পৃষ্ঠা:চিকৰপতি নিকৰপতি.pdf/৪৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ষষ্ঠ দর্শন।
[ ৰজাৰ হাউলিৰ সিংহদুৱাৰ ]
মথুৰাপাগ মাৰি, বৰচুৰিয়া, এঙাচোলা,
লংকেরু, গামখারু পিন্ধি চিকৰপতিৰ
প্রবেশ। লগত চিকৰপতিৰ বাপে-
কৰ কান্ধত চাকুলীভাৰ।

দুৱৰি। (চিকৰপতিক ৰজাৰ কোনােবা কুটুম ডাঙৰ লোক
 ভাবি ত্ৰস্তভাৱে হাতযােৰকৈ) ডাঙৰীয়া আহক। ৰজাক
 এতিয়া তামুলীচৰাতে পাব। সোনকালে যাওক। আরু
 অলপ পলম হােৱাহেঁতেন কিজানি আজি লগকে ধৰিব
 নোৱাৰিলেহেঁতেন; ৰজা শুবলৈ উঠি যাবৰ সময় হৈছেহি।
 [ চিকৰপতিয়ে দুৱৰিৰ ফালে চাই, শলাগ দেখুৱাই দুৱৰিৰ
 হাতত এটকা রুপ দি, চাকুলীভাৰেৰে সৈতে হাউলিৰ
 ভিতৰলৈ সােমায় ; আৰু এঠাইত আঁতৰত এন্ধাৰত গছ
 এজোপাৰ তলত চাকুলী ভাৰ থৈ সাজকাপােৰ সলাই,