পৃষ্ঠা:চিকৰপতি নিকৰপতি.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
চিকৰ্ পতি নিকৰ্ পতি

আপোনালোক বিদেশী মানুহ, মিছাতে লটিঘটিত পৰিব দেখি মোৰ বেয়া লাগিছে। আরু তাৰ উপৰি আপোনা- সকলৰ লটিঘটি হলে আমাৰ দেশৰো অখ্যাতি হব। ৰজাই আমাৰ দেশৰপৰা এই অঘাইটং চোৰটো নেখেদায়ও, আরু বিদেশী মানুহ আমাৰ দেশলৈ আহিলে নগুৰ্নাগতিত পৰে। আপােনাসকলে কিন্তু আজি ৰাতি বৰ সাৱধানে থাকিব লাগিব। অৱশ্যে মইও যি পাৰোঁ আপােনাসকলক সহায় কৰিম।

[ নিকৰ্ পতিৰ কথা পতিয়াই চিকৰ্ পতিয়ে

নাও ভটীয়াই লৈ গৈ নিকৰ্ পতিৰ ঘাটত,

বান্ধে। নিকৰ্ পতিও নাৱতে যায় ।

 আরু এতিয়া ভয় নাই। আপােনাসকল পৰদেশী মানুহ, সেইদেখি মােৰ বৰ বেথা লাগিছে। মই আপােনা- সকলৰ সকলাে তদাৰকৰ ভাৰ ললোঁ, আরু ভয় নাই। এতিয়া বেলি ভালেখিনি হল ; আপােনাসকলে চাউল সিজাবলৈ গলে বৰ পলম হব, ভােকত গা ৰহিব; সেইদেখি মই মােৰ ঘৰৰপৰা দুখীৰ-দুখী-অৱস্থাৰে অলপ জলপানপাতি আনি দিওঁ, তাকে চুৰ্চুৰীকৈ খাই জিৰাই-শতাই লৈ লাহে. ধীৰে সিবেলাকৈ ভাত ৰান্ধিব।

[ চিকৰ্ পতিৰ প্ৰস্থান। কিছুমান বেলিৰ মূৰত

নিকৰপতিয়ে তাৰ ঘৰৰপৰা চিকৰপতিক জলপান

আনি দিয়ে ; আরু চিকৰপতিৰে সত্ বতাই মহা

মিত্ৰ হৈ পৰে।