বেথাই। তোমাৰ কথাতে বেথাই হাজৰিকাই তাৰ বুপা-ককাক
নুঘালে।
পেচ্ কাৰ। ক, কব লাগিব।
বেথাই। বলাৎকাৰ নে কি ? নকওঁ, নাপায় কব। আমাৰ
গাৱঁত কোনেও বাপেকৰ নাম নাকাঢ়ে। তােমালােকৰ
নগৰত তেনে দস্তুৰ থাকিলে থাকিব পাৰে।
পেচ্ কাৰ। তই দিগ্ নকৰিবি। ক, কব লাগিব।
বেথাই। তুমি চোন তোমাৰ আপুটিৰ নামটো কিবাবোলেনে
এই সমজ্যাৰ মাজতে কোৱাঁ, সকলো সভাসদে শুনক।
অ, মই নিশকতীয়া দেখি চল পাই মােক হেঁচা মাৰি
ধৰিছা?
পেচ্ কাৰ। (টেকেলালৈ চাই) এই মানুহটোৱে বৰ দিগদাৰি।
কৰিছে; ই যদি ইয়াৰ বাপেকৰ নাম নকয়, তেন্তে ইয়াক
ধৰি হাজোতলৈ লৈ যা।
বেথাই। নালাগে মােক হাজোলৈ নিব দেও হে। চোৰ
কৰবাতে থাকিল, এতিয়া গিৰিহঁতহে হাজোলৈ যাব লগীয়া
হল! (মিনাৰামলৈ চাই) আমাৰ ইজনা হাকিমে দেখােন
মােৰ হকে একাষাৰো নামাতে! মােক হাজোলৈ নে
জেৰেঙা পথাৰলৈ নি অঁতালেহে তেখেতে মুখ মেলিব
হবলা; এতিয়া দেখোন গজালি থৈছে! কপাল! আজি
মই ঘৰৰপৰা ওলাই আহোঁতেই মােৰ বাওঁ-চকুটো লৰিছিল,
তেতিয়াই মই বুজিছিলোঁ, আজি ভালে-কুশলে ঘূৰি