পৃষ্ঠা:চিকৰপতি নিকৰপতি.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সপ্তম দর্শন।
[ ৰজাৰ তামুলীচৰা ]
ৰজা আরু চিকৰপতি।

ৰজা। ধইন, ধইন, চিকৰপতি তই ধইন ! তোক মই শলা-
 গিলোঁ। তই ঠিক বৰচোৰৰ খিতাপ পাবৰ যােগ্য। মই
 ইমান সাৱধান হৈও একো গম নাপালোঁ। তই যেনে
 বুধি কৰি মােৰ হাউলিত সােমাই, সিন্ধি খানি ঘৰৰ ভিতৰত
 সোমাই নলেৰে আঠুৱাৰ ওপৰৰ কাঁহীৰ পানী খাই, আঠুৱা
 দাঙি মােৰ আঙুলিৰপৰা চিৰীআঙঠিটো নিলি মই তােৰ
 মুখে শুনি অবাক হৈছোঁ। তােৰ নিশ্চয় বাহাদুৰী আছে।

চিকৰপতি। সর্গদেবৰ চৰণৰ ধূলিৰ বলত হে মাথােন। মােৰ
 কি যহ আছে ?

ৰজা। শুন চিকৰপতি, মই তােক এটা কথাৰ ভাৰসা কৰিব
 খুজিছোঁ। মােৰ ছােৱালীজনী বিয়া দিবৰ হল। অজি-
 লৈকে এটা ভাল ৰাজকোৱঁৰ নাপালোঁ। বিয়া কৰাওঁতা
 বহুত ওলায়, কিন্তু মােৰ আইদেৱৰ যােগ্য কাকো নেদেখোঁ।
 তই কিবা এটা বুধি কৰি মােক ভাল ৰজাৰ লৰা এটি আনি