পৃষ্ঠা:চিকৰপতি নিকৰপতি.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
চিকৰ্ পতি নিকৰ্ পতি।

 আছে। গোচৰ তলৰ আদালতত এচুলি মানো প্রমাণ
 হােৱা নাই। (হেমােৰামলৈ চাই চকু পকাই) তুমি
 মিথ্যাবাদী।

হেমােৰাম। (গঙ্গাৰামলৈ সেইদৰে চাই) তুমি হে মিথ্যাবাদী,
 মই নহওঁ।

গঙ্গাৰাম। দিনৌ মিছা মকৰ্দ্দমা সজা ব্যৱসায় তােমাৰ হে,
 মোৰ নহয়।

হেমােৰাম। (হাকিমলৈ চাই) আদালতৰ ওচৰত মই প্রার্থনা
 কৰিছোঁ, মােক এই মিছলীয়া ভেম্-চিং উকিলৰ গালিৰপৰা
 ৰাখক। আদালতৰ আগতে এওঁ এইদৰে মােক গালি
 পাৰিবৰ এওঁৰ কি অধিকাৰ আছে ? এওঁ দাঢ়ি চুলি পকালে
 বুলিয়েই আমাক গালি পাৰিবৰ ক্ষমতা পালে নে কি ?
 গাধ জানাে বুঢ়া নহয় ?

গঙ্গাৰাম। (আদালতলৈ চাই ) হজুৰ, এই অসভ্য অহঙ্কাৰী
 উদ্ধত উকিল তৰ-চেঙেলিয়ে মােৰ মানহানিজনক কথা কৈ
 মােক গালি কিয় পাৰিব ? হজুৰে ইয়াৰ বিচাৰ কৰিব
 লাগে।

বৰবরুৱা। আপোনাসকল দুয়ো ক্ষান্ত দিয়ক। আদালতৰ
 আগত এনেবােৰ কব নাপায়। দুয়ােজনৰ দোষ।

যুবৰাজ। মই কিন্তু নামাতি থাকিব নােৱাৰিলোঁ, যে গঙ্গাৰাম
 উকিলৰ নামে সদায় এনে ব্যৱহাৰৰ কথা শুনিবলৈ পােৱা
 যায়।