এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পঞ্চম দর্শন।
[ লিগিৰী ৰংদৈৰ ঘৰ।]
চিকৰপতিৰ গীত গাই প্রবেশ।
( গীত )
তাইৰে নাইৰে দা নি
না দেব তা না দে ৰে নুম্।
ৰংদৈক মই হে জানাে,
আন কাকো নাজানোং ॥
ৰংদৈ৷ বাঘে-খােৱা ! কি হল ? আজি দেখোন বৰ উছাহ!
কাৰবাৰ সৰ্ব্বনাশ কৰি আহিলি হবলা?
চিকৰ্ পতি। মােৰ সৰ্পনাশৰ হে ওচৰ চাপিছোঁ; আৰু সেই-
বাবেই এইটো উসাহ, এইটো নিসাহ। বোলোঁ, আজি
মই হামদৈ পথাৰৰ মাজেদি আহোঁতে ওৰে বাটে ভাবি
আহিছিলোঁ, মােৰ ভােগালী-ভোগদৈ ৰঙালী-ৰংদৈৰ পূৰ্ণিমাৰ