বৈষ্ণৱী-কীৰ্ত্তন বা নাম-কীৰ্ত্তন

ৱিকিউৎসৰ পৰা
[ প্ৰথম পৃষ্ঠা ]

বৈষ্ণৱী-কীৰ্ত্তন
বা
নাম-কীৰ্ত্তন।

⸺০⸺

 

শ্ৰীশ্ৰীশংকৰদেৱ, মাধৱদেৱ, আৰু ঠাকুৰদেৱ
প্ৰভৃতি ৰচিত।

 

শ্ৰীগঙ্গাধৰ বৰকটকীৰ দ্বাৰা
সংগৃহীত আৰু প্ৰকাশিত
৭ম তাঙৰণ—৪৯৬ শঙ্কৰাব্দ, ১৯৪৫ চন।

 

বৰকটকী কোম্পানী,
যোৰহাট।

 

মূল্য ৸৹ অনা

[ পাতনি ]
পাতনি।

 সৰ্ব্বসাধাৰণৰ উপকাৰ অৰ্থে এই “বৈষ্ণৱী কীৰ্ত্তন” কিতাপখনি প্ৰকাশ কৰা হল। বৈষ্ণৱসকলৰ ই অতি আৱশ্যকীয় বস্তু, একমাত্ৰ সাৰ। ইয়াৰে নাম-প্ৰসঙ্গ আদি সুন্দৰৰূপে কৰিব পাৰিব। ইয়াক পাঠ কৰিলে জ্ঞান, তত্ত্ব বৃদ্ধি হব; ঈশ্বৰৰ চৰণত ভক্তি সিজিব। ইয়াত গুণমালা, ভটিমা, চপয়, টোটয়, বড়গীত, নাৰাৱণ কৱচ, কীৰ্ত্তন, ঘোষা, তাৎপৰ্য্য, এটকা সাধুৰ যুনা; ইয়াৰ বাহিৰেও সকলো আৱশ্যকীয় বস্তু পাব। ইয়াৰ একোখনি ভদ্ৰমহোদয়সকলে হাতমেলি দাঙ্গি ললে আমাৰ অৰ্থক্ষয় ও পৰিশ্ৰম সাম্ফল হোৱা বুলি মানিব পাৰিম। ইতি—

  ১৯২৮ চন।  

শ্ৰীগঙ্গাধৰ বৰকটকী
বৰকটকী কোম্পানী
যোৰহাট।

[  ]

শ্ৰীকৃষ্ণায় নমঃ।

বৈষ্ণৱী কীৰ্ত্তন বা নাম-কীৰ্ত্তন।

শ্লোক—

শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকীনন্দনায় চ।
নন্দগোপকুমাৰায় গোবিন্দায় নমো নমঃ॥
নমঃ পঙ্কজনাভায়, নমঃ পঙ্কজমালীনে।
নমঃ পঙ্কজনেত্ৰায়, নমস্তে পঙ্কজাঙ্ঘ্ৰয়ে॥
বসুদেৱসুতং কৃষ্ণং কংসচাণুৰ মৰ্দ্দনং।
দৈৱকীহৃদয়ানন্দং শ্ৰীকৃষ্ণং বন্দে জগদগুৰুম॥
  হৰি ৰাম নাম॥

ধ্যান।—

ধ্যেয়ঃ সদা সবিতৃমণ্ডলমধ্যবৰ্ত্তী,
নাৰায়ণঃ সৰসিজাসনসন্নিবিষ্টঃ।
কেয়ূৰবান্ কনককুণ্ডলবান্ কিৰিটী,
হাৰী হিৰণ্ময়বপুৰ্ধৃ তশঙ্খচক্ৰঃ॥

[  ]

বৈষ্ণৱী কীৰ্ত্তন।

॥ গুণমালা ॥

ঘোষা—ৰাম নিৰঞ্জন। পাতক ভঞ্জন॥

নমো নাৰায়ণ
ভকত তাৰণ
তুমি নিৰঞ্জন
দানৱ গঞ্জন
বেদান্ত গায়ক
জগত নায়ক
ভকতৰ ঋদ্ধি
বিধাতাৰ বিধি
ভকতি ৰোচন
পাতক মোচন
দৈত্য অন্তকাৰী
ভৱ ভয়হাৰী

   

সংসাৰ কাৰণ।
তোমাৰ চৰণ॥
পাতক ভঞ্জন।
গোপিকা ৰঞ্জন॥
বংশীক বায়ক।
মুকুতি দায়ক॥
কৰা সৰ্ব্ব সিদ্ধি।
দীন দয়ানিধি॥
দুঃখ সঙ্কোচন।
কমল লোচন॥
গোবৰ্দ্ধনধাৰী।
তুমিসি মুৰাৰি॥

[  ]

কালীক দমিলা
দেৱক তুষিলা
কেশী বৎস বক
লগাইলা চমক
তুমি বাৰম্বাৰ
পৃথিবীৰ ভাৰ
ইন্দ্ৰক দমিলা
বনত ভ্ৰমিলা
পশি ৰঙ্গশাল
কৰিয়া আস্ফাল
তযু গুণ নাম
মোক্ষ অৰ্থ কাম
মাৰি দশগ্ৰীৱ
পাইলা সদাশিৱ
তোমাৰ চৰিত্ৰ
পৰম পবিত্ৰ
পতিত পাৱন
অসুৰ দমন
অগতিৰ গতি
তোমাত ভকতি
শ্যামল শৰীৰ
গহীন গম্ভীৰ

   

পুতনা শুষিলা।
ব্ৰজক ভূষিলা॥
সমস্ত দৈত্যক।
ডকাইলা যমক॥
হুয়া অৱতাৰ।
খণ্ডিলা অপাৰ॥
ব্ৰহ্মায়ো নমিলা।
গোপীক ক্ৰীড়িলা॥
যত মহামাল।
বধিলা গোপাল॥
ধৰ্ম্ম অনুপাম।
সাধা প্ৰভু ৰাম॥
জনকৰ জীৱ।
তুমি জগজীৱ॥
পাতকীৰ মিত্ৰ।
কৰিলা বিচিত্ৰ॥
এভৱ ভাৱন।
তুমিসি বামন॥
ত্ৰিজগত পতি।
থাকোক সম্প্ৰতি॥
জলদ ৰুচিৰ।
গুণৰ মন্দিৰ।

[  ]

কুণ্ডলে মণ্ডিত
পাতক খণ্ডিত
দাৰিদ্ৰ মৰ্দ্দন
বংশী বদন
হাস্য দৰিশন
দোষ মৰিষণ
জগত আধাৰ
সংসাৰত সাৰ
তুমি ভগৱন্ত
তাৰিলাহা সন্ত
তুমি সুবৎসল
নাহি কিছু ছল
তুমি অৱতৰি
সৃষ্টি আছা ধৰি
অঘাসুৰ বালি
দমিলাহা কালি
কৰি পৰাভৱ
ভকত বান্ধৱ
কৰি অবিচ্ছেদ
খণ্ডিলাহা খেদ
জগতক বৈশ্য
ভৈলা মহা মৎস্য

   

অসুৰ দণ্ডিত।
তুমিসি পণ্ডিত॥
কঙ্কণা সদন।
মুকুতি মদন॥
পাপ কৰি ছন।
কাম বৰিষণ॥
দৈৱকী কুমাৰ।
চৰণ তোমাৰ॥
মহিমা অনন্ত।
পুৰুষ মহন্ত॥
পুৰুষ নিছল।
ভকত বৎসল॥
অসুৰ সংহৰি।
দেৱ শ্ৰীহৰি॥
মহাবলশালী।
তুমি বনমালী॥
খেদাইলা দানৱ।
তুমিসি মাধৱ॥
দৈত্য কৰি ভেদ।
উদ্ধাৰিলা বেদ॥
কৰিলা অৱশ্য।
ব্ৰহ্মাৰ নমস্য॥

[  ]

তুমি মহাহংস
হুয়া যদু বংশ
জগত নিঃশেষ
ভৈলা হৃষীকেশ
তুমি পীতাম্বৰ
বধিলা সম্বৰ
তুমিসি অচ্যুত
ভকত বহুত
ধৰি মৎস্যকায়
প্ৰলয় অপায়
কূৰ্ম্ম কলেৱৰ
মথিলা সাগৰ
বৰাহ শৰীৰে
হিৰণ্যাক্ষ বীৰে
নৰসিংহ ৰূপু
বধিলাহা ৰিপু
ভৈলা অদিতিত
মূৰুতি ললিত
যামদগ্নি ৰাম
ক্ষত্ৰিয়ৰ নাম
ভৈলা কৌশল্যাত
ৰাৱণ বিঘাত

   

আসি নিজ অংশ।
বধিলাহা কংস॥
সবাত প্ৰবেশ।
নাজানি উদ্দেশ॥
কৰি আড়ম্বৰ।
প্ৰভু বিশ্বম্ভৰ॥
আনন্দে আপ্লুত।
কৰিলা মুকুত॥
সত্যব্ৰত ৰায়।
তাৰিলা লীলায়॥
ধৰিলা মন্দৰ।
নভৈলা ভাগৰ॥
উদ্ধাৰি ভূমিৰে।
মাৰিলাহা ছিৰে॥
ভৈলা দিব্য বপু।
হিৰণ্যকশিপু॥
বামন উদিত।
বলিক ছলিত॥
কাটি চামেচাম।
নথৈলা সংগ্ৰাম॥
শীৰিৰাম জাত।
কৰিলা লঙ্কাত॥

[  ]

ৰাম হলধৰ
মাৰিলা ইতৰ
বুদ্ধৰূপে ছন্ন
মুহিলাহা মন
হুয়া কল্কী চণ্ড
কৰি খণ্ড খণ্ড
ধৰি বাৰম্বাৰ
পৃথিবীৰ ভাৰ
কৃষ্ণৰ কিঙ্কৰে
হৰি হৰি নৰে

   

ৰোহিনী কুমৰ
দ্বিবিদ বানৰ॥
কৰি বেদগণ।
ত্যজিয়া সজ্জন॥
যতেক পাষণ্ড।
বিহিলাহা দণ্ড॥
দশ অৱতাৰ।
খণ্ডিলা অপাৰ॥
ৰচিলা শঙ্কৰে।
বোলা নিৰন্তৰে॥


ঘোষা।

হৰি হৰি ৰাম।  হৰি হৰি ৰাম।

নমো লক্ষ্মীপতি
চৰণে সম্প্ৰতি
গুণ চিন্তামণি
পাপৰ অগনি
ইটো বিতোপন
আকাশে কীৰ্ত্তন
শুনিয়ো দশম
কৃষ্ণৰ পৰম

   

অগতিৰ গতি।
কৰিলো প্ৰণতি॥
সংসাৰ তৰণী।
ঘুষিয়োক চনি॥
ধৰ্ম্ম সনাতন।
কৰে সাধুজন॥
আতি নিৰুপম।
জনম কৰম॥

[  ]

দৈত্যেয়ে ভিড়িলা
দুঃখ সাক্ষী দিলা
ব্ৰহ্মায়ে প্ৰাৰ্থন্তে
জন্মিলা জলন্তে
অদ্ভুত বালক
ৰত্নৰ তিলক
হসিত বয়ন
ৰুচিৰ দশন
কিৰীটি কুণ্ডল
কৌস্তুভ উজ্জ্বল
হস্ত চাৰিখন
কেয়ুৰ কঙ্কণ
বহল হৃদয়
পড়ি গুঞ্জৰয়
ৰতনে ৰচিত
পাট ভুনি গীত
উৰু কৰীকৰ
কণক ৰত্নৰ
চৰণ পল্লৱ
নুপুৰৰ ৰৱ
অঙ্গুলিৰ পান্তি
দেখি খণ্ডে ভ্ৰান্তি

   

ভাবেষে পীড়িলা।
পৃথিবী কান্দিলা॥
আসি ভগৱন্তে।
দৈৱকীত হন্তে॥
কুটিল অলক।
শোভে কপোলক॥
কমল নয়ন।
পীইত বসন॥
কৰে ঝলমল।
শোভে কম্বুগল॥
আতি বিতোপন।
প্ৰকাশে ভূষণ॥
বনমালা তয়।
ভ্ৰমৰে ৰঞ্জয়॥
মেখলা কটিত।
লোটয় মাটিত॥
জঙ্ঘা মনোহৰ।
ৰঞ্জিত ছোড়ৰ॥
পদ্ম অভিনৱ।
শুনন্তে উৎসৱ॥
নখচন্দ্ৰ কান্তি।
তাপ উপশান্তি॥

[  ]

ৰঙা পদতলে
চিছু ******
জগতৰ তাত
চাৰি অস্ত্ৰ হাত
দেখি দুয়ো প্ৰাণী
সমে অনুমানি
কৃষ্ণে কথা কৈলা
নিহল ছোড়াইলা
বসুদেৱ সন্ত
উনাতে অনন্ত
নমনীয় কূল
ছড়াই তাৰ ফুল
কৃষ্ণক থৈলন্ত
বসুদেৱ সন্ত
নন্দেয়ে দেখিল
উংসৱ মিলিল
নন্দ যশোদাৰ
কৰিলা বিচাৰ
অনেক যন্ত্ৰণা
আসিলা পুতনা
পৰম সঙ্কট
সহিতে শকট

   

অঙ্কুস ******
অতিশয় জ্বলে॥
আছন্ত তথাত।
প্ৰকাশে সাক্ষাত॥
এম্তে চক্ৰপাণি।
বোলে স্তুতি বাণী॥
শিশু ৰূপ ভৈলা।
কোলে তুলি লৈলা॥
লৈয়া লড়িলন্ত।
ছত্ৰ ধৰিলন্ত॥
যমুনা বিপুল।
পাইলন্ত গোকুল॥
কন্যাক লৈলন্ত।
দুনাই আনিলন্ত॥
পুত্ৰ উপজিল।
মহা দান দিল॥
গৃহত অপাৰ।
জগত আধাৰ॥
কৰিলা মন্ত্ৰণা।
শুষিলা চেতনা॥
জৰি দুষ্ট ঘট।
কৰিলা উলট॥

[ ১০ ]

দৈত্য চক্ৰবাত
কৃষ্ণৰ লীলাত
জগতৰ স্বামী
মাতৃ কোলগামী
জগত নিখিল
বিস্ময় মিলিল
আসি গৰ্গ ঋষি
জাত কৰ্ম্ম ৰাশি
বিধিৱতে নাম
কহি গুণ গ্ৰাম
পাছে ব্ৰহ্মপুৰে
সোণাৰ নুপুৰে
অগনি সৰ্পক
দেখি দেন্ত হাক
গোপিকাৰ ঘৰে
অপকাৰ কৰে
গোপীগণ আসি
কৃষ্ণচেষ্টা ৰাশি
দেখিলে গোৱালী
নানা চতুৰালি
কি কহিব আই
নদোহন্তে গাই

   

