পৃষ্ঠা:চিকৰপতি নিকৰপতি.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বাদশ দর্শন।
ডিঙানগৰৰ ৰজাৰ বৰচৰা।
চিকৰপতি ৰাজঅলঙ্কাৰ আভৰণ আরু
কিৰীটি পিন্ধি সিংহাসনত।

চিকৰপতি। ( প্রচণ্ডভাৱে তৰােৱাল ঘূৰাই) মােৰ পাত্র মন্ত্রী
 সভাসদসকল! তােমালােকে জানিবা, আজিৰপৰা মই এই
 ডিঙা নগৰৰ ৰজা হলোঁ। আগৰ ৰজা ভাগিল। মােত
 বাজে আন কোনাে ৰজা ইয়াত থাকিব নােৱাৰে। যি
 আছে, তাক এতিয়াই ধৰি আনি লােৰ ডিঙৰাত সুমাই,
 মােৰ ঘাটত থকা সরুকলি বৰকলি নাৱত ভৰাই দিব লাগে।
 এতিয়াই ! এতিয়াই ! এই কথাৰ অন্যথা হলে, কাৰো
 মূৰ নাথাকে। মন্ত্রী ! এতিয়াই মােৰ হুকুমমতে কাম হব,
 লাগে। (বেগেৰে তৰােৱাল ঘূৰায়)।

[ মন্ত্রী পাত্ৰ সকলো বিচুৰ্ত্তি।

মন্ত্রী। (ভেবাচেকা খাই, হাতযােৰকৰি) মহাৰাজ! মহাৰাজ !
 বন্দীয়ে এতিয়াই মহাৰাজৰ আদেশ পালন কৰিম।.
 কোটোৱাল! মহাৰজাৰ হুকুম মতে এতিয়াই কাৰ্য্য কৰ।

[ পাত্র মন্ত্রী সভাসদ কোটোৱাল সকলােৱে
আগৰ ৰজাক বান্ধি আনি বৰকলি নাৱলৈ।
লৈ যায়। চিকৰপতিয়ে ৰাজঅলঙ্কাৰ ৰাজ
বেশ পৰিত্যাগ কৰি পিছে পিছে গৈ,
বৰকলি নাৱলৈ আহি তেতিয়াই নাও
মেলি দিয়ে৷