পাৰে ? দেউতাই দুখীয়া বন্দীৰে সৈতে তামােচা হে
কৰিলে হবলা।
বৰবরুৱা। নাই কৰা তামােচা। তহঁত মােৰ ওচৰ পােৱাৰ
আগতে গছে আহি মােক মনেমনে কৈ গলহি যে ধন
ধাৰে দিয়া সঁচা, সি দেখিছিল। তই গােচৰ জিকিলি।
আচমী খুদমনে তােক এতিয়াই যদি সুতে সৈতে রূপকুৰি
ওভােতাই নিদিয়ে, তেন্তে সি তিনি মাহ ফাটেক খাটিব
লাগিব ; আরু তাৰ ঘৰ-বাৰী বই-বস্তু কোৰোক কৰি বেচি
আদালতৰপৰা তােক টকা দিয়া যাব। চিৰদ্দাৰ আৰু কি
গাচৰ আছে?
চিৰদ্দাৰ। ধৰ্ম্মাৱতাৰ, চিকৰ্ পতি বৰচোৰৰ ওপৰত গোচৰ
এটা আছে। ফৰিয়াদি বেথাই হাজৰিকা।
গঙ্গাৰাম বরুৱা উকিল। মই চিকৰ্ পতিৰ ফালে আছোঁ।
হেমােৰাম হাজৰিকা উকিল। মই বেথাইৰ ফালে আছোঁ৷
গঙ্গাৰাম। মই ইয়াকে কওঁ যে এই গােচৰ সমূলি মিছা। মােৰ
মক্কেলক অপমান আৰু লটিঘটি কাৰিবলৈ ফৰিয়াদিয়ে আন
আন দুষ্ট মানুহেৰে সৈতে চক্রান্ত কৰি এই মিথ্যা অভিযোগ
কৰিছে।
হেমােৰাম। ধৰ্ম্মাৱতাৰ, গোচৰ সম্পূর্ণ সঁচা। তলৰ আদালতত
গােচৰ সম্পূর্ণ প্রমাণ হৈ গৈছে, ধৰ্ম্মাৱতাৰে নথি তলপ কৰি
চাওক।
গঙ্গাৰাম। নথি তলপ কৰিব নালাগে ধৰ্ম্মাৱতাৰৰ আগতে