ভৈল কন্ধপাত।
পড়িয়া শিলাত॥
প্ৰভু অন্তৰ্য্যামী।
তুলিলন্ত হামি॥
গৰ্ভত দেখিল।
যশোদা ডৰিল॥
গোপনত বসি।
কৰিলা হৰিষি॥
থৈলা কৃষ্ণ নাম।
গৈলা নিজ ধাম॥
ৰঙ্গে ভ্ৰমি ফুৰে।
ৰুণ ঝুণ কৰে॥
যান্ত ধৰিবাক।
নুশুনন্ত তাক॥
পশি দমোদৰে।
দেখি নিৰন্তৰে॥
যশোদাত হাঁসি।
কহন্ত প্ৰকাশি॥
শিশু বনমালী।
কৰন্ত ধূৰ্ত্তালি॥
কৃষ্ণৰ অপায়।
বৎসক পিয়ায়॥

[ ১১ ]

ঘৰে পশি যায়
বানৰে খুৱায়
কি ভৈল দুৰ্জ্জন
কৃষ্ণৰ কাৰণ
শুনি হেন বাণী
নেত্ৰে বহে পানী
স্নেহ সম্পজিল
আশ্বাস কৰিল
সঙ্গে শিশুগণ
মৃত্তিকা ভক্ষণ
দেখি শিশু জাক
শুনি ৰাণী তাক
কেনে মাটি খাইলি
নখাইলোহো বুলি
সকল জগত
হৰিক মনত
বোলন্ত বিস্ময়
মনুষ্য নোহয়
দিনেক প্ৰভাতে
দধিক তথাতে
আসি দেৱহৰি
ৰৈলা ৰঙ্গ কৰি

   

দধি দুগ্ধ খায়।
ভাঙ্গিয়া পেলায়॥
তোমাৰ নন্দন।
নৰহে জীৱন॥
লাজে চক্ৰপাণি।
দেখি নন্দৰাণী।
সাৱটি ধৰিল।
মুখে স্তন দিল॥
খেলে নাৰায়ণ।
কৰিলা তখন॥
বোলে যশোদাক।
খঙ্গে বোলে বাৰু॥
অৰে বনমালী।
দেখায় মুখ মেলি॥
দেখিল গৰ্ব্ভত॥
স্মৰন্ত ডৰত॥
মোহোৰ তনয়।
ঈশ্বৰ নিশ্চয়॥
বাণী নিজ হাতে।
মথন্ত সাক্ষাতে॥
মথনীক ধৰি।
দেখিলা সুন্দৰী॥

[ ১২ ]

আনিয়া নন্দন
কৰি ধনে ঘন
দুগ্ধ ফথলিয়া
পুত্ৰক এৰিয়া
কেশয়ে কুপিলা
ভাণ্ডক ঙাঙ্গিলা
বাৰি লৈলা কৰে
নামি উড়লৰে
যশোদা খেদন্ত
কান্দন্ত কাপন্ত
কৰে ধৰি আনি
উড়ল ধৰাই
উভাড়ি পেলাই
দুই দেৱ বৰ
কৰিয়া কাতৰ
কিবা ভৈল বুলি
মলছিয়া ধূলি
গোপৰ সুন্দৰী
অঙ্গি ভঙ্গি কৰি
পসাৰি ডাকিল
সুনিয়া চলিল

   

বদন চুম্বন।
পিয়াইলন্ত স্তন॥
পৰয় দেখিয়া।
ধৰি পতা শিলা॥
যশোদা দেখিলা।
দেখি দামোদৰে।
লৰ দিলা ভৰে॥
ভয়ে ভগৱন্ত।
বাৰি এড়িলন্ত॥
উৰুখলে টানি।
চলি গৈলা ৰাণী॥
বৃক্ষত লগাই।
ৰঙে আছা চাই॥
দিব্য ৰূপ ধৰ।
চলি গৈলা ঘৰ॥
নন্দে বান্ধ মেলি।
কোলে লৈলা তুলি॥
বজাৱে চাপৰি।
নাচে দেৱহৰি॥
কোনে লৈবা ফল।
কৃষ্ণ দয়াশীল॥

[ ১৩ ]

ধান্যক দিলন্ত
ৰত্ন অপৰ্য্যন্ত
গোকুল ভৱন
পাছে বৃন্দাবন
বত্স অসুৰ
কৰি মষিমূৰ
আসি বকগোটে
তাক ধৰি চোটে
সৰ্পৰূপে আসি
বদন প্ৰকাশি
ভেটিলন্ত গল
এড়ি মূত্ৰ মল
তাৰ কৰি কাল
জীয়ায়া তত্কাল
সঙ্গে শিশুগণ
অন্ন ব্যঞ্জনক
গোৰক্ষ দামুৰি
থৈয়া ঢাকি ঘূৰি
বত্স বত্স-পাল
আপুনি গোপাল
অনেক বিভূতি
দেখিয়া বিস্মৃতি

   

ফলক লৈলন্ত।
ভাণ্ড ভৰিলন্ত॥
তেজি নাৰায়ণ।
কৰিলা গমন॥
পৰম দন্দুৰ।
নিলা যমপুৰ॥
গিলিলেক ঠোঁটে৷
ছিৰিলা আস্ফোটে॥
অঘে তুলি হাসি।
গিলিল গৰাসি॥
ভকত বত্সল।
মৰিল নিষ্ খল॥
বত্স বত্সপাল।
বজাইলা গোপাল॥
ৰঙ্গে নাৰায়ণ।
কৰিলা ভোজন॥
ব্ৰহ্মা কৰি চুৰি।
গৈলা নিজপুৰী॥
হুয়া সেহিকাল।
গৈলা ব্ৰজ-শাল॥
কৃষ্ণৰ মুকুতি।
ব্ৰহ্মা ভৈলা ভীতি॥

[ ১৪ ]

যেন মৃতৱন্ত
নাহি আৰ তত
ব্ৰহ্মাক মৰন্ত
ৰূপ ঢাকিলন্ত
হংসযান এড়ি
নানা স্তুতি কৰি
ধেনুকক মাৰি
তালফল পাৰি
তৃষ্ণায়ে আকুল
যমুনাৰ কূল
খাইল বিষফল
জীৱনে বিকল
দেখি নাৰায়ণ
ছাহিলা তেখন
কদম্বে চড়িলা
কালীয়ে ঝড়িলা
ফণাৰ উপৰে
উঠি নৃত্য কৰে
নাগ-পত্নীচয়
কালীক নিৰ্ভয়
ভীৰত চড়িলা
গলত বান্ধিলা

   

পড়িল হংসত।
চেতন গাৱত॥
দেখি ভগৱন্ত।
দুনাই জীলন্ত॥
চৰণত পড়ি।
গৃহে গৈলা লৰি॥
গাছক আছাৰি।
ভুজাইলা মূৰাৰি॥
হয়া গোপকুল।
গৈলা হুয়া ভুল॥
ভৈলন্ত বিহবল।
মৰিল সকল॥
অমৃত নয়ন।
লভিলা চেতন॥
হ্ৰদত পড়িলা।
শিৰত চড়িলা॥
দেৱ দামোদৰে।
সিটো সৰ্প মৰে॥
বুলিলা বিনয়।
দিলা কৃপাময়॥
জাতিয়ে বেঢ়িলা।
যশোদা কান্দিলা॥

[ ১৫ ]

নিকালি কালীক
গোপ গোপীক
প্ৰলম্ব অৰিষ্ট
মাৰিলা গৰিষ্ঠ
বেড়ি কুঞ্জবন
দেখি গোপগণ
পাছে নাৰায়ণে
তাৰি ৰঙ্গমনে
বসন্ত গ্ৰীষ্মত
ক্ৰীড়া নানামত
একচিত্ত কৰি
সাধে ব্ৰত ধৰি
বস্ত্ৰ থৈয়া তীৰে
যমুনাৰ নীৰে
কৃষ্ণে কৰি লীলা
কদম্বে চড়িলা
কৰ্ম্মক উচ্ছাদ
পত্নীক প্ৰসাদ
বদতি শঙ্কৰ
আন পৰিহৰ
দিন কতিপয়
যাইবা যমালয়

   

পিলা বনাগ্নিক।
ৰঞ্জিলা অধিক।।
চিন্তিলা অনিষ্ট।
ৰাম যে বলিষ্ঠ।।
লাগে হুতাশন।
ভৈলা ভয়মন।।
সদয় নয়নে।
আনিলা তেখনে।।
বৰ্ষা শৰতত।
কৰিলা ব্ৰজত।।
গোপৰ কুমাৰী।
স্বামী হৈবা হৰি।।
কেবল শৰীৰে।
স্নানি ধীৰে ধীৰে।
বস্ত্ৰক হৰিলা।
হাসি বস্ত্ৰ দিলা।।
বিপ্ৰক বিষাদ।
দিলাহা আহ্লাদ।
শুনা সবে নৰ।
ভজা দামোদৰ।।
জীৱন নিশ্ছয়।
নাহিকে সংশয়।।

[ ১৬ ]

বিনা লক্ষ্মীপতি
জানিয়া সম্প্ৰতি
তেবেসে নিস্তৰি
হৃদি ৰূপ ধৰি
মাধৱৰ নাম
এৰি আন কাম

   

নাহি আন গতি।
কৰিয়ো ভকতি॥
পুৰুষ উদ্ধাৰি।
মুখে বোলা হৰি॥
ধৰ্ম্ম অনুপান।
বোলা ৰাম ৰাম॥

শ্লোক

বেদে ৰামায়ণে চৈব পুৰাণে ভাৰতে তথা।
আদিমধ্যাবসানেষু হৰিঃ সৰ্ব্বত্ৰ গীয়তে॥১॥
মূকং কৰোতি বাচালং পঙ্গুং লঙ্ঘয়তে গিৰিং।
যৎকৃপা তমহং বন্দে পৰমানন্দ মাধৱং॥২॥

নিগমকল্পতৰোৰ্গলিতং ফলম
শুকমুখাদমৃতদ্ৰবসংযুতম।
পিৱত ভাগৱতং ৰসমালয়ম,
মুহুৰহো ৰসিকা ভূবি ভাবুকাঃ॥৩॥
যদক্ষৰং পৰিভ্ৰষ্টং মাত্ৰাহীনঞ্চ যদ্ভবেৎ।
সম্পূৰ্ণং তদ্ভবেৎ সৰ্ব্বং শ্ৰীকৃষ্ণস্য প্ৰসাদতঃ॥৪॥

[ ১৭ ]

গুৰু ভটিমা।

জয় গুৰু শঙ্কৰ  সৰ্ব্বগুণাকৰ
 যাকেৰি নাহি উপাম।
তোহাৰি চৰণকু  ৰেণু শতকোটি
 বাৰেক কৰোহোঁ প্ৰণাম॥
দৰশিত সুন্দৰ  গৌৰ কলেৱৰ
 যৈছন সুৰ পৰকাশ।
সকল সভাসদ  ৰঞ্জন যাকেৰি
 দৰশনে পাপ বিনাশ॥
বিনে অঙ্গভূষণ  পেশি সুশোভন
 গহীন গম্ভীৰ ধীৰ মতি।
আয়ত কমল   নয়ন বৰ সুন্দৰ
 বয়ন চান্দকহু জ্যোতি॥
লীলা গজগতি  গমন বিলোকন
 বাণী মেঘ গম্ভীৰ।
পাষও মৰ্দ্দন  কলিকো কালে
 যাকু সম নাহি ধীৰ॥
যোহি নাৰায়ণ  মায়াক বিস্তাৰি
 কৰু ত্ৰিজগত নিৰমাণ।

[ ১৮ ]

সনক সনাতন  যোগী যাকেৰি
 মহিমা কবহু নজান॥
সকল চৰাচৰ  পালনকাৰী
 যো হৰি দেৱক দেৱা।
চতুৰ বয়ন শিৱ  সুৰপতি যাকেৰি
 কৰু নিত্য চৰণহি সেৱা॥
চাৰি বেদ সৱ  শিৰোমণি মাজে
 যাকেৰি চৰণ বিকাশ।
সোহি দেৱক  কয়লি কলিকো
 শঙ্কৰ দেৱ পৰকাশ॥
ত্ৰিভুবন বন্দন  দৈৱকী নন্দন
 যো হৰি মাৰল কংস।
জগত তাৰণ  দেৱ নাৰায়ণ
 শঙ্কৰ তাকেৰি অংশ॥
মায়া নৰতনু  ধৰি হৰি ভকতি
 কয়লি বহু পৰচাৰ।
সব নৰ পাপ  পয়োধি মজ্জল
 তাহে কয়লি উদ্ধাৰ॥
অবিনিশি চাৰি  বেদ বিচাৰি
 বেকত কৰু হৰি নাম।
যাকেৰি বয়নে  মিলাই গাই
 পাই মনোৰথ কাম॥

[ ১৯ ]

পণ্ডিত মানি  বেদ বখানি
 গৰব কয়লি সব চূৰ।
গীত কবিত্ব গুণ  শঙ্কৰ দেৱৰ
 কীৰিতি গয়ো বহুদুৰ॥
শ্ৰীযশ দান  মান ভূত দয়া
 সব গুণ সম্পন্ন ঠিক।
ভকতক ভকতি  দানে কৰে গুৰু
 দায়া তনয় অধিক॥
হৰিক মূৰুতি শুৰুতি মন মগন
 মজ্জল আনন্দ-সিন্ধু।
ঐছন নিৰমল  হৃদয়ে বিকাশিত
 ভকত কুমুদকুল ইন্দু।
নিজ কুল তাৰি  ভকতি বিস্তাৰি
 বান্ধল হৰিগুণ সেতু।
কলিযুগে পাপ-  পয়োধি সব নৰ
 তাৰণ কাৰণ হেতু॥
ভকতি ভাণ্ডাৰ দ্বাৰসব ছোৰি
 মুকুতি কয়লি উদাস।
এক শৰণ হৰি  নাম ধৰম কহোঁ
 ৰাজা কৰু পৰকাশ॥
কি কহব শঙ্কৰ  দেৱৰ মহিমা
 জানি অন্ত নাপাই॥

[ ২০ ]

যাকেৰি চৰণক  ৰেণু শিৰে পশি
 মুকুতি সুখ সুখে পায়॥
মাধৱ দীন  মূৰুখমতি কহয়।
 বাণী শুন সব লোই।
বিনে গুৰু চৰণ  ভকতি ৰকতি
 মুকুতি কবহু নহোই॥
ওহি পৰম তত্ত্ব  বেদকো বাণী
 জানি নৰ নকৰ বিৰাম।
ধৰমক কৰমক  গৰবক ছোৰি
 ডাকি বোলহু ৰাম ৰাম॥

[ ২১ ]

