ইয়াৰ পিছত দেখিছোঁ কোটোৱালে চোৰ ধৰি আনি দেউতা
সকলৰ আগত হাজিৰ কৰি দিছে। এই সােপাই কথা,
এই সােপাই বতৰা। এতিয়া দেউতাসকলে যি ভাল বুজে
কৰক। মই দুখীয়া মানুহ। (মিনাৰামলৈ চাই ) আপুনি
দেখোন মােৰ ফলীয়া হৈ একেষাৰেকে নমতা হল ? মিছাতে
ৰৌমাছৰ বাকলি যেন এমুঠি বগা চিকা ররূপ—
(ঘৈণীয়েকে পিছফালৰপৰা—মনে মনে থাকা, মনে মনে
থাকা, সেইবােৰ উলিয়াব নেপায় ।)
কিনাে এইজনীয়ে পিছ ফালৰপৰা আজুৰি-পিজুৰি কেপ্- কেপাই থাকে ঐ! মনে মনে থাকিব লাগে যদি থাকিলোঁ যা। হতচিৰীহঁতী, চিকৰ্পতি কেনে টেঙৰ তই নেদেখিলি নে ? তাৰ দৰে যদি আমিও সিজনক নধৰি ইজন হাকিমক ধৰিলোঁ হেঁতেন—
পেচ্কাৰ।— চুপ, চুপ, আদালতত বাহিৰা কথা পাতিব নাপায় ;
হাকিমে যি শুধিছে তাৰে হে মাথােন জবাব দিব পায়।
বেথাই। বারু, বারু। হাকিমে নাে আরু কি শুধিব খুজিছে
শােধক, মই কব পােৱাখিনিলৈকে কৈ থাকিম।
মিনাৰাম শৰ্ম্মা হাকিম। (আচামী চিকৰ্পতিক) তােৰ কচুৰ
হৈছে নে ?
চিকৰ্ পতি। (হাতযােৰকৈ) দেউতা, মােৰ কচুল হবলৈ কি
হৈছে?
বেথাইৰ ঘৈণীয়েক। (বেথাইৰ পিছ ফালৰপৰা) কটা চোৰ !