টেকেলা। খালৈভাঙী নহয় কালীমণি হাজিৰ!
চিৰদ্দাৰ। (টেকেলাক ধম্ কি দি) তই গরু! মাত কালীমণি
পদকিয়ানী।
টেকেলা। খালিমণি পদকিয়ানী। খালিমণি পদকিয়ানী হাজিৰ!
খালিমণি !!!
বেটেউ আরু কালীমণিৰ প্রবেশ ।
চিৰদ্দাৰ। (টেকেলাক) গুচৰীয়ানীক হলফ দে।
[ গুচৰীয়ানীক হলফ দিয়া হয়।
বৰবরুৱা। তােৰ কি গোচৰ ক ?
বেটেউ। দেউতা, মােৰ চাৰি বছৰীয়া লৰাটো সেই ৰাইকহণীয়ে
(কালীমণিক দেখুৱায়) কাটিলে। (চকুৰ পানী টোকে।)
বৰবরুৱা। ক কেনেকৈ কাটিলে, আৰু কিয় কাটিলে ?
বেটেউ। আমি দুয়াে ওচৰচুবুৰীয়া। মােলৈ তাইৰ সদায়
আখেজ। মই ঘৰত নথকাত তাই লৰাটো তাইৰ ঘৰলৈ
ভুলাই লৈ গৈ কাটি, মােৰ ঘৰত পেলাই থৈ গলহি।
দেউতা, তাইক হুকুম দিয়ক, তাই মােকো কাটক ; মোৰ
লৰাটো কাটিলে যেতিয়া মােকো কাটক ; মই নো আরু
জীয়াই থাকি কি হব। (চকুৰ পানী টোকে)।
বৰবরুৱা। (কালিমণিক) তই এইৰ লৰাটো কাটিছিলি নে ?
কালীমণি। দেউতা, গোসাঁই সাখী। মই এনে মহাপাপৰ
কাম কেতিয়াও নাই কৰা ; কেতিয়াও কৰিব নোৱাৰোঁ