দেব ভটিমা।

পৰম পুৰুষ  পুৰাতন পাপী
 পাৱন ঈশ্বৰ দেৱ।
ব্ৰহ্মা ৰুদ্ৰ  আদি দিক্‌পাল
 যাকু কৰত নিত্য সেৱ॥
যক্ষ ৰক্ষ  বিপক্ষ লক্ষ
 লক্ষ ক্ষয়ঙ্কাৰী।
দুষ্ট দৈত্য দানৱ  দলন দীন
 দাৰিদ্ৰ দুঃখ ভয়হাৰী॥
অঘ বক কুবলয়  ধেনুক কেশী
 কংস নাশী বনমালী।
গোপী পিন-পয়োধৰ  ঘৰিষণ চঞ্চল
 কৰ যুগশালী॥
আনন্দ সিন্ধু  সাধুজন বন্ধু
 মধুৰ মূৰতি মুৰনাশী।
বিৰিন্দা-বিপিন  বিহাৰ বিশাৰদ
 শাৰদ ইন্দু পৰকাশী॥
কোটী মদন-মন  মোহনৰূপী
 পৰশন পৰমানন্দ।

[ ২২ ]

সিদ্ধমুনিবৃন্দ  সাদৰ বন্দিত
 যাকৰ এ পদদ্বন্দ্ব॥
পালন প্ৰলয়া  সৃজনা জগতক
 যাহেৰি পৰম বিহাৰ।
যাসু নাম ধৰি  অধম পাপী
 পাৱত ভৱনদী পাৰ॥
সোহি গোপালক  কেলি নাটক
 ওহি মুকুতি নিদান।
ভো ভো সভাসদ  সাধুজন সব
 শুন মন কয় সাবধান॥
কলিকো পাপহৰ  নাহি অতঃপৰ
 জানি তেজহু আন কাম।
কহে কৃষ্ণ কিঙ্কৰ  আপোন উদ্ধৰ
 ডাকি বোলহু ৰাম ৰাম॥

[ ২৩ ]

পুৱাৰ গীত।

ৰাগ শ্যাম

পৰভাতে সুমৰো গোবিন্দ হৃষীকেশ।
চিদানন্দ মূৰুতি কপট গোপবেশ॥
সত্য সনাতন নিত্য নিৰঞ্জন দেৱ।
অনাদি অনন্ত যোহি বিনে নাহি কেৱ॥
সোহি প্ৰভু নাম ধৰে নন্দকু নন্দন।
কৰো পৰভাতে তবু চৰণ বন্দন॥
সনক সনন্দ যোগী যাহাকো ধিয়াই।
সকল নিগমে যাকু বিচাৰি নাপাই॥
চতুৰ বয়ন ভব কৰু যাক সেৱ।
গোপ নন্দ ভবনে বেকত সোহি দেৱ॥
অৰুণ নয়ন নখ অৰুণ বৰণ।
অৰুণ অধৰ চাৰু অৰুণ চৰণ॥
নীলমণিনিভ তনু এ জগজীৱন।
কহয় মাধৱ গতি নন্দকু নন্দন॥

[ ২৪ ]

ৰাগ সেয়ে।

তেজৰে কমলাপতি পৰভাত নিন্দ।
তেৰি চান্দ মুখ পেখোঁ উঠৰে গোবিন্দ॥
ৰজনী বিদুৰ দিশ ধৱলি বৰণ।
তিমিৰ ফাড়িয়া বাজ ৰবিৰ কিৰণ॥
শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই।
ব্ৰজবধূ দধি মথে তুৱা গুণ গাই॥
দামে সুদামে ডাকে তেৰি লৈয়া নাম।
হেৰ দেখ উঠিয়া আসিল বলৰাম॥
নন্দ গেল বাথানে গোৱাল গেল পাল।
সুৰভী চাৰিতে লাগে উঠৰে গোপাল॥
ক্ষীৰ লৱণু লৈয়া শিঙা বেত বেণু।
সকালে মেলিয়ো বৎস হেম্বালৱে ধেনু॥
কহয় মাধৱ মাই কিনো তপসাইলা।
ত্ৰিজগতপতি হৰি ৰাখোৱাল পাইলা॥

ৰাগ কৌ।

উঠৰে উঠ বাপু  গোপাল হে
 নিশী পৰভাত ভৈল।
কমল নয়ন  বুলি ঘনেঘন
 যশোৱা ডাকিবে লৈল॥

[ ২৫ ]

মোৰ প্ৰাণধন সুচান্দ বয়ন
 গাৱ চালি তেজ নিন্দ।
সৰ্ব্ব পুৰুষৰ   শিৰৰ ভূষণ
 তুমি সে বাপু গোবিন্দ॥
মোৰ পুত্ৰ বুলি  যশোৱা গোৱালী
 বুকে বান্ধি কোলে লৈলা।
বয়নে চুম্বন  কৰি ঘনে ঘন
 আনন্দে মগন ভৈলা॥
সিদ্ধ মুনিগণে  চিন্তিয়া নপাৱে
 সো হৰি যশোৱা কোলে।
ত্ৰিজগত পতি  ভকতি মিলিল
 মূৰুষ মাধৱে বোলে॥

ৰাগ শ্যাম।

পৰভাতে শ্যাম কানু ধেনু লৈয়া সঙ্গে।
বংশীৰ নিস্বানে বৃন্দাবনে চলে ৰঙ্গে॥
জগতৰ গুৰু হৰি কাচি গোপ কাচে।
আভীৰ বালক বেঢ়ি চলে আগে পাছে॥
শিকা বান্ধি চালি কান্ধে লৈয়া দধি-ভাত।
মাথায়ে চান্দনি জৰী সাজে জগন্নাথ॥
বাম কাষে শিঙা বেত নেত কৰু চেলী।
বহু ৰসে লাসে বেশে চলে কৰি ফেলি॥

[ ২৬ ]

অসংখ্য সহস্ৰ শিশু ধেনু বৎসগণ।
শিঙা শঙ্খ বেণু ৰৱে পূৰাৱে গগণ॥
নানান খেলান খেলে বহু ভাৱে গাৱে।
নানান বিনোদ ৰসে ভুবন ভুলাৱে॥
বৈকুণ্ঠ পতি হৰি বনে চাৰে ধেনু।
কহয় মাধৱ গতি কানুপদৰেণু॥

ৰাগ সেয়ে।

 মাই মাই খেলত গোপাল গোঁসাই।
কালিন্দী পুলিন বন  ওহি যদুনন্দন
 ফিৰত গউৱা চৰাই।
গজপতি গমন  চলয় জগজীৱন
 গোধন আগু বুলাই॥
আনন্দে নন্দ-  নন্দন পৰমানন্দ
 মোহন বাঁশৰী বজাই।
সনক সনাতন  যতহু যোগীজন
 যাকেৰি চৰণ ধিয়াই॥
সো হৰি নন্দ  গোকুল সহ মিলল
 দীন মাধৱে গুণ গাই।


[ ২৭ ]

বৰগীত।

ৰাগ আসোৱাৰী।

জয় জয় যাদৱ  জলনিধিজাধৱ ধাতা
 শ্ৰুতমাত্ৰাখিলত্ৰাতা।
স্মৰণে কৰয় সিদ্ধি  দীন দয়ানিধি
 ভকতি মুকুতি পদদাতা॥
জগজন জীৱন  অঞ্জন জনাদ্দন
 দনুজ দমন দুঃখহাৰী।
মহদানন্দ কন্দ  পৰমানন্দ
 নন্দনন্দন বনচাৰী॥
বিবিধ বিহাৰ-  বিশাৰদ শ্ৰাৰদ
 ইন্দু নিন্দি পৰকাশী।
শেষ শয়ন শিৱ  কেশী বিনাশন
 পীত বসন অবিনাশী॥
জগত বন্ধু বিধু  মাধৱ মধুৰিপু
 মধুৰ মূৰতি মুৰনাশী।
কেশৱ চৰণ  সবোকহ কিঙ্কৰ
 শঙ্কৰ কহ অভিলাষী॥

[ ২৮ ]

ৰাগ ধনশ্ৰী।

নাৰায়ণ কাহে ভকতি কৰো তেৰা।
মেৰি পামৰ মন  মাধৱ ঘনে ঘন
 ঘাতুক পাপ ন ছোৰা॥
যত জীৱ জঙ্গম কীট পতঙ্গম
 অগ নগ জগতেৰি কায়া।
সবকহু মাৰি  পূৰত ওহি উদৰ
 নাহি কৰত ভূত দায়া॥
ঈশ স্বৰূপে হৰি  সবঘটে বৈঠহ
 যৈছন গগণ বিয়াপি।
নিন্দা বাদ পিশূন  হিংসা হৰি তেৰি
 কৰোহোঁ হামু পাপী॥
কাকু শঙ্কৰ কৰ  কৰু কৰুণানাথ
 যোন ছাৰহু ৰাম বাণী।
সব অপৰাধক  বাধক তুৱা নাম
 তাহে শৰণ লেহু জানি॥

ৰাগ গৌৰী।

নাচে ভালি নাচে মদন গোপালা।
বজায়া মোহন বেণু গলে বনমালা॥
অৰুণ চৰণ দুহোঁ থমকে চলাই।
ঈষত ঈষত হাঁসি পঞ্চম গাই॥
শ্যামল সুন্দৰ চান্দ বয়ন বিকাশ।
কহয় মূৰুখমতি মাধৱ দাস॥

[ ২৯ ]

ৰাগ গৌৰী।

ৰাম পৰম ধন চিন্তহু মন ভাই।
তনু চিন্তামণি জন্ম বিফলেহি যাই॥
বিষয়ক সুখ শুকৰূ কহোঁ পায়।
হৰিপদ সেৱা মানবী বিনে নাই॥
ঝুণ্টা ঐছন জনম গোঞাই।
বিষয় কাচক লাগি মাণিক বিকাই॥
ওহি পৰমতত্ত্ব বেদক বাণী।
কহয় মূৰুখমতি মাধৱ জানি।


ৰাগ সেয়ে।

সোই সোই ঠাকুৰ মোই যো হৰি পৰকাশা।

নাম স্মৰত   ৰূপ ধৰত
  তাকেৰি হামু দাসা॥
পণ্ডিতে পঢ়ে   শাস্ত্ৰ মাত্ৰ
  সাৰ ভকতে লিয়ে॥
অন্তৰ জল   ছুটয় কমল
  মধু মধুকৰ পিয়ে॥
যাহে ভকতি   তাহে মুকুতি
  ভকতে এ তত্ত্ব জানে॥

[ ৩০ ]

যৈছে বণিক   চিন্তামণিক
  জানিয়া গুণ বখানে॥
কৃষ্ণ কিঙ্কৰ   শঙ্কৰ কহে
  ভয় গোবিন্দক পায়।
সোহি পণ্ডিত   সোহি মণ্ডিত
  যো হৰি গুণ গায়॥


ৰাগ সেয়ে।

নাহি নাহি ৰময়া বিনে, তাপ তাৰক কোই।
পৰমানন্দ, পদ মন্দ, সেবহু মন মোই॥
তীৰথ বৰত, তপ জপ যাগ, যোগ যুগুতি।
মন্ত্ৰ পৰম, ধৰম কৰম, কৰত নাহি মুকুতি॥
মাতা, পিতা, পতনী, তনয়া, জনম সব মৰণা।
ছাড়হু বন্ধ, মানস অন্ধ, ধৰতু হৰি চৰণা॥
কৃষ্ণ কিঙ্কৰ, শঙ্কৰ কহ, বিছোৰি বিষয় কাম।
ৰাম চৰণ, লেহু শৰণ, জপ গোবিন্দৰ নাম॥


ৰাগ তুৰ ভাটিয়ালী।

নাথ তাৰিয়ো তাৰিয়ো তাৰিয়ো যদুমণি।
মজিলো এ ভৱসিন্ধু তোমাক নাজানি॥
এ ভৱ সাগৰ মাজে পৰি হামু ভাসি।
কাম ক্ৰোধ কুম্ভীৰ মৰুৰে গিলে আসি॥

[ ৩১ ]

শোক মোহ ভয় মহাপাকে ভাল কৰে।
তৃষ্ণা তৰঙ্গে পায়া সব শ্ৰুতি হৰে॥
চিন্তা নাম বাড়ব-অগনি শোষে প্ৰাণ।
নাহিকে তৰণী তুৱা পদ বিনে আন॥
জানিয়া তোমাৰ পাৱে পশিলো শৰণ।
কহয় মাধৱ গতি অৰুণ চৰণ॥


ৰাগ সেয়ে।

কেমনে পাইবো হৰি চৰণ তোৰে।
এ দুঃখ সাগৰে উদ্ধাৰ মোৰে॥
এ ভৱ আটোপ অৰণ্য মাজে।
কালব্যাধে মৃগ মাৰিতে সাজে।
হামো পশু মায়াজালত বন্দী।
নাহি দেখোঁ হামু পলাইতে সন্ধি॥
কাম ক্ৰোধ কুত্তা কামুৰি খায়।
বিষয় বিষ লাগি এ জীৱ যায়॥
ৰূপ ৰস আদি এ পঞ্চবাণে।
হৃদয় মাজে হামু ফুটল টানে॥
পাপ পুণ্য ভৈল এ বৰ ডোৰ।
গলাৰ মাজে ছান্দি বান্ধিল মোৰ॥
কালব্যাধে ধৰি লই যায় টানি।
ৰাখু ৰাখু মোৰে শাৰঙ্গপাণি॥

[ ৩২ ]

কালৰো কাল বিভু সবাৰ হৰি।
নাহি নাহি আৰ তোমাৰ সৰি॥
জানিয়া শৰণ লৈলো তোমাৰ পায়।
দীন মাধৱ দাসে এ ৰস গায়॥


ৰাগ আসোৱাৰী।

ৰামক বাণী জপহু মন ভাই।
কলিকো কালে আৱৰ গতি নাই॥
যাকেৰি বয়নে বহত ৰাম বাণী।
তাকেৰি চৰণ ৰেণু লেহু জানি॥
ৰাম চৰণ যোহি কৰত উপাসা।
তাকেৰি হোঁ হামু দাসকু দাসা॥
মাধৱ দাস মূৰুখমতি গাই।
বহু মন ভকত চৰণ ৰেণু লাই॥


ৰাগ ভাটিয়ালী।

দয়াৰ ঠাকুৰ হৰি   যদুমণি ঐ ৰাম
  অধমে তোমাৰ নাম ডাকে।
কৃপা কৰা নাৰায়ণ   আমাৰ চঞ্চল মন
  তোমাৰ চৰণে যেন থাকে॥
এক বিপ্ৰ অজামিল   মন্দমতি পাপশীল
  পুত্ৰ ভাৱে সুমৰি তোমাৰে।

[ ৩৩ ]

কৰ্ম্মবন্ধ কৰি নাশ   বৈকুণ্ঠে পাইলে বাস
  ইতো আতি বিদিত সংসাৰে।।
তাতো কোটি কোটি গুণ   পাপমতি নিদাৰুণ
  তোমাৰ নামত কৈলো আশা।
পৰম পতিত আমি   পতিত পাৱন তুমি
  ই জানিয়া কৰিলো ভাৰসা॥
ধন্য ধন্য কলি কাল   ধন্য নৰতনু ভাল
  ধন্য ধন্য ভাৰতবৰিষে।
তপ জপ যজ্ঞ তেজি   তোমাৰ চৰণে ভজি
  তুৱা নাম ঘোষয় হৰিষে॥
সকল নিগমে কয়   অভয় তোমাৰ পায়
  আক ভালে জানি নাৰায়ণ।
মাধৱ মূৰুখমতি   তুৱা পাৱে যদুপতি
  সত্যে সত্যে পশিলো শৰণ॥


