোৰ বুকুৰ-বান্ধ হলা।
দেহে-কেহে মােক তুমি বান্ধ বুলি জানিবা।
চিকৰপতি। তেন্তে শুনা কওঁ, —আমাৰ ৰজাৰ এটি দিপ্ লিপ
কইনা আছে। কইনাটী বিয়া দিবৰ হল; কিন্তু ৰজাই বিচাৰি
ভাল দৰা পােৱা নাই ; সেইদেখি মােক ভাৰসা কৰি পঠিয়াই
দিলে, যাতে ভাল দৰা-লৰা এটি বিচাৰি ধৰি লৈ যাব [ ৫৩ ] পাৰোঁ। তােমালােকৰ ৰজাটি কোমল-বয়সীয়া আরু
শুৱনি বুলি মই শুনি তেওঁকে ধৰি লৈ গৈ আমাৰ ৰজাৰ
জীয়েকেৰে বিয়া দিব খুজিছোঁ। কিন্তু বান্ধ, তােমাৰ সহায়
নহলে মই অকলৈ এই কাম কৰিব নােৱাৰিম। তুমি
এতিয়া মােক কি বুধি দিয়া? তােমাতেহে মােৰ সৰ্ব্ব-
ভাৰসা।
নিকৰ্ পতি। (অলপ পৰ ভাবি) বান্ধ, এটা বুধি আছে ; সেই
বুধি কৰিলে আমাৰ ৰজাক তুমি ধৰি লৈ যাব পাৰিবা।
আমাৰ ৰজাই দুপৰীয়া ভাত খাবৰ সময়ত তেওঁৰ গাৰ
ৰাজ-অলঙ্কাৰপাতি, মূৰৰ মুকুট খহাই, সাজকাপোৰ শােলো-
কাই থৈ ভাত খাবলৈ যায়। সেই চেগতে যদি তুমি সেই
ৰাজ অলঙ্কাৰ, সাজকাপােৰ, আরু মূৰৰ মুকুট পিন্ধি ৰজাৰ
সিংহাসনত বহিব পাৰা, তেন্তে তুমি ৰজা হৈ হুকুম দি
তেতিয়াই ৰজাক বন্দী কৰি ধৰি লৈ যাব পাৰিবা।
চিকৰপতি। ঠিক বুধি ওলাইছে। আজি দুপৰীয়াই সেই
বুধিকে কৰি কাৰ্য্য সিধি কৰিব লাগিব।
নিকৰপতি। তেন্তে তুমি আজি দুপৰীয়া ৰজাৰ তামুলীচৰাৰ
দুৱাৰচুকত লুকাই থাকিবা ; মইও থাকিম। চেগ বুজি
মই ঠাৰ দিলেই, তুমি ততালিকে সেই কাম কৰিবা।
এতিয়া মই যাওঁহে। দুপৰীয়াকৈ তাত নিশ্চয় আমাৰ
দুইৰো দেখা হব।
[ প্রস্থান।
দ্বাদশ দর্শন।
ডিঙানগৰৰ ৰজাৰ বৰচৰা।
চিকৰপতি ৰাজঅলঙ্কাৰ আভৰণ আরু
কিৰীটি পিন্ধি সিংহাসনত।
চিকৰপতি। ( প্রচণ্ডভাৱে তৰােৱাল ঘূৰাই) মােৰ পাত্র মন্ত্রী
সভাসদসকল! তােমালােকে জানিবা, আজিৰপৰা মই এই
ডিঙা নগৰৰ ৰজা হলোঁ। আগৰ ৰজা ভাগিল। মােত
বাজে আন কোনাে ৰজা ইয়াত থাকিব নােৱাৰে। যি
আছে, তাক এতিয়াই ধৰি আনি লােৰ ডিঙৰাত সুমাই,
মােৰ ঘাটত থকা সরুকলি বৰকলি নাৱত ভৰাই দিব লাগে।
এতিয়াই ! এতিয়াই ! এই কথাৰ অন্যথা হলে, কাৰো
মূৰ নাথাকে। মন্ত্রী ! এতিয়াই মােৰ হুকুমমতে কাম হব,
লাগে। (বেগেৰে তৰােৱাল ঘূৰায়)।
[ মন্ত্রী পাত্ৰ সকলো বিচুৰ্ত্তি।
মন্ত্রী। (ভেবাচেকা খাই, হাতযােৰকৰি) মহাৰাজ! মহাৰাজ !
