নৰখাকৈ তাক রুপ কুৰি দি ফাকিত পৰিলোঁ। এতিয়া
সি মিছা মাতি মােক বিবুধিত পেলাইছে, দেউতা ঈষ্পৰ !
বৰবরুৱা। (খুদমনক) তই ইয়াৰপৰা একুৰি রুপ ধাৰে
নিছিলি নে ?
খুদমন। গােটেই মিছা কথা দেউতা। মই কেতিয়াও লোৱা
নাই। সেই ছাল-ছিগা ভিকহুৰ কি টকা আছে যে সি
মােক ধাৰলৈ দিব ? মােক আমাৰ গাৱঁত চহকী মানুহ বুলি
সকলোৱে জানে দেউতা। মই তাৰপৰা রূপ ধাৰে লবলৈ
মোৰ কি হৈছে ? সি মিছাকৈয়ে ভাঁড়ি মােৰপৰা পাৰে যদি
একুৰি রূপ সৰকাবলৈ কাৰবাৰ কৰিছে ; অচলা কথা
এইটো দেউতা।
বৰবরুৱা। (কিছুমান বেলি ভাবি) চিৰদ্দাৰ, তুমি এখন পৰণা
লেখাঁ, সেই পথাৰৰ মাজৰ গছজোপাক তলপ কৰি।
[ চিৰদ্দাৰে পৰণা লেখি দিয়ে।
(ফৰিয়াদিলৈ চাই ) হোঁ তই এই পৰণাখন লৈ যা ; তই
যিজোপা গছৰ তলত বহি ইয়াক ধন ধাৰে দিছিলি বুলি কৈছ,
সেই গছজোপাক এই পৰণাখন দেখুৱাই ক গৈ যে এতিয়াই
সি মােৰ ওচৰলৈ সাক্ষী কবলৈ আহিব লাগে। লগতে
মােৰ এই টেকেলাকো লৈ যা।
ৰঙাই। (আচৰিত মানি) গছজোপা কেনেকৈ আহিব দেউতা !
দেউতাই এই দুখীয়া বন্দীক কিবা ঠেটা কৰিছে হবলা।