ৰাগ সেয়ে।

মোকে দেখিয়ো না   কেনে অহে জগন্নাথ
  মই বড় পাপেৰ পাপী।
সংসাৰ কূপত   পৰিয়া তোমাৰ
  চৰণে নধৰো চাপি॥
কত তপসাই  নৰ তনু পাই
  গোৱাইলো বিষয় ভোলে।

[ ৩৪ ]

হেন চিন্তামণি   অমূল্য ৰতন
  বিকাইলো কাচৰ মোলে॥
দেৱে নাহি পাই   মানবী হুইবাৰ
  মই পাপী আসিয়া পাইলো।
তোমাৰ ভকতি   অমিয়া তেজিয়া
  বিষয় গড়ল খাইলো॥
লোভ মোহ কাম   ক্ৰোধ মদ মন
  ইসব বৈৰীৰ সঙ্গে।
আপোন ইচ্ছায়   পাপ আচৰিয়া
  বেৰাইলো মনত ৰঙ্গে॥
পৰ তিৰী পৰ   ধনৰ আশায়
  সদায় আকুল ভৈলো।
তুমি মহাধন   তোমাক নেসেবি
  জনম বিফল কৈলো॥
আয়ু আলেজালে   গৈল পাইলে কালে
  প্ৰাণ কোন দিনা পৰে।
যমৰ যাতনা   শুনিয়া হৃদয়
  কম্পিত হুইল বড়ে॥
তোমাৰ অভয়   চৰণে শৰণ
  বিনে নাহি আন গতি
তুমি দয়াময়   জানিয়া কহয়
  মাধৱ মুৰুখমতি॥


[ ৩৫ ]

ৰাগ কেদাৰ।

(ৰাম) পাৱে পৰি হৰি   কৰব কাতৰি
  প্ৰাণ ৰাখবি মোৰ।
বিষয় বিষধৰ   বিষে জৰ জৰ
  জীৱন নাৰহে থোৰ॥
অথিৰ ধন অন   জীৱন যৌৱন
  অথিৰ এহু সংসাৰ।
পুত্ৰ পৰিবাৰ   সবহি অসাৰ
  কৰব কাহেৰি সাৰ॥
কমলদল-জল   চিত্ত চঞ্চল
  স্থিৰ নোহে তিল এক।
নাহি ভৱ ভয়   ভোগে হৰি হৰি
  পৰম্পদ পৰতেক॥
কহতু শঙ্কৰে   এ দুঃখ সাগৰে
  পাৰ কৰা হৃষীকেশ।
তুহু গতি-মতি   দেহু শ্ৰীপতি
  তত্ত্বপথ উপদেশ॥


ৰাগ কল্যাণ।

জয় জয় জগজন   তাৰণ কাৰণ
  নাৰায়ণ পৰ দেবং।
হৰ চতুৰানন  আদি অমৰগণ
  কৰু যাকৰ পদসেৱং॥

[ ৩৬ ]

ৰাম বিষ মোহ   কোটি কোটি অণ্ড
 তাণ্ডব কৰু সম ৰেণুং।
নিজজন ৰঞ্জন   ভঞ্জন ব্ৰজ দুঃখ
  মোদি বিনোদিত বেণুং॥
কলসী ভাঙ্গল   দধি সব নাশল
  কয়লি ভোজন নৱনীতং।
ভীতি পলাৱল   বান্ধল জননী
  অৰ্জ্জুন ভঞ্জন বীতং॥
নাচত গাৱত   ভাৱ দেখাৱত
  হাসত বহু লয়লাসং।
হৰিকহু চৰণ   কমল মধু আশে
  কহে দীন মাধৱ দাসং॥


ৰাগ ভাটিয়ালী।

হৰি মোৰ হৰি মোৰ এ দীন দয়াল।
কে জানিতে পাৰয়ে তোমাৰ ঠাকুৰাল॥
নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা।
সোহি জন্মে জীৱৰ জনম দূৰ কৰা॥
সহজে অকৰ্ত্তা কৰ্ম্ম কৰা অপৰ্য্যন্ত।
সোহি কৰ্ম্মে জীৱৰ কৰ্ম্মৰ কৰা অন্ত॥
তুমি প্ৰভু নিৰ্গুণ গুণেৰ সীমা নাই।
নিৰ্গুণ হোৱয় জীৱ সোহি গুণ গাই॥
কহয় মাধৱ মেৰি ওহি আশা মন।
সহজ-পীৰিতি হোক তোমাৰ চৰণ॥


[ ৩৭ ]

ৰাগ অহিৰ।

কেশৱ হে হামাকেৰি ৰাখহু প্ৰাণ।
নিজ কিঙ্কৰীক জীৱন দেহু দান॥
তৱ পদপঙ্কজ জীৱন জগবাস।
কয়লো কমলনয়ন চিৰ আশ॥
বিপদ-পয়োনিধি পৰলো মুৰাক।
দীন-বান্ধৱ দেৱ উদ্ধাৰা হামাক॥
পাপী শিশুপাল কাল ভেলি মেৰি।
তোহাৰি চৰণে শৰণ লৈলো হৰি॥
গতি গোবিন্দ বিনে নাহি আন।
কক্মিণী কৰুণা কৰু শঙ্কৰে ভাণ॥


কোমল গীত।

কৰতলকমল কমলদলনয়ন।
ভৱদৱদহন গহনবনশয়ন॥
নপৰনপৰপৰ শতৰত গমৱ।
সভৱঅভৱ ভৱ মমহৰ শততৱ॥
খৰতৰবৰশৰ শতদশবদন।
খগচৰ নগধৰ ফণধৰ শয়ন॥
জগদঘ মমহৰ ভৱভয়তৰণ।
পৰপদলয়কৰ কমলজবয়ন॥


[ ৩৮ ]

প্ৰসঙ্গীয়া ঘোষা।

কৃষ্ণ ৰাম কৃষ্ণ ৰাম।
কৃষ্ণ কৃষ্ণ ৰাম, জয় জয় ৰাম॥
কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম।
অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ॥
গোবিন্দ গোবিন্দ গোবিন্দ গোবিন্দ
 গোবিন্দ ৰাম মুৰাৰি।
অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী॥

গোবিন্দ ৰাম মুৰাৰি মুকুন্দ ৰাম মুৰাৰি।
ভকতি ৰোচন দুঃখবিমোচন ভকতৰ ভয়হাৰী।
পৰম পুৰুষ পৰম আনন্দ পৰম গুৰু মুৰাৰি।
অনাদি অনন্ত অচ্যুত গোবিন্দ ভকতৰ ভয়হাৰী॥
জয় যাদৱ এ, মোৰ প্ৰাণ জীৱেৰ জীৱন নাৰায়ণ।
 ভকতৰ ধন তযু অৰুণ চৰণ॥


যাদৱ যদুনন্দন, মাধৱ মধুসূদন।
তুমি নিত্য নিৰঞ্জন নাৰায়ণ,
তোমাত লৈলো শৰণ॥
ইবাৰ কৰুণাময় হৰি কমলাপতি,
মোকে নছাড়িবা নাৰায়ণ।
অৰুণ চৰণ তলে হৰি কমলাপতি।
সত্যে সত্যে পশিলো শৰণ॥

[ ৩৯ ]

হৰি চৰণত শৰণ লৈলো এ হৰি নাৰায়ণ।
মানবী জনম সফল কৈলো, এ হৰি নাৰায়ণ॥
গোপাল গোবিন্দ যদুনন্দন।
কৃষ্ণৰ চৰণে লৈলো শৰণ॥



ৰাঘৱৰ অভয় চৰণে।
সত্যে সত্যে পশিলো শৰণে॥
ৰামৰ চৰণে শৰণ লৈলো।
মানবী জনম সফল কৈলো॥
হৰি ও হৰি চৰণে লাগো।
অভয় চৰণে শৰণ মাগো॥
ৰাম ৰঘুপতি ৰঘুনন্দন।
তোমাৰ চৰণে লৈলো শৰণ॥



দীনবন্ধু ৰাম দয়াশীল দেৱ।
তুৱা পদ কমলে সদায় কৰো সেৱ॥
মোৰ প্ৰভু ৰাম কৰুণাসাগৰ।
আমি দুঃখিতক নছাড়িবা দামোদৰ॥
মধুৰিপুৰাম কমললোচন।
তুৱা গুণ নাম ভৱভয় বিমোচন॥
বন্দো মাধৱ মধুৰিপু নাম।
তুৱা পদকমল যুগল হৰি এ।


[ ৪০ ]

মাধৱ মাধৱ মাধৱ মধুৰিপু।
গোবিন্দ কৃষ্ণ হৰি হৰি ৰাম॥

নাৰায়ণ নিৰঞ্জন নিৰাকাৰ নিৰাময়।
মুৰাৰি এ হৰি হৰি ৰাম॥

প্ৰাণ গোপাল দিনবন্ধু নাৰায়ণ।

হে হে পৰম গুৰু পুৰুষুত্তম, হৰি পুৰুষুত্তম।
পুৰুষুত্তম পুৰুষুত্তম জয় পুৰুষুত্তম॥



হৰি হৰি হৰি হৰি হৰি হৰি হৰি
  কি কাম কৰিলো আমি।
সাধু সঙ্গ লৈয়া তোমাক নভজি
  ভৈলো কিনো অধোগামী॥
নিজ দাস হুয়া সেৱাক তেজিলো।
এহি দোষে ঘোৰ আপদে মজিলো॥
তুমিসি শুদ্ধ আত্মা প্ৰিয়তম।
তথাপি তোমাক নজানো অধম॥
তুমি নিজ পিতৃ গুৰু ইষ্ট মোৰ।
মই মন্দমতি ভৈলো সেৱাচোৰ॥
অধমকো ভাবে তোমাৰ ভকতি।
তথাপি তোমাক নভজো কুমতি॥
ইষ্টদেব বুলি তোমাক নধৰো।
নিকাৰ ভুঞ্জিয়া সংসাৰতে মৰো॥

[ ৪১ ]

তুমিশে কোৱলে কৰুণাসাগৰ।
তোমাক নভজো কি মই পামৰ॥
এবে কৃপাময় দিয়োক শৰণ।
দোষ মৰিষণ তোমাৰ চৰণ॥
ইবাৰ ঈশ্বৰ নছড়িবা মোক।
মোৰ মন মজি তোমাতে ৰহোক॥


হিয়াৰ মাঝে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়।
ৰাম নামে মাৰণা মাৰে, পাপ কটকৰ ক্ষয়॥
পাপ বিপক্ষক সংহৰি হৰি নামে খলখলি হাসে।
সকলো ধৰ্ম্মৰ উপৰে বসিয়া হৰি নাম প্ৰকাশে॥
মুকুতি সুখক বশ্য কৰি হৰি নামে আনন্দত নাচে।
পুৰুষে সহিতে সখিত্ব কৰিয়া চলয় হৰিষ কাছে॥
আপোন নামৰ মহিমা দেখিয়া হৰিৰ আনন্দ চৰে।
যিতো নাম লয় হৰি তাৰ হয় ইপুনু ৰহস্য বড়ে॥
হৰিগুণনাম ভাবিয়া পুৰুষে ৰহয় হৰিৰ পাশে।
হৰিৰ চৰণ হৃদয়ে ধৰিয়া কহয় মাধৱ দাসে॥


এ ভাৱক ভাই ভজ ভগৱন্ত ভক্তিভাৱে।
ভগৱন্তু ভজিয়া পৰম গতি পাৱে॥
ভগৱন্ত নভজি চলয় যম ঠাৱে।
ভগবন্ত ভকতক শমনে নধাৱে॥

[ ৪২ ]

ভগৱন্ত ভজিয়া জনম বাহুৰাৱে।
আন যত সবে মিছ ভক্তিৰ অভাৱে॥
জানিয়া ভজিয়ো ভাই ভগৱন্ত পাৱে।
এহু ৰস মাধৱ মূৰুখমতি গাৱে॥

ন-ঘোষা।

দৈৱকীনন্দন দেৱ   মোত পৰে নাই কেৱ
  পৰম পাতকী সংসাৰত।
শৰণে পশিলো আমি   চৰণে ৰাখিয় স্বামী
  থৈয়ো নিজ ভৃত্যৰ সঙ্গত॥
তযু ভকতৰ সঙ্গে   গাইব গুণ মহা ৰঙ্গে
  শ্ৰৱণে শুনিবো যশ যত।
হৃদয়ত ধৰো ৰূপ   তেবে তৰো ভৱকূপ
  এহিমানে মাগো চৰণত॥
হে বন্ধু কৃষ্ণদেৱ   মোত পৰে নাহি কেৱ
  আউৰ পৰম মন্দমতি।
তুমি হেন প্ৰভু পাই   তযু পাৱে ৰতি নাই
  মই পাপী গৈলো অধোগতি॥

[ ৪৩ ]

ই তিনি লোকত দেৱ   হেন আৰ আছে কেৱ
  পতিতক ৰাখে সংসাৰত।
পতিতপাৱন তুমি   শাস্ত্ৰ মুখে আছো শুনি
  শৰণে পশিলো চৰণত॥
বৈষ্ণৱৰ পদধূলি   মাথে লৈবো হাতে তুলি
  কৰিবো শ্ৰৱণ প্ৰসঙ্গত।
মুখত নেৰিবো নাম   তেবে মোৰ সিদ্ধি কাম
  এহিমানে মাগো চৰণত॥
তুমিসি শঙ্কৰ   গুৰু ভকতৰ
 কল্পতৰু জানি মই পশিলো শৰণে।
 আউৰ মোৰ নাহি ত্ৰিভুবনে।
শৰণে পশিলো বাপ   গুচায়ো সংসাৰ তাপ
  নাম মোৰ নছাড়োক মনে॥

[ ৪৪ ]

কীৰ্ত্তন।

ঘোষা।

ত্ৰাহি গোপাল কৃপাল স্বামী।
মজিলো ভৱজলধিত আমি॥
 পদ।
একমনে শুনা হৰিৰ ধ্যান।
বৈকুণ্ঠ নামে আছে মহাথান॥
শাৰী শাৰী ৰঞ্জে বিমানচয়।
বৈদূৰ্য্য হীৰা মৰকতময়॥
চন্দ্ৰ-সূৰ্য্য যেন প্ৰকাশে আতি।
নজানি যাত পশি দিন ৰাতি॥
চাৰু সৰোবৰ নিৰ্ম্মল জল।
সুগন্ধি পদ্ম শোভে উতপল॥
আছে ৰাজহংস সমূহে ৰঞ্জি।
লীলায়ে মৃণাল ভুঞ্জে উভঞ্জি॥
পাৰে পাৰিজাত মলয়া বাৱ।
চটকে ত্যজে সুললিত ৰাৱ॥
ভ্ৰমৰগণে গাৱে হৰি গীত।
বৈষ্ণবগণ শুনি আনন্দিত॥

