পৃষ্ঠা:চিকৰপতি নিকৰপতি.pdf/৪২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
 


ৰংদৈ। বাট পদূলি শুকালে।

চিকৰ্ পতি। বাটপদূলি কেতিয়া শুকাব?

ৰংদৈ। মােক দিওঁ বুলি আজিলৈকে নিদি টুটুৱাই থকা কাণৰ
 লােকপাৰজোৰ দিলে।

চিকৰ্ পতি। অ এই কথা ! তেনেহলে চোতাল ঘৰ সাৰিবৰ
 মছিবৰ দিহা কৰা, কাইলৈকে তােমাৰ চিৰীমতী লােকাপাৰ
 জুৰি আহি ওলাবহি।

ৰংদৈ। (মিচিকীয়াই হাঁহি মাৰি আদৰ কৰি) অ মােৰ চিকৰপতি,
 চকৰপতি, সােণমণি, সােণকণি, গুপ্লিমণি, ধনমণি, কোট-
 মণি, পােৱালমণি, আন কি মৰাগুটীয়া মণি !

চিকৰ্ পতি। বচ! এতিয়া চিকৰপতি বহুৎ ধনী। আজিলৈ
 যাওঁহে। কাইলৈ লােকাপাৰৰে সৈতে চিকৰপতিৰ পুনৰ
 প্রবেশ হব।

[ প্রস্থান।