পৃষ্ঠা:চিকৰপতি নিকৰপতি.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিকৰ্ পতি নিকৰ্ পতি৷

 মুখৰপৰা একেবাৰ ওলালে ভাল। সঙহ্কৃত্য আমাৰ
 আগৰ ঋষি মুনি পঁড়িতসকলৰ মাত, দেওভাষা, সঙহ্কৃত্যৰ
 ওপৰত মােৰ অচলা ভকতি এফেৰি আছে। আনে
 যি কয় কওক, মােক নালাগে ; ডাঙৰীয়াৰ মুখৰ কথাষাৰ
 শুনি থলে সেয়েই মােৰ হকে লাখ টকা। কওক ডাঙৰীয়া
 কওক।

গঙ্গাৰাম। মই যদি কব লাগে, তেন্তে কওঁ শুনা। আজি
 কালিৰ উজনিৰ সংস্কৃতও অশুধ, ভাটীৰ সংস্কৃত ও অশুধ।
 শুধ সংস্কৃত আমাৰ দেউতাসকলৰ দিনতে গল। সেই
 সংস্কৃত আমি শুনিবলৈ পাইছিলোঁ। ভাৰতবৰ্ষৰ আন ঠাইত,
 কাশীতে বােলা বা নবদ্বীপতে বােলা, নাইবা মহীসুৰ বা
 ত্রিবাঙ্কুৰতে বােলা, মহাপ্রভু ৰামানুজ স্বামীৰ দিনতে
 সি অন্ত হল।

[ হেমোৰামৰ বিৰক্তভাৱে প্ৰস্থান।

  এইখন (হেমােৰামৰ ফালে মূৰৰ ঠাৰ দি দেখুৱাই )
 অহঙ্কাৰী ডেকা লৰা। এইখনেই আমাৰ দেশখন মাটি
 কৰিলে।

তিতাৰাম। এ অচিৰতে ইহঁতো মাটি হব, ডাঙৰীয়াই চাই
 থাকিব, এই ফেকুন্দা মুখেৰেই মই কলোঁ।

সুতুলি গােহাঁইদেওৰ প্ৰবেশ।

গঙ্গাৰাম। গােহাঁই দেও, আহক, আহক, বহক, বহক। কি
 খবৰ ? শৰীৰৰ খবৰ কি ? কেনে আছে ?