দেউতা, মই বৰ দুখীয়া। অনেক দুখ কৰি রুপ কুৰি
গােটাইছিলোঁ; সৌ অধৰমীয়ে মােক “বান্ধ” বুলি মাতিছিল,
মইও তাক “বান্ধ” বুলিছিলোঁ। সেইদেখি, তাৰ মস্কিল হৈছে
বুলি শুনিহে তাক মােৰ দুখৰ বিত রূপ কুৰি উলিয়াই
দিছিলোঁ। অন্তত সি মােক এইদৰে চৌঠেঙীয়া কৰিব বুলি
সমাজিকতো ভবা নাছিলোঁ দেউতা।
বৰবরুৱা। মই ঠাট্টা নাই কৰা। তই পৰণাখন লৈ যা!
ৰজাৰ পৰণা পালে গছ নাহি নােৱাৰে।
[ ৰঙায়ে পৰণাখন লৈ যায়। লগতে
টেকেলাও যায়।
( কিছুমান বেলিৰ মূৰত খুদমনলৈ চাই) হেৰ ৰঙাই গছ-
জোপাৰ গুৰি পালে গৈ নে চাগৈ ?
খুদমন। নাই পােৱাগৈ দেউতা; এতিয়াই পাবগৈ নে ? আৰু
কিছুমান বেলি লাগিব।
ভালেখিনি বেলিৰ মূৰত টেকেলাৰে
সৈতে ৰঙাইৰ পুনৰ প্রবেশ।
ৰঙাই। দেউতা, গছক পৰণা দেখুৱালত গছে একো নামা-
তিলে ; আমাৰ লগত নাহিলেও। দেউতাৰ টেকেলা
লগতে আছিল, টেকেলাক শোধক দেউতাই। বারূ কিয়
নাে আহিব দেউতা? গছে জানো কথা কব বা আহিব