বন্দীয়ে এতিয়াই মহাৰাজৰ আদেশ পালন কৰিম।.
কোটোৱাল! মহাৰজাৰ হুকুম মতে এতিয়াই কাৰ্য্য কৰ।
[ পাত্র মন্ত্রী সভাসদ কোটোৱাল সকলােৱে
আগৰ ৰজাক বান্ধি আনি বৰকলি নাৱলৈ।
লৈ যায়। চিকৰপতিয়ে ৰাজঅলঙ্কাৰ ৰাজ
বেশ পৰিত্যাগ কৰি পিছে পিছে গৈ,
বৰকলি নাৱলৈ আহি তেতিয়াই নাও
মেলি দিয়ে৷
ত্রয়ােদশ দর্শন।
চিকুণপুৰ ৰজাৰ বৰচৰা।
দূত। (ৰজাৰ আগত আঠু লৈ) সৰ্গদেৱ ! চিকৰপতি বৰ
চোৰৰ বৰকলি সরুকলি নাও ঘাটত লাগিছেহি। আই-
দেৱলৈ দিপ্ লিপ ৰজাৰ কোৱঁৰ এটিও আনিছে।
ৰজা। (ৰং পাই) মন্ত্রী! তােমালােক সকলো সভাসদ গায়ন
বায়ন ঢুলীয়া খুলীয়াৰে সৈতে বাদ্যভণ্ড বজাই ঘাটলৈ যােৱাঁ;
মােৰ জোৱাঁইক নাৱৰপৰা তুলি আগবঢ়াই লৈ আহাঁগৈ।
শুনাই দিয়াঁ—মােৰ ৰাজ্যত আজি সকলােৱে আনন্দ কৰক।
কাইলৈ মোৰ আইদেৱৰ বিয়া হব।
চতুর্দ্দশ দর্শন।
চিকুণপুৰৰ ৰজাৰ অন্তঃপুৰ।
ৰজাৰ ন জোৱাঁয়েক, পাটমাদৈ আইদেৱ,
আরু ৰংদৈ লিগিৰী।
পাটমাদৈ। (জোৱাঁয়েকৰ মুখত আৰু পিঠিত হাত ফুৰাই )
মােৰ বােপাইৰ গাত এইবােৰ লােৰ ডিঙৰাৰ সাঁচ বহিল।
মোৰ বােপায়ে বৰ দুখ পালে দেহি !
ৰংদৈ। দুখ নকৰিলে জানাে মুখ ভৰে ? যতন নকৰিলে জানো
ৰতন মিলে ? দুখ নকৰাহেঁতেন জোৱাঁয়ে পূর্ণিমাৰ জোন
যেন আমাৰ আইদেওক পালেহেঁতেন কেনেকৈ ?
[ আইদেৱে লাজত মুখ ঢাকে।
জোৱাঁয়েক। সেইটো হয়। মােৰ ৰাজ্য ধন সম্পত্তি যদিও
সােপাই গল, তথাপি মই পােৱা ৰতনৰ মোল তাতকৈ
সৰহ।
[ আইদেৱ উঠি পলাব খােজে। ৰংদৈয়ে
আজুৰি ধৰি ৰখায়।
পেলােৱা হল।
আইদেও। যা এইজনী ! গুচ!
ৰংদৈ। মই কলৈ যাম ? জী জোৱাঁইক আগত লৈ মই ৰেহ-
রূপ চাই ৰং কৰিবলৈ আহিছোঁ, গুচি যাম কলৈ ? বিয়াৰ
দিনা লৰালৰি হল দেখি মই হেপাহ পলুৱাই জোৰানাম
আষাৰচেৰেক গাবলৈ নেপালোঁ; দেইদেখি এতিয়াই আষাৰ-
চেৰেক গাওঁ,—
“জয় লুইতৰ চপৰা।
জয় দৰাটো জপৰা ॥”
আইদেও। তই মনে মনে নাথাক নে ?
