পৃষ্ঠা:চিকৰপতি নিকৰপতি.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
চিকৰ্ পতি নিকৰ্ পতি।

 হুকুম পেলাবৰ মােৰ সাইধ কি। দেউতাই হুকুম দিলে
 বেটীয়ে নাচিবই লাগিব। মােৰ লৰাই গল, আরু নো
 মােৰ কি লাজ-চৰম আছে !

বৰবরুৱা। টেকেলা! এই গুচৰীয়ানীক হাত-কেৰেয়া দি লৈ
 যা, পােতাশালত থ গৈ। তাইৰ গােচৰ মিছা। তাই
 নিজেই তাইৰ লৰা কাটিছে। তাই মিছা গােচৰ কৰা
 বাবে, আৰু পুতেকক কটা বাবে পিছত তাইৰ শোধ হব।
 চিৰদ্দাৰ, ইয়াৰ পিছৰ গােচৰ কি ?

চিৰদ্দাৰ। (টেকেলাক ) মাত, ৰঙাই কোচ ফৰিয়াদি। খুদমন
 কেওঁট আচামী।

টেকেলা। ( ৰিঙিয়াই ) খুদমন কেওট ফৰিয়াজি হাজিৰ !

চিৰদ্দাৰ। খুদমন নহয়, ৰঙাই কোচ ফৰিয়াদি।

টেকেলা। খুদমন নহয়, ৰঙাই কোচ ফৰিয়াজি হাজিৰ ! খুদ
 মন নহয় ৰঙাই কোচ ফৰিয়াজি হাজিৰ ! খুদমন! খুদমন
 নহয় ৰঙাই কোচ ফৰিয়াজি হাজিৰ !!!

চিৰদ্দাৰ। আচামীক মাত।

টেকেলা। ( ৰিঙিয়াই) আচামী হাজিৰ । আচামী হাজিৰ !

চিৰদ্দাৰ। (টেকেলাক বৰকৈ ডবিয়াই ) তই বৰ গরু। এনে
 কৰিলে তােক বৰখাস্ত কৰিব লাগিব।

টেকেলা। দেউতা, নামটো আকৌ কৈ দিয়ক, বন্দীয়ে পাহ-
 ৰিলোঁ৷

চিৰদ্দাৰ। খুদমন আচামী।