সমললৈ যাওক

পৃষ্ঠা:চিকৰপতি নিকৰপতি.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চিকৰ্ পতি নিকৰ্ পতি।

প্রথম দর্শন।

বিচাৰালয়।

 দৰ্ মহা নােখােৱা বিচাৰক—ঘিণাৰাম বরুৱা,
  আৰু মিনাৰাম শৰ্ম্মা।

 আচামী—চিকৰ্ পতি বৰচোৰ।

 গুচৰীয়া—বেথাই হাজৰিকা।

 বেথাইৰ ঘৈণীয়েক বেথাইৰ পিছফালে থিয়।


ঘিণাৰাম। ইয়াক হলফ দিয়া হল নে ?

চিৰস্তাদাৰ। (বেথাইক) হলফ কৰ,— মই যি কম সঁচা কম ;
 কোনো কথা নুলুকাওঁ।