[ ৪৫ ]

হেন বৈকুণ্ঠ মাজত পাছে।
উচ্ছ্ৰিত ৰত্নমন্দিৰেক আছে॥
বৈদূৰ্য্যৰ অন্ত স্ফটিক আৰ।
মাণিক্য কপাট হীৰাৰ দ্বাৰ॥
কাটিলা জিঞ্জিৰি সুবৰ্ণাৱলী।
বিচিত্ৰ মণি মৰকত স্থলী॥
পদ্মৰাগ ৰতে লগাইলা চৌতি।
কোটী সূৰ্য্য যেন গৃহৰ জ্যোতি॥
বিচিত্ৰ চন্দ্ৰাতপ আছে টানি।
আৰিল মুৰাৰি মুকুতা মণি॥
হেন মন্দিৰে ৰত্ন সিংহাসনে।
আছন্ত বসি প্ৰভু নাৰায়ণে॥
চৌপাশে সেৱে পাৰিষদ যত।
মৌক্তিক ছত্ৰ ধৰি ওপৰত॥
ধৱল চামৰে দুপাশে বিঞ্চে।
সঘনে সুতি কুসুম সিঞ্চে॥
সঘণে অনেক ভকতি ভাবে।
উপাসন্ত লক্ষ্মী জগত মাৱে॥
চৈতন্যময় শুদ্ধ ৰূপ ঘৰি।
পৰম আনন্দে আছন্ত হৰি॥
আতি চমৎকাৰ ৰূপ বিপুল।
কন্দৰ্প কোটী যাক নোহে তুল॥

[ ৪৬ ]

কোটী ইন্দু সম আছে প্ৰকাশি।
স্মৰণে দহয় পাতক ৰাশি॥
ভকতক বন্ধু জগত বাপ।
বোলা হৰি হৰি হৰোক পাপ॥


ঘোষা।

কৰুণাসিন্ধু, ভকত বন্ধু।
ৰূপে তুল নোহে কোটী ইন্দু।
 পদ।
স্থিৰ বুদ্ধি কৰি ভকত জনে।
প্ৰত্যেক অঙ্গক চিন্তিব মনে।
চৰণ পদ্ম দেখি সুখী হুই।
অৰুণ আতি পদতল দুই॥
অঙ্কুশ পদ্ম ধ্বজ বজ্ৰ যৱ।
দেখি চিহ্ন তাতে মিলে উৎসৱ॥
চৰণ-পঙ্কজ আছে প্ৰকাশি।
অঙ্গুলি-পান্তি তাৰ ভৈল পাশি॥
দেখি ৰত্নৰ পাকৰি নয়।
প্ৰকাশে তাতে নখচন্দ্ৰচয়॥
ৰতনে উজ্জ্বল উজন্তি যত।
নূপুৰ একাশে পাদপৃষ্ঠত॥

[ ৪৭ ]

বস্ত্ৰৰ ছোড়ন জ্বলে জঙ্ঘাত।
উৰু কৰি-কৰ সম সাক্ষাত॥
কটিত প্ৰকাশে বসন পীত।
বান্ধিছে মেখলা ৰত্নে ৰঞ্জিত॥
নাভি সৰোকহ ৰুচিৰ কান্তি।
হৃদয়ে প্ৰকাশে শ্ৰীবৎস পান্তি॥
উৰস্থলে লক্ষ্মী দিলন্ত দেখা।
কষটিত যেন সোণাৰ ৰেখা॥
পীতবস্ত্ৰে শোভে শ্যামল কায়।
তড়িত জড়িত জলদ প্ৰায়॥
বহল হৃদয়ে মুকুতা হাৰ।
প্ৰকাশে জিলিমিলি পেচন্দৰ॥
চিকিমিকি কৰে ৰত্ন উজ্জ্বলা।
আপাদলম্বী গলে বনমালা॥
তাহাৰ মধুগন্ধে হুয়া ভোল।
বেঢ়িয়া মধুকৰে কৰে ৰোল॥
চাৰু চতুৰ্ভুজ শোভে সুঠান।
ললিত বলিত নীল মোলান॥
কেয়ুৰ কঙ্কণ বলয়া তাত।
প্ৰকাশে নৱ কিশলয় হাত॥
বস্ত্ৰৰ শলাকা অঙ্গুলি পান্তি।
অঙ্গুঠিচয় তাতে কৰে কান্তি॥

[ ৪৮ ]

অৰুণ নখ চন্দ্ৰমাৰ শাৰী।
শঙ্খ-চক্ৰ-গদা-পঙ্কজধাৰী॥
গলত গলপতা সাতসৰি।
উৰে নৱগুণ কত উত্তৰী॥
শ্যামল শৰীৰ শোভে অধিক।
ময়ুৰপুচ্ছ যেন চিকমিক॥
কম্বুকণ্ঠে শোভে কৌস্তুভ মণি।
প্ৰভাতে উদিত আদিত্য জিনি॥
পূৰ্ণচন্দ্ৰ-ৰুচি মুখমণ্ডল।
কৰ্ণত মকৰ দোলে কুণ্ডল॥
তাৰ ৰশ্মি জ্বলে গণ্ড পাণ্ডুৰ।
ৰুচিৰ চিবুক চাৰু অধৰ॥
প্ৰৱাল ৰত্নে যেন কৰে কান্তি।
সুন্দৰ দন্ত মুকুতাৰ পান্তি॥
সদায় নুগুচে ঈষত হাঁস।
নাসা তিলফুল সম প্ৰকাশ॥
অৰুণ লোচন পঙ্কজ পাশি।
ধনু সম আছে ভ্ৰূব প্ৰকাশি॥
ৰত্নময় কৰে তিলকে কান্তি।
কপালে লম্বিত অলকা পান্তি॥
ৰঞ্জে শিৰে ৰত্নময় মুকুট।
চুড়ামণি ৰত্মে প্ৰকাশে জুট॥

[ ৪৯ ]

তাৰ মাজে ৰত্ন-পঙ্কজমালা।
উজ্বল মুখ তাৰ লাগি আলা॥
হেন মনোজৰ ৰূপ নিৰীখি।
থাকিব সমস্ত অঙ্গক দেখি॥
মস্তকৰ পৰা পাদ পৰ্য্যন্তে।
নমাইবে মনক দুনাই দেখন্তে।
ধ্বজ-ব্ৰজ-যব পঙ্কজ যাৱে॥
প্ৰদক্ষিণ নমি পৰিৰ পাৱে।
এতেকে হৈবেক পৰম সিদ্ধি।
হৰিলে জানা জগতৰ নিধি॥
হেলায় সংসাৰ তৰিবা পুনু।
নকৰা বিফল মনুষ্য তনু॥
দৃঢ় কৰি ধৰা হৰি পাৱ।
পাপসাগৰত এছিসে নাৱ।
কৃষ্ণৰ কিঙ্কৰে শৰুৰে ভণে।
বোলা হৰি হৰি সমস্ত জনে॥


ঘোষা।

এ প্ৰাণ হৰি গৈলা এৰি।
 পদ
হেন কৰি ভৈলোহোঁ বঞ্চিত।
কিমতে ধৰিবো আবে চিত্ত॥

[ ৫০ ]

সুপ্ৰভাত মথুৰা পুৰীৰ।
মুখপদ্ম দেখিবে স্বামীৰ।
জীৱৰ জীৱন প্ৰাণপতি।
আজি পাইবে কোন ভাগ্যবতী॥
কিনো সুপ্ৰসন্ন ভৈল বিধি।
হাতে পাইলে গোকুলৰ নিধি॥
মুখপদ্ম চন্দ্ৰ নোহে সৰি।
আনন্দে দেখিবে নেত্ৰভৰি॥
পাইব গৈয়া নাগৰী সুন্দৰী।
আউৰ দুনাই নাসিবন্ত হৰি।
সৌহৃদ্য ভাঙ্গিলা ক্ষণেকতে।
উপাসন্ত লক্ষ্মি কেনমতে॥
কিনো নিদাৰুণ নাৰায়ণ।
নুবুলিবা প্ৰবোৰ বচন।
পতি পুত্ৰ এড়ি তৈলো চেড়ী।
কোন সতে প্ৰভু গৈলা এড়ী॥
কিনো বজ্ৰে বান্ধিলেক হিয়া।
ভকতক গৈল দুঃখ দিয়া॥
আমি মৰো তোমাৰ বিৰহে।
জানি কেন মতে হৃদি সহে॥
এহি বুলি কান্দে গোপনাৰী।
ৰাম কৃষ্ণ বুলি গেৰি পাৰি॥

[ ৫১ ]

নেত্ৰৰ লোতক পৰে ধাৰে।
ঘনে ঘনে নিশ্বাস ফোঁকাৰে॥
হৰি বিনা নভাবে বচনে।
নপাসৰে সচেতে সপনে॥
ৰাত্ৰি দিনে গাৱে হৰি গীত।
কৃষ্ণতে অৰ্পিলা প্ৰাণ চিত্ত॥
কায়স্থ শঙ্কৰে এভু ভণে।
হৰি কথা শুনা সৰ্ব্বজনে॥
হৰিৰ কীৰ্ত্তন মুখে কৰা।
মাধৱৰ ৰূপ হিয়ে ধৰা॥
অল্প পুণ্যে নপাই আৰু জানি।
সদা নছাড়িবা ৰাম বাণী॥
পাপীজনে হৰি নুসুমৰে।
পাতকে মুখত চেপি ধৰে॥
আনে সুমৰন্তে শুনি মৰে।
পাপে চিত্ত উচপিচ কৰে॥
হৰিধ্বনি শুনি কাণ ফাটে।
নিন্দা কৰি ফুৰে হাটে বাটে॥
হেন জানি পাপক সংহৰি।
সদায় ঘুষিয়ো হৰি হৰি॥


[ ৫২ ]

ঘোষা।

কি কৰিলো কি কৰিলো ভকতি নকৰি।
অন্তকে পাইলেক আসি ৰক্ষা কৰা হৰি॥

পদ

নকৰিলো শিৰে মাধৱক নমস্কাৰ।
ইটো মাথাগোট মোৰ ভৈল মহাভাৰ॥
কৰ্ণ দুই আছে নুশুনিলো হৰি কথা।
দুগোটা গৰ্ত্তৰ ভাৰ বহিলোহো বৃথা॥
জিহ্বা মোৰ আছন্তে নলৈলো ৰাম নাম।
দাদুৰীৰ জিহ্বা যেন ভৈল কোন কাম॥
নেদেখিলো নয়নে প্ৰভুৰ যেন ৰূপ।
সম্যকে জানিলো দুয়ো আখি অন্ধকূপ॥
যেন চিত্ৰ বিচিত্ৰ মৈৰাৰ ভাসে পাখি।
হৰি ৰূপ নেদেখিনো পাইলো কেন আখি॥
হৰিপদ তুলসীৰ নলৈলোহো ঘ্ৰাণ।
জীৱন্তে মৰিলো নাসা ভাটিৰ সমান॥
পিন্ধিলোহো বাহুত অনেক অলঙ্কাৰ।
প্ৰভুৰ পূজাক নকৰিলো একবাৰ।
কৃষ্ণ কৃত্য নকৰিলো ভৈলোহো বৰ্ব্বৰ।
ইটো হস্ত বাহু মিছা মৃতক শৱৰ॥
পাৱ দুই আছন্তে নগৈলো ক্ষেত্ৰ স্থান।
মোৰ পাৱ ভৈল বৃক্ষ শিপাৰ সমান॥

[ ৫৩ ]

হাঁ হাঁ দয়াময় মোৰ কি কৰিলা গতি।
প্ৰভু তুৱা নাম লৈতে হৌক মোৰ মতি॥
কৰ্ম্ম দোষে যিবা জন্ম হোৱে সংসাৰত।
তাতো নছাড়োক চিত্ত তুৱা চৰণত॥
সদায় ঘোষোক ৰাম নাম মোৰ মুখে।
সংসাৰ সাগৰ তেবে তৰো মই সুখে॥
সকল জগত তযু মায়ায়ে মোহিত।
তোমাৰ চৰণে প্ৰভু কেৱে নেদে চিত্ত॥
পুত্ৰ দাৰা নিগড়ে বান্ধিলা দুয়ো ভৰি।
মৰন্তে আছোহোঁ তবু নোবোলোহো হৰি॥
দুৰ্ল্লভ মনুষ্য জন্ম ভাৰতত পাইলো।
তোমাক নেসেবি বৃথা জনম গঁৱাইলো॥
নিচিন্তিলো একবাৰ তোমাৰ চৰণ।
তৰু-বন জীয়ে যেন আমাৰ জীৱন॥
বিষয়ত ভোল হুয়া কৰিলোহো ভোগ।
তাৰ ফলে শৃগাল শ্বানৰ ভৈলো যোগ॥
ভৱ তৰিবাৰ যোগ্য লভিলো শৰীৰ।
বিষয় বাতাসে পায়া কৰিলে অস্থিৰ॥
কৰে টলবল দেহা কেনে হুইবো পাৰ।
এভু দাস বুলি প্ৰভু কৰিবো উদ্ধাৰ॥
সুকবি শেখৰ তুৱা দাসৰ দাস।
কাতৰ কৰোহো দিয়ো চৰণত বাস॥


[ ৫৪ ]

তাৎপৰ্য্য।

পদ।

শুনিয়োক সৰ্ব্বজন কৃষ্ণৰ চৰিত্ৰ।
আতপৰে আন পুণ্য নাহিকে কলিত॥
লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত।
জানি যত্নে কৰা পান কৃষ্ণ কথামৃত॥
ক্ষণিক শৰীৰ বিলম্বত কাৰ্য্য নাই।
চিন্তামণি জন্ম হেৰা হাততে হৰাই॥
নাহিকে চেতন কাল অজগৰে গিলে।
ধন-জন-জীৱন যাইবেক একতিলে॥
যত দেখা ভাৰ্য্যা পুত্ৰ সৱে অকাৰণ।
চাই মাত্ৰ থাকে কালে ধৰে যেতিক্ষণ॥
বিষয়ৰ সুখ একতিলে কৰি চুৰ।
যমৰ কিঙ্কৰে ধৰি নিবে যমপুৰ॥
যমৰ মূৰ্ত্তিক দেখি হৰাইবে চেতনা।
দুৰ্ঘোৰ নৰকে পেলাই ভুঞ্জাইবে যাতনা॥
হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ।
তেবেসে তৰিবা ঘোৰ সংসাৰ নিকাৰ॥
বিচাৰি শাস্ত্ৰত পাইবা এহিসে যুগুতি।
কৃষ্ণৰ নামেসে সাধে ভুকুতি মুকুতি॥
কলিৰ পৰম ধৰ্ম্ম জানা হৰি নাম।
শঙ্কৰে ৰচিলা ডাকি বোলা ৰাম ৰাম॥


