পৃষ্ঠা:চিকৰপতি নিকৰপতি.pdf/৪৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অষ্টম দর্শন।

[ ডিঙা নগৰৰ ৰজাৰ ঘাট।]
চিকৰপতিয়ে ডাঙৰীয়া অহাদি আহি
ঘাটত বৰকলি সরুকলি নাও বান্ধিছে।
নিকৰ্ পতি বৰচোৰৰ প্রবেশ!

নিকৰ্ পতি। ( চিকৰপতিক) ডাঙৰীয়া, আপােনাসকল কৰ
 মানুহ, কলৈ যায় ?

চিকৰপতি। আমি উজনিৰ চিকুণপুৰৰপৰা আহিছোঁ; তীর্থ
 কৰিবলৈ যামহঁক। মই চিকুণপুৰৰ ৰজাৰ উজিৰ।

নিকৰ্ পতি। এই ঘাটত আপুনি নাও বান্ধি ভাল নকৰিলে
 হবলা। ইয়াত বৰ অসুবিধা পাব। বিশেষত, এই ৰাজ্যত
 নিকৰপতি নামে বৰ চোৰ এটা আছে; সি আপােনালােকৰ
 গম পালেই, আজি ৰাতিয়েই আহি আপােনালােকৰ নাও
 দুখন লুটিপুটি লৈ গুচি যাবহি। আপুনি আরু এটা পাক
 ভটীয়াই গৈ মােৰ ঘাটত নাও দুখন বান্ধিলে ভাল ।