জোৱাঁই। নেলাগে মনে মনে থাকিব, কি গাব খুজিছে
গাওক ; মােৰ শুনি ভাল হে লাগিছে।
ৰংদৈ। “জয় বহি ফটা কথা সীয়ে হে ৰাম।”
আইদেও। তই এইবােৰ নাম গালে, মই ঠিক কৈছোঁ, ইয়াৰ
পৰা উঠি গুচি যাম।
ৰংদৈ। বাৰু এনে নাম নাগাওঁ দিয়া। ভাল নামকে গাওঁ—
“তুলিতে তলিচা,
বহিছে আইদেও,
শৰাইলে মেলিছে চুলি হে ৰাম ।
দহো আঙুলিয়ে,
ৰত্ন জ্বলিছে,
নেপুৰে ধৰিছে তুলি হে ৰাম ॥”
“সােণাৰিৰ শালতে,
দিনে টিকেটিকায়,
আইদেওৰ হাতলৈ খারু হে ৰাম ।
চিন্তা নকৰিবা,
আমাৰে আইদেও,
হবাগৈ আলাসৰ লারু হে ৰাম ”
“কেলেই কুটিলা,
চূমৈকৈ পচলা,
লােকে বাটি ভৰাই খাব হে ৰাম ।
কেলেই তুলিলা,
রূপহী আইদেওক,
লােকে বন কৰা খাব হে ৰাম ॥”
আইদেও। হৈছে আরু মনে মনে থাক।
ৰংদৈ। অ, বুজিছোঁ, দৰাৰ হৈও গাব লাগে।
“তুলসীৰ মালা লৈ,
যি যজ্ঞােত বহিছে,
সেইজনা মইনাৰ স্বামী হে ৰাম।
রূপ নাে কি চাবা,
গুণ নাে কি চাবা,
সাক্ষাততে অন্তর্য্যামী হে ৰাম ॥”
এতিয়া মােৰ কাণত লােকাপাৰ এজোৰ, ডিঙিত
কর্দ্দৈশিৰীয়া বিৰি, হাতত বাখৰপতোৱা খারু লাগে।
নহলে মই হেপাহ পলুৱাই জোৰা-নাম গাম।
মাদৈ। বারু মই সেইবােৰ তােক দিম। আইদেৱে বেয়া পায়
যেতিয়া জোৰানাম নাগাবি।
ৰংদৈ। অকল মোকে দিলে নহব।
আইদেও। অ বুজিছোঁ, বুজিছোঁ, চিকৰপতিকো দিব লাগিব।
[ ৰংদৈয়ে অলপ লাজৰ
ভাৱ দেখুৱায়।
মাদৈ। তােৰ চিকৰপতিক তো ৰজাই ধন বস্তুৰে পুতিলে ;
আরু কি দিব লাগে ? মুখখন বাকী আছিল, শুনিছোঁ,
গােফতো সােণৰ বৰৈ আৰি দিছে।
জোৱাঁয়েক : মই ৰজা হলে চিকৰপতিক মন্ত্রী পাতিম।
আইদেও। তেন্তে নো তােক আরু কি লাগিছে ? তই
মন্ত্রীয়নী হলিয়েই দেখােন। [ ৬০ ] ৰংদৈ। মই মন্তীনী হলোঁ যদি, জী জোৱাঁইক এজোলোকা
আশীৰ্ব্বাদকে দিওঁ :—
“চন্দ্রও চিকুণ এ,
সুরুযো চিকুণ এ,
চিকুণ সৰগৰে তৰা হে ৰাম ।
সবাতকৈ চিকুণে,
আমাৰে আইদেও,
দৰাৰ মন মুহিব পৰা হে ৰাম ॥
বাৰীও নহবি,
খাৰীও নহবি,
হবি স্বামী সুৱাগিনী হে ৰাম।
সাত আয়তীয়ে,
গাঁঠিয়ন খুন্দিছে,
উরুলি এজোকা দিয়ে হে ৰাম ॥”
[উরুলি দিয়ে।
আৰ-কাপােৰ।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।