বেথাই। কব লাগিব যদি কওঁ। তেওঁ সেইফাকি কি কৈছে
আকৌ মাতক, মইও মাতোঁ, মাতি হালৌপ নে কি খাওঁ।
[ হলফ লয়।]
ঘিণাৰাম। আসামীক চিন?
বেথাই। নিচিনিবলৈ হৈছে কি? তাক আজি তিনি পুরুষৰ-
পৰা মই চিনো,—বাপেকক চিনো, তাক চিনো, তাৰ
পুতেককে চিনাে। এটাইখন চোৰ, আরু চোৰৰ লৰা
চোৰ।
ঘিণাৰাম। ই কি কৰিলে ক ?
বেথাই। কি কৰিলে? হতচিৰী হােৱা, জহনিত যােৱাই মােৰ
সৰ্পনাশ কৰিলে। পানী খােৱা লোটা এটা আছিল, তাকে
চুৰ কৰি নি পানীখােৱাৰ ভিকাচন ভাঙিলে।
ঘিণাৰাম। কৈ যা, কৈ যা,।
বেথাই। যাম কলৈ ? ৰজাৰ কছাৰিত গােচৰ কৰিবলৈ আহি-
ছোঁ, গােচৰ শুধি পুছি যি হয় কৰক। মােৰ ওপৰত
ইমানকৈ বেকা হৈ লাগিলে কেনেকৈ চলিব।
[মিনাৰামৰ ফালে সতৃষ্ণ নয়নে চায়।
টেকেলা। (বেথাইক ডবিয়াই) বেছি কথা হাকিমৰ আগত
কব নাপায়। হাকিমে যি শুধিছে তাৰ উত্তৰ দে।
বেথাই। বেছি কথা নো কত কলোঁ ঐ ? সহস্ৰগাঁঠিৰ তলত
থাকি মােৰ নো সৰহ কথাৰ সকামখন কি ?. তই টেকেলা
হলি বুলি ভাল মানুহক এইদৰে ডবিয়াই হকিয়াই নো কথা