পৃষ্ঠা:চিকৰপতি নিকৰপতি.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
চিকৰ্ পতি নিকৰ্ পতি।


টেকেলা। খুদমন আচামী হাজিৰ। খুদমন! খুদমন আচামী
হাজিৰ !!

খুদ্ মনৰ প্ৰবেশ।

চিৰদ্দাৰ। (টেকেলাক ) ফৰিয়াদিক হলফ দে।

[ ৰঙাইক হলফ দিয়ে।

বৰবরুৱা। (ৰঙাইক) তােৰ কি গােচৰ ক ?

ৰঙাই। (হাতযোৰকৈ ) দেউতা, আজি তিনি মাহ হল ;
 সৌ সি (খুদমনক) মােৰপৰা একুৰি রূপ ধাৰলৈ নিছিল।
 এতিয়া তাক ধাৰ সাধিলত, সি সেই রূপ কুৰি নাই নিয়া
 বুলি মিছা মাতিছে।

বৰবরুৱা। তোৰ সাক্ষী আছে নে ?

ৰঙাই। মােৰ সাক্ষী কোনাে নাই দেউতা। পথাৰৰ মাজৰ
 বৰগছ এজোপাৰ তলতে বহি মই তাক রূপ কুৰি দিছিলোঁ।
 সি মােক বৰকৈ কাওবাও কৰি ধৰিছিল যে, সি রূপ
 ধাৰে নিয়া কথাটো কোনেও জানিব নালাগে,
 জানিলে সি গঞামানুহৰ আগত লাজ পাব, কাৰণ, গাৱঁত
 তাক সকলোৱে ধন-বিত থকা চহকী মানুহ বুলি জানে,
 এতিয়া তাৰ অৱস্থা বেয়া হৈ ধাৰ লাগিছে বুলি জানিলে তাক
 আৰু কোনেও বিশ্বাস নকৰিব। মইও দেউতা, “হােলাৰ
 ভাই মােলা” সেই কথাকে পতিয়াই, সাখী এটাকো—