পৃষ্ঠা:চিকৰপতি নিকৰপতি.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কথা উলিয়াবলৈ ধৰিলে, মইও মােৰ মনতে খুটিটো পুতি
লৈ হুঁ হুঁ বুলি তাৰ কথা শলাগি যাবলৈ ধৰিলোঁ। এনেতে
এবাৰ সি মােক কলে— ’হাজৰিকা, আজি কালি ইয়াত
বৰ চোৰৰ প্ৰতাপ হৈছে ; মানুহৰ আগৰেপৰা চোৰে বস্তু
চুৰ কৰি নিয়ে। সিদিনা এটা চোৰে ৰঙামুৱাৰ আগৰেপৰা
তাৰ পানীখােৱা লােটাটো লৈ গুচি গল। তুমি দেখিলে
বিস্ময় মানিবা, চোৰটোৱে কেনেকৈ লোটাটো নিলে মই
দেখুৱাওঁ চোৱাঁ।’ এই বুলি এই বাঘেখোৱাই লাহেকৈ
’এডেও দুডেও, এইহে লােটা নিবৰ চেও’ বুলি কৈ, মােৰ
লোটাটো মােৰ আগৰেপৰা লৈ ভো-ভাে কৰে গুচি গল,
মই ভেবা লাগি চাই থাকিলোঁ। সি কিছুমান দূৰ গলত
হে মােৰ গালৈ চেতন আহিল। তেতিয়া তাৰ পিছে পিছে
মই লৰ ধৰিলোঁ। কিন্তু, কত তাক ধৰিবলৈ পাওঁ, সি লৰি
মই চকুৰে নেদেখা হল। শেহত মই বিবুধি হৈ কোটো-
ৱালৰ আগত গােচৰ দিলোঁ গৈ। কোটোৱালে উনৈশত-
বা-বােলাই মােৰ ওপৰত হে জ্বলিপকি উঠিল! কোটোৱালে
কলে ’মই তােৰ বাপেৰৰ ঘৰৰ বহতীয়া নে কি যে তােক
চোৰ ধৰি দিব লাগিব ?’ মই অনেক কাবৌ-কোকালিকৈ
তাক আধলি এটা যাচিলতহে; তাকে লৈ সি চেচা পৰি
কলে ‘বারু ধৰিব লাগে যদি তই চোৰটো মােক দেখুৱাই
দে।' মই কলোঁ, সি পলাই গল, মই তাক দেখুৱাই দিবলৈ
কত পাম ? মই তাক চিনি পাওঁ, তাৰ নাম চিকৰ্ পতি।