গঙ্গাৰাম। থাকাঁ, থাকাঁ, তুমি মনে মনে থাকাঁ তিতাৰাম।
এতিয়া সেইবােৰ উজাৰি তর্ক-বিতর্ক কৰি কি লাভ ?
(সরুৰামলৈ চাই) বােলোঁ, মই নােহােৱাকৈও আজি
কালি তােমালােকৰ অনেক সভা সমিতি হৈ আছে ; মােক
নো কেলৈ ।
তিতাৰাম। (সরুৰামলৈ চাই ) অ আপােনাসকলে মুকুতা এৰি
শোকোতা চিনিছে । আপােনাসকলে আমাৰ ডাঙৰীয়া হেন
জ্ঞানৱন্ত মাইনৱন্ত লােকক আজিলৈকে নিচিনি খপ্ জপাই
ফুৰে। এতিয়া টানত পৰিলে আপােনাসকলক ডাঙৰীয়াক
লাগে। পইচা দিবৰ বেলিকা ডাঙৰীয়াৰ ভু! আমাৰ
দেশখন এইদৰেই তললৈ গল। সেইদেখিহে কথাতে কয়
বােলে “ভালেহে জানে ভালৰ মােল।”
গঙ্গাৰাম। তিতাৰাম, তুমি নো মনে মনে নাথাকা কিয় হেঁ?
তিতাৰাম। এনেবােৰ অইনাই কথা দেখি শুনি নো কেনেকৈ
মনে মনে থাকোঁ ডাঙৰীয়া? মােৰ জিভাই নামানে নহয়।
সেইদেখি কথাতে কয়—“হাৰ নাইকিয়া জিভা, মাতে
কিবা কিবা।”
সরুৰাম। নহয়, নহয়, ডাঙৰীয়া, আপুনি সভালৈ আহিব।
কাইলৈকে সভাখন পতা হৈছে। আপােনাত হে আমাৰ
সৰ্ব্বভাৰসা।
গঙ্গাৰাম। মােৰ গা ভাল নহয় ; বারু চেষ্টা কৰি চোৱা যাব।