[ ৫৫ ]

কৃষ্ণৰ চৰিত্ৰ  পৰম অমৃত
 আত পৰে নাহি আন।
কোটি কোটি যজ্ঞ জপ তপ দান
 সবেও নুহি সমান॥
যত গুণ নাম ধৰ্ম্ম অনুপাম
 আক সাৰ কৰি ধৰা।
যত দেৱ ধৰ্ম্ম দূৰতে তেজিয়া
 কৃষ্ণত ভকতি কৰা॥
হেন তত্ত্ব জানি চিন্তা চক্ৰপাণি
 অনাদৰি আন কাম।
কৃষ্ণৰ কিঙ্কৰে ৰচিলা শঙ্কৰে
 ডাকি বোলা ৰাম ৰাম॥


কেশৱৰ লীলা ইটো শুনা সভাসদ।
পাতক অন্তক মহা ভাগৱত পদ॥
যত ধৰ্ম্ম কৰ্ম্ম যজ্ঞ আৰ অনুচৰ।
আত নাহি গতি আৰ কলিৰ লোকৰ॥
হেন জানি কৃষ্ণৰ চৰণে দিয়া মতি।
জানিবা হৰিসে পৰলোকৰ যে গতি॥
ভকত জনৰ নিজ সুহৃদ-মাধৱ।
জানিবা হৰিসে পৰলোকৰ বান্ধব॥

[ ৫৬ ]

ইহেন মনুষ্য জন্ম বৃথা যায় আয়ু।
কৈত কেতিক্ষণে পৰে ইটো প্ৰাণ বায়ু॥
যত দেখা ভাৰ্য্যা-পুত্ৰ সবে অকাৰণ।
চাই মাত্ৰ থাকে কালে ধৰে যেতিক্ষণ॥
যম যাতনাক তৰিবাৰ কৰা কাম।
শঙ্কৰে ৰচিলা ডাকি বোলা ৰাম॥


ঘোষা৷

শৰণ৷

হৰিপদ সেৱা নকৰে নিমিত্তে
 মায়ায়ে বান্ধি ফুৰাৱে।
ভাৱত মায়াক নতৰে হৰিত
 শৰণ নলৱে যাৱে॥
মই দুৰাচাৰ কেৱলে তোমাৰ
 অপৰাধি নাৰায়ণ।
ক্ষমিয়োক হৰি লৈয়ো দাস কৰি
 পশিলো হেৰা শৰণ॥
হে কৃষ্ণ স্বামী তযু পাৱে আমি
 কেৱলে শৰণ চাওঁ।
কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ
 তেবেসে এভু এৰাওঁ॥

[ ৫৭ ]

হে যদুপতি   মই মুঢ়মতি
  নজানো সেৱা তোমাৰ।
কেৱলে তোমাৰ   চৰণ পঙ্কজে
  শৰণ কৰিলো সাৰ॥
পুৰুষ উত্তম   পৰম পুৰুষ
  পৰম আনন্দ স্বামী।
তযু পাদপদ্ম   মকৰন্দ আশে
  শৰণ পশিলো আমি॥
প্ৰভু ভগৱন্ত   অনন্ত ঈশ্বৰ
  প্ৰপন্ন জন তাৰণ।
তুমি প্ৰিয়তম   পৰম দেৱতা
  জানিয়া লৈলো শৰণ॥


ভজন।

জয় জয় জয়   কৃষ্ণ কৃপাময়
  ভজিলো তোমাৰ পাৱে।
তোমাৰ চৰণ   পঙ্কজত মন
  মজোক মোৰ স্বভাৱে॥
জয় জয় ৰাম   জগত কাৰণ
  জগত জীৱন স্বামী।
পৰম দেৱতা   জানিয়া তোমাৰ
  চৰণে ভজিলো আমি॥

[ ৫৮ ]

অনাদি অনন্ত   হে ভগৱন্ত
  ভজো কৰি প্ৰণিপাত।
মুকুতি ৰসকো   তেজি মহাজনে
  শৰণ লৱে তোমাত॥


নমস্কাৰ।

হে কৃষ্ণদেৱ   পাপী বুলি কেৱ
  মোক মোৰ নোবোলয়।
পতিত পাৱন   জানিয়া তোমাত
  আপুনি গৈলো বিক্ৰয়॥
নমো হৰিপদ   পঙ্কজ যুগল
  বিমল সুখ সাগৰ।
অনাদি অনন্ত   দেৱ সদাশিৱ
  ভগৱন্ত ভয়হৰ॥
মোহ মায়া ৰাগ   মদ মল কাম
  দম্ভ দ্বেষ আদি ভাৱ।
যি গুৰু জনত   ই সব নাথাকে
  প্ৰণামো তাহান পাৱ॥
জয় যদুপতি   গোপাল গোবিন্দ
  যাদৱ মাধৱ ৰাম।
ভকতৰ ধন   জীৱৰ জীৱন
  কৰোহোঁ পাৱে প্ৰণাম॥

[ ৫৯ ]

নমো নিত্যানন্দ   জগত কাৰণ
  বাসুদেৱ ভগৱন্ত।
নিত্য শুদ্ধ বুদ্ধ   কাম অনিৰুদ্ধ
  পুৰুষ প্ৰভু অনন্ত॥
ৰাম নিৰঞ্জন   দানৱ গঞ্জন
  ভকত ৰঞ্জন দেৱ।
তুমিসি পৰম   গুৰু নাৰায়ণ
  তুৱা পাৱে কৰো সেৱ॥


প্ৰাৰ্থনা।

কোটি কোটি ঘোৰ   অপৰাধ নিতে
  কৰো আমি দুৰাশয়।
হে হৰি মোক   দাস হেন মানি
  ক্ষমিয়োক কৃপাময়॥
অনাদি অনন্ত   অচিন্ত্য ঈশ্বৰ
  তুমিসে নিত্য নিৰ্ম্মল।
গুচায়ো কুমতি   ভজোহো কেৱল
  তোমাৰ পদ কমল॥
হে ভগৱন্ত   ভজোহো তোমাৰ
  অভয় পদ-কমলে।
মই অনাথক   ৰাখিয়ো ঈশ্বৰ
  অৰুণ চৰণ তলে॥

[ ৬০ ]

হে কৃষ্ণ কৃপা-   ময় প্ৰভু মোক
  কৰা কৃপা এহিমান।
তোমাৰ চৰণে   ৰহোক আমাৰ
  সদায় নিৰ্ম্মল জ্ঞান॥
জয় জগবন্ধু   জগত কাৰণ
  নাৰায়ণ নিৰাকাৰ।
কেৱলে তোমাৰ   চৰণ পঙ্কজে
  ৰহোক মন আমাৰ॥


নিবেদন।

কতনো অমোঘ   অপৰাধ হৰি
  কৰিয়া আছো প্ৰচুৰ।
বুদ্ধিত থাকিয়া   নেদেহা সুবুদ্ধি
  কৃপা হুয়া ঠাকুৰ॥
যিহেতু তোমাৰ   চৰণ পঙ্কজে
  নভজিলো নাৰায়ণ।
সিহেতু অনাদি   অবিদ্যা আমাৰ
  কৰিল জ্ঞান উচ্ছন॥
তুমি নিজ পিতৃ   গুৰু ইষ্ট দেৱ
  নভজো তোমাৰ পাৱে।
এহি দোষে মোক   যম দূতে ধৰি
  যাতনা দুঃখ ভূঞ্জাৱে॥

[ ৬১ ]

তুমি প্ৰিয় আত্মা   পৰম দেৱতা
  তোমাত ভৈলো বিমুখ।
এতেকে তোমাৰ   মায়ায়ে আমাক
  দিলেক সংসাৰ দুঃখ॥


কাকুতি।

কিমতে ভকতি কৰিবো তোমাত হৰি এ,
মই মূঢ়মতি নজানো তাৰ উপায় ৰাম ৰাম।
মহা বলৱন্ত দুৰ্ব্বাসনা ঘোৰ হৰি এ,
আমাৰ মনক তেজিয়া দূৰ নযাই ৰাম ৰাম॥
তোমাৰ মায়ায়ে মন মুহি আছে হৰি এ,
অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাওঁ ৰাম ৰাম।
অভয় চৰণে শৰণ পশিলো হৰি এ,
তুৱা গুণ নাম ভকতি প্ৰদীপ চাওঁ ৰাম ৰাম॥
ভকতি মিনতি প্ৰণতি নজানো হৰি এ,
মোত পৰে জ্ঞানশূন্য হীনমতি নাই ৰাম ৰাম।
তুমি প্ৰভু কৃপা ৰসেৰ সাগৰ হৰি এ
দিয়ো মোক তুৱা পদ ছাঁয়া তলে ঠাই ৰাম ৰাম॥
হৰি এ কৰুণাসিন্ধু জীৱন বন্ধু,
গতিমতি তুমি নাৰায়ণ।
তুৱা গুণ নাম ভকতৰ মহাধন॥

[ ৬২ ]

পতিত বুলিয়া মোক হৰি হৰি এ ৰাম,
তেজিতে নপাৰা নাৰায়ণ।
পৰম কৰুণা গুণে হৰি হৰি এ ৰাম,
নাম ধৰিছা পতিতপাৱন॥
দয়াৰ ঠাকুৰ হুয়া দয়া কেনে নকৰয়।
ৰাম কৃষ্ণ নাৰায়ণ দীন দয়াময়॥
মোকে কৃপা কৰা হৰি এ,
দান্তে ধৰো তৃণ, মাথে ধৰো তৃণ।
তুমি কৃপাময়ক নজানো এতদিন॥
মোকে কৃপা কৰা এ,
ঐ বন্ধু ৰাম, প্ৰাণবন্ধু ৰাম,
নেড়োক মুখে ৰাম কৃষ্ণ নাম, মোকে কৃপা কৰা
পতিতপাৱন বুলি নাৰায়ণ এ,
পৰম পতিতে ডাকে আতুৰ হুয়া।
তযু বেদবাণী আমি আছো শুনি এ,
মহা মহা পাপী তৰে তযু নাম লৈয়া॥
তুৱা গুণ নাম অমৃত আশায় এ,
তোমাৰ চৰণে বিকা গৈলো মূঢ়মতি।
চৰণত ধৰো কাতৰ কৰো এ,
মই অনাথক নছাড়িবা যদুপতি॥
তোমাৰ সেৱক ভৈলো নাৰায়ণ এ,
নিশ্চয়ে তোমাৰ দিবাক লাগে প্ৰসাদ।

[ ৬৩ ]

নিজ ভৃত্য কৰি লৈয়ো গোপীনাথ এ,
তযু কৃপাময় মিলয় কোন প্ৰমাণ॥
হে দয়াশীল দেৱ দামোদৰ এ,
তোমাৰ চৰণে বোলোহোঁ কাকুতি বাণী।
মোক নিজ দাস কৰি লৈলে হৰি এ,
কহিয়ো কৃপাল তোমাৰ কি হয় হানি॥
পৰম কৃপালু হুয়া যদুপতি এ,
কোন অপৰাধে মোক ভৃত্য পৰিহৰা।
শাস্ত্ৰতো প্ৰসিদ্ধ অজ্ঞানতো হৰি এ,
যিটো নাম লৱে তাকে মোৰ বুলি ধৰা॥
জ্ঞানশূন্য আতি পশু-পক্ষী জাতি এ,
তাকো অনুগ্ৰহ কৰি আছা কৃপাময়।
আকে জানি হৰি শৰণে পশিলো এ,
আমাক তোমাৰ তেজিতে উচিত নয়॥
তোমাৰেসে নিজ ভৃত্য ভৈলো হৰি এ,
কৃপাৰ সাগৰ তুমি মোৰ নিজ স্বামী।
মই অনাথক নবঞ্চিবা হৰি এ,
তযু সেৱা-ৰস আশা কৰি আছো আমি॥
বেদৰ গুপুত বিত্ত নাৰায়ণ এ,
দৈৱকীত হন্তে সাক্ষাতে ভৈলা বিদিত।
জীৱৰ তাৰণ হেতু নাৰায়ণ এ,
প্ৰচাৰিলা নিজ যশ ধৰ্ম্ম বিপৰীত॥

[ ৬৪ ]

ভকতৰ বশ্য হুইবাৰ শঙ্কায় এ
যোনো মোক তুমি দাস পৰিহৰা হৰি৷
ইটো শঙ্কা হৰি দূৰতে তেজিয়া এ,
লৈয়োক তোমাৰ ভৃত্যৰ অধীন কৰি॥
তোমাৰ গুণৰ মহিমা দেখিয়া এ,
আন যত কাম দূৰতে তেজিয়া থৈলো৷
তবু পদসেৱা ৰসক আশায় এ,
তোমাৰ একান্ত ভৃত্যৰ কিঙ্কৰ ভৈলো॥
সহজ কৃপালু গুণক প্ৰকাশি এ,
ধৰি আছা হৰি ভকতবৎসল নাম।
ধেনু যেনমতে বৎসক পালয় এ ,
তুমি সেহিমতে ভকতক পালা ৰাম॥
আমি যত জীৱ তোমাৰ পালন, হৰি হৰি হৰি হৰি এ,
তুমিসে পালিয়া ফুৰা হুয়া অন্তৰ্য্যামী।
আবে যেবে নিজ ভৃত্য বুলি পালা,
হৰি হৰি হৰি হৰি এ,
তেবেসে কৃপাল কৃত্যকৃত্য হওঁ আমি॥
তুমি যাক পালা সিয়ো জন আমি,
হৰি হৰি হৰি হৰি এ,
সংসাৰ নিকাৰ ভুঞ্জিয়া ফুৰো বহুত।
তোমাৰ অধীন হুয়া কেনে আমি,
হৰি হৰি হৰি হৰি এ,
ভৈলোহোঁ স্বতন্ত্ৰ ইটো কিনো অদভুত॥

[ ৬৫ ]

তোমাক পৰম ঈশ্বৰ নমানি,
হৰি হৰি হৰি হৰি এ,
মহা অহঙ্কাৰে দ্ৰোহ আচৰিলো আমি।
আবে তযু পদে শৰণ পশিলো,
হৰি হৰি হৰি হৰি এ,
মই দ্ৰোহীয়াৰ দোষ ক্ষমা কৰা স্বামী।
দাস হুয়া তযু সেৱা নকৰিলো,
হৰি হৰি হৰি হৰি এ,
ইটো ঘোৰ অপৰাধৰ চিকিৎসা নাই৷
তুমি পুনু প্ৰভু সহজ কৃপালু,
হৰি হৰি হৰি হৰি এ,
শৰণ পশিলো ক্ষমিবে প্ৰভু যুৱাই॥
মই অজ্ঞানীৰ যতেক অজ্ঞান,
হৰি হৰি হৰি হৰি এ,
কথা কহি কোনে সীমা কৰিবেক তাক।
ইটো মোৰ ঘোৰ দোষ পৰিহৰি
হৰি হৰি হৰি হৰি এ,
কৃপাময় কৃষ্ণ চৰণে ৰাখা আমাক॥
প্ৰিয়তম আত্মা ঈশ্বৰ দেৱতা,
হৰি হৰি হৰি হৰি এ,
কৃষ্ণেসে সুহৃদ বান্ধৱ গুৰু আমাৰ।
কৃষ্ণৰ চৰণ পঙ্কজ বিনাই,
হৰি হৰি হৰি হৰি এ,
মই অনাথৰ গতি নাহি নাহি আৰ।


