সরুৰাম। চেষ্টা কৰি চালে নহয়, আহিবই লাগিব।
[ সরুৰামৰ প্রস্থান।
গঙ্গাৰাম। তিতাৰাম, তুমিও যেনে। মােৰ এতিয়া কেচুৱা
লৰাৰ সবাহত হোৱা দিবৰ দিন আহিছে।
তিতাৰাম। আপুনি নাযাব দেউতা। আপােনাক দিল্লীলৈ
নপঠিয়াই এই উতনুৱাখনে যেনেকৈ অমর্যাত কৰিলে,
আপুনি নহলে নো সিহঁতে কেনেকৈ সবাই পাতে চাওঁ
ৱেইচোন।
হেমােৰাম। অ এটা কথা ডাঙৰীয়াক শােধোঁ বুলিছিলোঁ।
আজিকালি জনচেৰেক পঁড়িত ওলাইছে, তেওঁলোকৰ
মতে হেনাে উজনিৰ কাশীত চলি থকা সংস্কৃত ভাষাটো
অশুধ ;. ভাটীৰ কুমাৰিকা অন্তৰীপত চলা সংস্কৃতটোহে
শুধ; আৰু সেই মতে কাশীৰ সংস্কৃতটোও শুধ কৰিব
লাগে। ডাঙৰীয়াই কি কয় ?
তিতাৰাম। আমাৰ ডাঙৰীয়াই ইমানবিলাক সঙ্হকৃত্য পঢ়িলে
ডাঙৰীয়াই নাজানিবৰ কি কাৰণ আছে? কওকচোন
ডাঙৰীয়া কওক, এইটো নো আকৌ কি ঢৌ উঠিল।
গঙ্গাৰাম। এ তিতাৰাম, তুমি দেখিহে এইষাৰ কথাকে এনে-
কৈ কৈছা ; আজিকালিৰ অহঙ্কাৰী ডেকালৰাৰ আগত
আমাৰ কথাৰ মূল্যই নাই। সেইদেখি কোনো কথাতে
আমি নমতাই হলোঁ; যেয়ে যি কয় কৈ থাওক।
তিতাৰাম। নহয় ডাঙৰীয়া, সঙ্হকৃত্যৰ বিষয়ে ডাঙৰীয়াৰ