ৰংদৈ। ইয়াৰ পিছত থিয়াকিল। কিন্তু সেইটো কাইলৈ হব ;
আজি বহাকিলৰ হে পাল। বহ। আজি পৰমাণ ৰান্ধি-
ছিলোঁ, তাৰে এটি আনি দিওঁ খা।
চিকৰ্ পতি। ৰবাঁ, ৰবাঁ, অলপ বিমৰিষ কৰি চাওঁ, তোমাৰ
কুলটো কি? মই হলে কলিতা মানুহ। তুমি কুলত
আহােমনী হবলা।
ৰংদৈ। (চিকৰপতিৰ পিঠিত ভুকু এটা মাৰি) বাঘে-খােৱা!
পাতত বহি কুলৰ বিচাৰ! তােৰ কুলটো যদি মােৰটোতকৈ
ওখ, এই একে ভুকুতে তাক নমাই আনি মােৰ কুলেৰে
সৈতে সমান কৰিলোঁ। এইখন হাতেৰেই কত ওখ কুলীয়া
বামুণ বিষয়াৰ ওখ কুল সমান কৰি পৰমাণ ৰান্ধি খুৱালোঁ
তাৰ লেখ-জোখ নাই, এতিয়া তােৰ কুলটোক হে বলে
নােৱাৰিম বুলি ভাবিছ হবলা ?
চিকৰ্ পতি। হওঁতে তােমাৰ হাতখনি যেনে বগা, তাৰে ৰন্ধা
পৰমাণ বগা আৰু সােৱাদ নহৈ নোৱাৰে। এই হাতৰ ভুকুৰ
পৰমাণেই মােৰ পিঠি গােটেইখন সুৱদি কৰিলে; মুখত
সেই পৰমাণ পৰিলে মুখখন মৌ-কোঁহ হবই দেখিছোঁ।
আনা, আনা, শীঘ্ৰে আনা বেলি নকৰিবা।
[ ৰংদৈয়ে এবাটি পৰমাণ আনি দিয়ে।
চিকৰপতিয়ে টকালি পৰি খায়।
ৰংদৈ। এতিয়া ক, এই সময়ত কিয় আহিলি ?
চিকৰ্ পতি। মােৰ ৰংদৈৰ মুখ-চন্দ্র চাবলৈ।