[ ৬৬ ]

বস্তু প্ৰকাশ।

হৰি নাম ৰসে   বৈকুণ্ঠ প্ৰকাশে
  প্ৰেম অমৃতৰ নদী।
শ্ৰীমন্ত শঙ্কৰে   পাৰ ভাঙ্গি দিলে
  বহে ব্ৰহ্মাণ্ডক ভেদি॥
গোবিন্দৰ প্ৰেম   অমৃতৰ নদী
  বহে বৈকুণ্ঠৰ পৰা।
চাৰি পুৰুষাৰ্থ   তাহাৰ নিজৰা
  হৰি নামে মূল ধাৰা॥
হৰিভক্তি দান   দিয়া জগতক
  তাৰিলা সংসাৰ-সিন্ধু।
হেনয় কৃপালু   শঙ্কৰ বিনাই
  নাহি নাহি আৰ বন্ধু॥
হৰি ভকতিৰ   পাতিলন্ত হাট
  শঙ্কৰে জগত জুৰি।
ৰাম নাম ৰত্ন   বেসায়া জগতে
  চলয় বৈকুণ্ঠপুৰি॥
শ্ৰীমন্ত শঙ্কৰ   হৰি ভকতৰ
  জানা যেন কল্পতৰু।
তাহান্ত বিনাই   নাই নাই নাই
  আমাৰ পৰম গুৰু॥


[ ৬৭ ]

কৃপা।

কৰুণাময় ৰাম কৰুণাময়।
কৰিয়ো কৃপা যেন উচিত হয়।
তুমি সে ৰাম কৃপাৰসেৰ নিধি
তোমাৰ কৃপা বিনে নাহিকে সিদ্ধি॥
তোমাৰ কৃপাকেসে কৰিছো আশ।
অৰুণ পদতলে দিয়োক বাস॥
সহজে তুমি ৰাম কৰুণাসিন্ধু।
তোমাত বিনে আন নাহিকে বন্ধু॥
তোমাৰ কৃপালেশে আমাৰ গতি।
কহয় মাধৱ মূৰুখমতি॥


টোটয়।

মধুদানৱদাৰণ-দেৱবৰং।
ধৰণী-ধৰধাৰণধ্যেয়পৰং।
কৰচূৰ্ণিতচেদিপভূৰিভগং।
যুগনায়কনাগৰবেশৰুচিং।
শুচিচামৰবায়ুনিসেব্যতনুং।
হনুমন্তহৰীশসহায়ৰতং।
নতবৰ্ত্তুলস্থুলসুদীৰ্ঘভুজং।

   

বৰবাৰিজলোচন-চক্ৰধৰং॥
পৰমাৰ্থবিদ্যাশুভনাশকৰং॥
ভগভূষণকাৰ্চ্চিতপাদযুগং॥
ৰুচিৰাংশুপিধানশৰীৰশুচিং॥
তনুমধ্যগদেহসুবেশহনুং॥
বতৰাঙ্গপৰায়ণশত্ৰুনতং॥
ভুজগাধিপতল্পশয়ানমঞ্জং॥

[ ৬৮ ]

অজৰামবিগ্ৰহবিশ্বগুৰুং।
তৰুণীমনমোহনসৰ্ব্বশুভং।
ইভকুম্ভজমৌক্তিমাল্যবহং।
সহজায়তিপদ্মদলাক্ষচিদং।
বিদুৰাম্মন-মণ্ডপ-কম্বুগলং।
বলভদ্ৰমহোদৰসত্যবপুং।
ৰিপুযূথপযুথপদৰ্পহৰং।
পৰলোকসহায়সহস্ৰমুখং।
সুখমোক্ষদদক্ষমাৰমণং।
ফুলতোস্মিনভোস্মিনভোস্মিহৰিং।
হৰিকিঙ্কৰ-শঙ্কৰ ঈশপদে।

   

গুৰু-গোধন-কামদকল্পতৰুং॥
শুভমঙ্গলদায়কনীলনিং॥
বহলোৰসমিষ্টপসৰ্ব্বসহং॥
চিদানন্দবিনোদনবেদবিদং॥
গলশোভিতকৌস্তুভভীমবলং॥
বপুনিৰ্দিতবিশ্বসুৰাৰিৰিপুং॥
হৰমৌলিনিভৃষ্টপদাজপৰং।.
মুখৰালিকুলাকুলমাল্য সুখং॥
মনসোপৰিমেয়সহস্ৰফলং॥
হৰিবৈৰিহুতাশনভোগ্যহৰিং॥
পদমিচ্ছতিগায়তিচামৃতদে॥


শ্ৰীকৃষ্ণ-শতনাম।

মাধৱে বোলন্ত কহোঁ স্বৰূপ তোমাত।
মই নাপাওঁ অন্ত মোৰ নাম অসংখ্যাত॥
অল্পে সাধে গতি বিস্তৰত কোন কাম।
জগত নিস্তাৰে মোৰ একো একো নাম॥
লোকত প্ৰসিদ্ধি যিটো মোৰ নামচয়।
দেওঁ তাৰ লেখ শুনা সখি ধনঞ্জয়॥
কৃষ্ণ, শঙ্কৰ, সদাশিৱ, সনাতন।
পীতাম্বৰধাৰী, বিষ্ণু, জিষ্ণু, জনাৰ্দ্দন॥

[ ৬৯ ]

গোবৰ্দ্ধনধাৰী, মধুমথন, ঈশ্বৰ।
বেণুবাদ্যবিশাৰদ, দেৱ গদাধৰ॥
যশোদানন্দন, নন্দগোপৰ কুমাৰ।
কেশৱ, কমলানাথ, প্ৰমথ সংহাৰ॥
ভাস্কৰ, পুণ্ডৰীকাক্ষ, বিভু, বিশ্বম্ভৰ।
অনিৰুদ্ধ, সত্যসন্ধ, শুদ্ধ, ধৰাধৰ॥
দৈৱকীনন্দন, হৰি, নিকিঞ্চন ধন।
বৈকুণ্ঠ কমলাকান্ত, নাথ, নাৰায়ণ॥
জগত পৱিত্ৰ, পাৰিজাত উপহাৰী।
বিশ্বমূৰ্ত্তি, ৰামচন্দ্ৰ, কামদ, কংসাৰি॥
অনন্ত, অচ্যুত, অঘাসুৰবিমোচক।
কিৰীটি-কুণ্ডলধাৰী, ত্ৰিপুৰ অন্তক॥
শ্ৰীপতি, পৰম আত্মা, পুৰুষ উত্তম।
ত্ৰৈলোক্যতাৰক, ত্ৰিনয়ন, ত্ৰিবিক্ৰম॥
ৰুক্মিণী-ৰমণ, জ্ঞান,ৰত্নেশ্বৰ, গুৰু।
সত্যভামা-বল্লভ, ভকত কল্পতৰু॥
চিদানন্দ, সদানন্দ, দৈৱকীনন্দন।
পূতনাজীৱনহাৰী, বিৰিঞ্চি-বন্দন।
গোবিন্দ, গৰুড়ধ্বজ, অজন, যাদৱ।
মধুমূৰ-ৰিপু ৰাম, প্ৰিয়দ, মাধৱ॥
যোগীধ্যানপদ, বলভদ্ৰ প্ৰিয়ানুজ।
চাৰু ঘনশ্যাম, চক্ৰপাণি, চতুৰ্ভুজ॥

[ ৭০ ]

দানৱগঞ্জন, নিৰাকাৰ, নিৰঞ্জন।
হৃষীকেশ, শিৱ, শৌৰি, শকটভঞ্জন॥
সৰ্ব্বদেৱময়, মহামৃত্যু, অন্তকাৰী।
বৃষভবিধবংসী ৰিপু, ৰামন, বকাৰি॥
সুৰবৃক্ষ, ব্ৰহ্ম, বাসুদেৱ, বিশ্বেশ্বৰ।
কালীয়মৰ্দ্দন, দেৱ দেৱ দামোদৰ॥
জগতব্যাপক, পুণ্যজনক চৰিত্ৰ।
জগতজনক, জগন্নাথ, জিতামৃত॥
গোবিন্দ, আনন্দসিন্ধু, উপেন্দ্ৰ, গোপাল।
জীৱৰ জীৱন, বনমালী মহাকাল॥
ভকতবৎসল, ক্লেশ-কলুষ-মোচন।
শ্ৰীবৎসলাঞ্ছন, কৃষ্ণ, কমললোচন॥
পুৰাণ পুৰুষ, পুণ্য, শ্ৰৱণ-কীৰ্ত্তন।
দুৰন্ত, দয়ালু, দেৱ দাৰিদ্ৰভঞ্জন॥
পদ্মনাভ, শম্ভু, বিভু, প্ৰভু, ভগৱন্ত।
কতেক কহিবো মোৰ নাম অপৰ্য্যন্ত॥
একো একো নাম মোৰ জগত উদ্ধাৰ।
স্মৰণতে কৰে পাপ সমূহ সংহাৰ॥
যেনমতে সিংহসবে গৰ্জ্জে মহাবেগে।
কোন ক্ষুদ্ৰ মাতঙ্গ শতেক তাৰ আগে॥
মোৰ নাম জানা সখি বাড়ৱ-অগনি।
পাতক শুকান বন লাগে তাত চনি॥

[ ৭১ ]

হওঁ অনুকূল মই প্ৰচণ্ড বতাস।
তিলেক নলাগে দহি কৰো সৰ্ব্বনাশ॥
কৃষ্ণৰ কিঙ্কৰে কহে এড়া আন কাম।
কৃষ্ণ শত-নাম স্মৰি বোলা ৰাম ৰাম॥


অষ্টোত্তৰ শতনাম।

জয় জয় গোবিন্দ গোপাল গদাধৰ।
কৃষ্ণচন্দ্ৰ দয়া কৰা কৰুণাসাগৰ॥
জয় ৰাধা গোবিন্দ গোপাল বনমালী।
শ্ৰীৰাধাৰ প্ৰাণধন মুকুন্দ মুৰাৰি॥
হৰি নাম বিনেৰে গোবিন্দ নাম বিনে।
বিফলে মনুষ্য জন্ম যায় দিনে দিনে॥
দিন গৈল মিছা কাৰ্য্যে ৰাত্ৰি গৈল নিদ্ৰে।
নভজিলো ৰাধা-কৃষ্ণ চৰণাৰবিন্দে॥
কৃষ্ণ ভজিবাৰ হেতু সংসাৰে আসিলো।
মিছা মায়ায় বদ্ধ হুয়া বৃক্ষ সম হৈলো॥
ফলৰূপে পুত্ৰ-কন্যা ডাল ভাগি পৰে।
কালৰূপে সংসাৰত পক্ষী বাসা কৰে॥
যেতিয়া জন্মিল কৃষ্ণ দৈৱকী উদৰে।
মথুৰাত দেৱগণে পুষ্পবৃষ্টি কৰে॥

[ ৭২ ]

বসুদেৱে থৈল নিয়া নন্দৰ মন্দিৰে।
নন্দৰ আলয়ে কৃষ্ণ দিনে দিনে বাঢ়ে॥
শ্ৰীনন্দ ৰাখিল নাম নন্দৰ নন্দন।
যশোদা ৰাখিল নাম বাছা যাদুধন॥
উপানন্দ নাম ৰাখে সুন্দৰ গোপাল।
ব্ৰজবালক নাম ৰাখে ঠাকুৰ ৰাখাল॥
সুবলে ৰাখিলা নাম ঠাকুৰ কানাই।
শ্ৰীদামে ৰাখিলা নাম ৰাখালৰাজা ভাই॥
ননীচোৰা নাম ৰাখে যতেক গোপিনী।
কালসোণা নাম ৰাখে ৰাধা বিনোদিনী॥
কুবুজা ৰাখিল নাম জগতৰ হৰি।
চন্দ্ৰাৱলী নাম ৰাখে বেণুবাদ্যকাৰী॥
অনন্ত ৰাখিল নাম অন্ত নপাইয়া।
কৃষ্ণ নাম ৰাখে গৰ্গে ধ্যানত জানিয়া॥
কন্ব মুনি নাম ৰাখে দেৱচক্ৰপাণি।
বনমালী নাম ৰাখে বনৰ হৰিণী॥
গজহস্তী নাম ৰাখে শ্ৰীমধুসূদন।
অজামিলে নাম ৰাখে দেৱ নাৰায়ণ॥
পুৰন্দৰে নাম ৰাখে দেৱ শ্ৰীগোবিন্দ।
দ্ৰৌপদী ৰাখিলা নাম দেৱ দীনবন্ধু॥
সুদামে ৰাখিল নাম দাৰিদ্ৰভঞ্জন।
ব্ৰজবাসী নাম ৰাখে ব্ৰজৰ জীৱন॥

[ ৭৩ ]

দৰ্পহাৰী নাম ৰাখে অৰ্জ্জুন সুধীৰ।
পশুপতি নাম ৰাখে গৰুড় মহাবীৰ॥
যুধিষ্ঠিৰে নাম ৰাখে দেৱ যদুবৰণ।
বিদুৰে ৰাখিলা নাম কাঙ্গাল ঠাকুৰ॥
বাসুকী ৰাখিলা নাম দেৱ সৃষ্টি-স্থিতি।
ধ্ৰুবলোকে নাম ৰাখে ধ্ৰুৱৰ সাৰথি॥
নাৰদে ৰাখিলা নাম ভক্ত প্ৰাণধন।
ভীষ্মদেৱে নাম ৰাখে সত্য নাৰায়ণ॥
সত্যভামা নাম ৰাখে সত্যৰ সাৰথি।
জাম্বৱতী নাম ৰাখে দেৱ যুদ্ধাপতি॥
বিশ্বামিত্ৰে নাম ৰাখে সংসাৰৰ সাৰ।
অহল্যা ৰাখিলা নাম পাষাণ উদ্ধাৰ॥
ভৃগুমুনি নাম ৰাখে জগতৰ হৰি।
পঞ্চমুখে ৰাম নাম গায় ত্ৰিপুৰাৰি॥
কুঞ্জকেশী নাম ৰাখে বলি সদাচাৰী।
প্ৰহ্লাদে ৰাখিলা নাম নৃসিংহ মুৰাৰি॥
দৈত্যাৰি দ্বাৰিকানাথ দাৰিদ্ৰভঞ্জন।
দয়াময় দ্ৰৌপদীৰ লজ্জা নিবাৰণ॥
স্বৰূপে সবাৰো হয় গোলোকত স্থিতি।
বৈকুণ্ঠ ক্ষীৰোদশায়ী কমলাৰ পতি॥
বলময় ৰসিক নাগৰ অনুপাম।
নিকুঞ্জবিহাৰী হৰি নৱ ঘনশ্যাম॥

