(গোচৰৰ ৰায়।)
ঘিণাৰাম। (মিনাৰামলৈ চাই) ই চুৰ কৰাৰ প্ৰমাণ নাই;
সেইদেখি ইয়াক খালাচ দিয়া যাওক।
মিনাৰাম। গোচৰ সম্পূর্ণ প্রমাণ হৈছে। আচামীক ফাটেক
দিব লাগে।
ঘিণাৰাম। প্রমাণ নাই, মই ফাটেক দিওঁ কেনেকৈ ?
মিনাৰাম। গুচৰীয়াই হলফ লৈ আদালতত কৈছে যেতিয়া
তাৰ ওপৰত আরু কি প্রমাণ লাগিছে ? আচামী তো নাম-
ফটা চোৰ। এনে চোৰক দণ্ড দিবলৈ আৰু প্ৰমাণ বিচাৰিব
লাগে নে ?
ঘিণাৰাম । আচামী নাম-ফটা চোৰ হব পাৰে; কিন্তু এই
গোচৰ হলে ফৰিয়াদীয়ে প্রমাণ কৰিব নােৱাৰিলে। সেই
দেখি মই আচামীক দণ্ড দিব নােৱাৰোঁ।
মিনাৰাম। মই হলে দণ্ড নিদি খালাচ দিব নােৱাৰোঁ। আরু
আপুনি দিলেও মই সেই ৰায়ত চহি দিব নােৱাৰোঁ।
ঘিণাৰাম। আপুনি চহি দিয়ক নিদিয়ক, মই হলে খালাচ দিম।
মিনাৰাম। মই হলে দণ্ড দিম। নহলে উঠিলোঁ।
[ মিনাৰাম হাকিম এজালাচৰপৰা উঠি
দুৱাৰমুখ পায় গৈ। পিছে পিছে
পেচ্ কাৰ যায়।
পেচকাৰ। ধৰ্ম্মৱতাৰ, আহক নাযাব। এজালাচৰপৰা এইদৰে
যােৱাটো ভাল নহয়।