[ ৭৪ ]

শালগ্ৰাম দামোদৰ শ্ৰীপতি শ্ৰীধন।
ত্ৰৈলোক্য তাৰকনাথ ব্ৰহ্ম সনাতন॥
কল্পতৰু কমললোচন হৃষীকেশ।
পতিতপাৱন গুৰু জ্ঞান উপদেশ॥
চিন্তামণি চতুৰ্ভুজ দেৱ চক্ৰপাণি।
দীনবন্ধু দৈৱকীনন্দন যদুমণি॥
অনন্ত কৃষ্ণৰ নাম অনন্ত মহিমা।
নাৰদাদি ব্যাসদেৱে যাৰ নপাই সীমা॥
নাম ভজা নাম চিন্তা নাম কৰা সাৰ।
অনন্ত কৃষ্ণৰ নাম মহিমা অপাৰ॥
শতভাৰ সুবৰ্ণ গো কোটি কন্যা দান।
তথাপিতো নোহে কৃষ্ণ নামৰ সমান॥
যেই নাম সেই কৃষ্ণ ভজা নিষ্ঠ কৰি।
নামৰ সহিত থাকে আপুনি শ্ৰীহৰি॥
শুনা শুনা হেৰা ভাই নাম কীৰ্ত্তন।
যি নাম স্মৰণে হয় পাপ বিমোচন॥
কৃষ্ণ নাম সত্য ভাই আন সবে মিছা।
পলাইবাৰ পথ নাহি যম আছে পিছা॥
কৃষ্ণ নাম হৰি নাম আতি সুমধুৰ।
যি জনে কৃষ্ণক ভজে সেহিসে চতুৰ॥
ব্ৰহ্মা আদি দেৱে যাক ধ্যানে নাহি পায়।
সি হৰি কঞ্চিত হৈলে কি হৈবে উপায়॥

[ ৭৫ ]

হিৰণ্যকশিপু কৈলা হৃদি বিদাৰণ।
প্ৰহলাদক ৰক্ষা কৈলা দেৱ নাৰায়ণ॥
বলিক ছলিবে হৰি হৈলাহা বামন।
দুৰ্ব্বাসাৰ সাপে কৈলা পাণ্ডৱ ৰক্ষণ॥
অষ্টোত্তৰ শত নাম যি কৰে পঠন।
অনায়াসে পায় সিটো কৃষ্ণৰ চৰণ॥
ভক্তবাঞ্ছা পূৰ্ণ কৰা শ্ৰীনন্দ নন্দন।
মথুৰাত কংস ধ্বংস লঙ্কাত ৰাৱণ॥
বকাসুৰ বধ আদি কালীয় দমন।
হৰি হৰি বোলা সবে কৰি এক মন॥


গোপী শতনাম।

অনেক সহস্ৰ গোপী ৰূপে অনুপাম।
গুনা তাসম্বাৰ মুখ্য মুখ্য কিছু নাম॥
ইন্দুমতী, মদনমঞ্জৰী, ৰত্নমালা।
পদ্মাৱতী, কুন্তী, কুমুদিনী, চন্দ্ৰকলা॥
ৰোহিণী, হৰিণী, স্বয়ম্বৰী, বিদ্যাধৰী।
মাধবী, ৰাধিকা, মধুমতী, মন্দোদৰী॥
ভাগ্যৱতী, ভগৱতী, গৌৰী, ৰতি, ৰামা।
বসুমতী, সতী, লীলাৱতী, তিলোত্তমা॥

[ ৭৬ ]

শচী, ৰুচি, চম্পকলতিকা, কামপাশা।
কাদম্বিনী, মদনদমনী, মদালসা॥
সুৰভী, সুৰমা, ৰমা, উষা, সৰস্বতী।
ভৱানী, ভূষিতা, ভূমি, ৰম্ভা, প্ৰভাৱতী।।
কুমুদা, কামদা, মন্দাকিনী, যুগন্ধৰী।
বিবুধা, মুগুধা, মেধা, ধৰা, বসুন্ধৰী॥
অধিৰজা, বিৰজা, ৰজনী, ৰসৰামা।
কমললোচনী, চন্দ্ৰকচী, শচী, শ্যামা।।
সুপ্ৰভা, সুভগা, সৌভাগিনী, শুভকলা।
ভূষণ, ভীষণা, ভান্তী, ভাৰতী, উৎপলা॥
ইন্দিৰা, মন্দিৰা, হীৰা, তপতী, তৰুণী।
কামিনী, ভামিনী, ভদ্ৰা, ভূষণা, ভৱানী॥
সুপ্ৰভা, সুৰভী, ভাগীৰথী, ভানুমতী।
কিঙ্কিণী, মালিনী, সুমালিনী, লীলাৱতী॥
ইসৰ প্ৰমুখ্যে গোপী যুৱতী যতেক।
কৃষ্ণক আবৰি ৰঙ্গে ক্ৰীড়িলা অনেক॥
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্ৰতি।
বোলা হৰি হৰি পাপ যাওক অধোগতি॥


[ ৭৭ ]

নাৰায়ণ কৱচ।

শুকনিগদতি শুনা সুভদ্ৰাৰ নাতি।
বিশ্বৰূপে এহি অঙ্গিকাৰ কৰি আতি॥
দেৱগণে বৰিলা ভৈলন্ত পুৰোহিত।
কৰিলন্ত কাৰ্য্য যত গুৰুৰ বিহিত॥
অসুৰক ৰক্ষা কৰে শুক্ৰৰ বিদ্যাই।
তাক নষ্ট কৰিবাক দিলন্ত উপায়॥
নাৰায়ণ কৱচ দিলন্ত বাসৱক।
যাক পায়া ইন্দ্ৰে সৱে জিনিলা দৈত্যক॥
পুনু ত্ৰৈলোক্যৰ লক্ষ্মী পায়া সুৰপতি।
কৃষ্ণৰ প্ৰসাদে সবে তৰিলা বিপত্তি॥
হেন শুনি পৰীক্ষিতে পুছন্ত শুকত।
কহিয়ো বান্ধৱ গুৰু মহা ভাগৱত॥
তুমি বিনে মোৰ প্ৰাণ বন্ধু নাহি আন।
কৰায়োক মোক কৃষ্ণ কথা মধু পান॥
হৰি কথা ৰসে মোৰ নিমজিল চিত্ত।
মৰাৰ মুখত যেন ঢালিলা অমৃত॥
নাৰায়ণ কৱচক পায়া শচীপতি।
লীলায়ে দৈত্যক জিনি সাধিলা জয়তি॥
সেহি কৱচৰ কথা মোত কহিয়োক।
চৰণে শৰণ লৈলো উদ্ধাৰিয়ো মোক॥

[ ৭৮ ]

ৰাজাৰ বচনে গুৰু ভৈলা আনন্দিত।
হাঁসিয়া বোলন্ত শুনা ৰাজা পৰীক্ষিত॥
পুৰোহিত হুয়া বিশ্বৰূপ মহামতি।
সাৱধানে পুছে হেন বাসৱক প্ৰতি॥
নাৰায়ণ কৱচ কহিলা সাৱহিতে।
তাক এবে কহোঁ ৰাজা শুনা একচিত্তে॥
বিশ্বৰূপ বদতি শুনিয়ো হৰিহয়।
যদি অকস্মাত আসি মিলে মহা ভয়।
হস্তপদ প্ৰক্ষালিয়া উত্তৰৰ মুখে।
কুশহন্তে আচমন কৰি মহাসুখে॥
মূলমন্ত্ৰে অঙ্গন্যাস কৰন্যাস কৰি।
শুচি সংযমন হুয়া মাধৱক স্মৰি॥
নাৰায়ণ কৱচক কৰিবে ধাৰণ।
অনায়াসে হৈব ঘোৰ ভয় নিবাৰণ॥
পদ জানু উৰুযুগ উদৰ হৃদিত।
উৰঃস্থলে মুখে শিৰে যথাক্ৰমোদিত॥
প্ৰণৱাদি অষ্টাক্ষৰ মন্ত্ৰ মহা ৰঙ্গে।
ন্যাস কৰিবেক জানা সেহিসব অঙ্গে॥
দ্বাদশ অক্ষৰ মন্ত্ৰ তাত অনন্তৰ।
ন্যাসিবেক অঙ্গুলিৰ পূৰ্ব্বে নিৰন্তৰ॥
হৃদি শিৰ কৰ মধ্যে শিখাত নেত্ৰত।
শৰীৰৰ সন্ধিস্থানে এহি ক্ৰম মত॥

[ ৭৯ ]

ষড়ক্ষৰ মন্ত্ৰন্যাস কৰি শুদ্ধমন।
মকাৰ অক্ষৰে কৰিবেক দিগন্ধন॥
আপোনাক ঈশ্বৰ স্বৰূপে ধ্যান কৰি।
এহি মন্ত্ৰ উচ্চাৰিব মাধৱক স্মৰি॥
মোৰ সৰ্ব্ব ৰক্ষা কৰন্তোক দেৱ হৰি।
গৰুড়পৃষ্ঠত পাদপদ্ম যুগ ধৰি॥
খড়্গ, চৰ্ম্ম, শঙ্খ, গদা, বাণ আৰু পাশ।
ধনু ধৰি অষ্টভুজ জগত-নিবাস॥
জলে জলজন্তু বৰুণৰ পাশ হন্তে।
মোক ৰাখন্তোক মৎস্যৰূপী ভগৱন্তে॥
স্থলে ৰাখন্তোক ত্ৰিবিক্ৰম যে ৰামন।
আকাশত বিশ্বৰূপে কৰোক ৰক্ষণ॥
দুৰ্গম দাৰুণ বন সঙ্কট সংগ্ৰামে।
মোক ৰক্ষা কৰন্তোক নৰসিংহ নামে॥
খৰান্তোক যজ্ঞৰূপী বৰাহে পথত।
যিটো উদ্ধাৰিলা ভূমি প্ৰলয় জলত॥
পৰ্শুৰামে ৰাখন্তোক গিৰি শিখৰত।
শ্ৰীৰাম লক্ষ্মণে ৰাখন্তোক প্ৰৱাসত॥
অভিচাৰ মন্ত্ৰ যত আনো প্ৰমাদত।
নাৰায়ণে তাত মোক ৰাখন্তো সতত॥
সৰ্ব্বত্ৰ ৰাখন্তো মোক নৰ কৃপাময়।
যোগভ্ৰষ্ট হন্তে ৰাখন্তোক দত্তাত্ৰেয়॥

[ ৮০ ]

কপিলে ৰাখন্তো মোক কৰ্ম্ম বন্ধনত।
সতকুমাৰে মোক ৰাখন্তো কামত॥
দেৱ ছেলনত ৰাখন্তোক হয়গ্ৰীৱ।
কৃষ্ণ পূজা ছিদ্ৰত নাৰদ সদাশিৱ॥
নৰকত হন্তে ৰাখন্তোক কুৰ্ম্মহৰি।
অপথ্য ভোজনে ৰাখন্তোক ধন্বন্তৰী॥
ক্ষুধা-তৃষ্ণা, লোভমোহ, শীত-উষ্ণ যত।
সৰভ ঈশ্বৰে মোক ৰাখন্তো সতত॥
যজ্ঞে ৰাখন্তোক মোক লোক কলঙ্কত।
বলভদ্ৰে ৰাখন্তো দুৰ্ঘট কালত॥
অনন্তে ৰাখন্তো মোক সৰ্পৰ বিষত।
ভগৱন্ত ব্যাসে ৰাখন্তোক অজ্ঞানত।
বুদ্ধে ৰাখন্তোক পাষণ্ডৰ বিবাদত।
কল্কী ৰাখন্তোক কলিমল পাতকত॥
প্ৰভাতত গদা ধৰি ৰাখন্তো কেশৱে।
বেণু ধৰি গোবিন্দে ৰাখন্তো আসঙ্গৱে॥
পূৰ্ব্বাহ্নে ৰাখন্তো শক্তি ধৰি নাৰায়ণে।
চক্ৰ ধৰি বিষ্ণুৱে ৰাখন্তো মধ্য দিনে॥
অপৰাহ্নে মধুৰিপু ধৰি উগ্ৰ ধনু।
সায়াহ্নে মাধৱে মোক ৰাখন্তোক পুনু॥
সন্ধ্যাকালে হৃষীকেশ ৰাখন্তোক মোক।
অৰ্ধৰাত্ৰি কালে পদ্মনাভে ৰাখন্তোক॥

[ ৮১ ]

পাছ ৰাত্ৰি ৰাখন্তোক শ্ৰীবৎসলাঞ্ছন
প্ৰত্যুষ কালত খড়্গ ধৰি জনাৰ্দ্দন॥
উভয় সন্ধ্যাত ৰাখন্তোক দামোদৰে।
ভগৱন্ত কালমুৰ্ত্তি যিতো বিশ্বেশ্বৰে॥
প্ৰলয় অগনি সম চক্ৰ তীক্ষ্ণধাৰ।
মাধৱৰ আদেশে ভ্ৰমিয়ো নিৰন্তৰ॥
দহিয়ো দহিয়ো মোৰ শত্ৰু সেনা যত।
শুকান বনক বহ্নি দহে যেন মত॥
হে কৌমুদকী গদা মাধৱৰ প্ৰিয়া।
গোবিন্দৰ দাস ভৈলো কৰিয়োক দয়া॥
বজ্ৰতো অধিক দৃঢ় দেখি হোৱে ভীত।
যক্ষ ৰাক্ষসাদি যত কৰা চূৰ্ণীকৃত॥
হে পাঞ্চজন্য মাধৱৰ প্ৰিয়া শঙ্খ।
মোৰ শত্ৰুগণৰ লগায়ে হৃদিতঙ্ক॥
প্ৰেত পিশাচক ঘোৰ ৰক্ষ ৰাক্ষসক।
চণ্ডনাদ কৰি সবে খেদায়ো দূৰক॥
শুনিয়ো নন্দক খড়্গ বৰ তীক্ষ্ণধাৰ।
প্ৰভুৰ আদেশে শত্ৰু ছেদিয়ো আমাৰ॥
হে শতচন্দ্ৰ চৰ্ম্ম প্ৰিয় মাধৱৰ।
চাৰিয়োক চক্ষুচয় শক্ত কটকৰ॥
গ্ৰহগণ কেতু হতে মিলে যিতো ভয়।
সৰ্প ব্যাঘ ভূতাদিত যিব ভয় হয়॥

[ ৮২ ]

শ্ৰীকৃষ্ণৰ নামৰূপ অস্ত্ৰৰ কীৰ্ত্তনে।
সবে বিষ্ট নষ্ট মোৰ হোক এতিক্ষণে॥
বেদময় গৰুড় কৃষ্ণৰ মুখ্য যান।
সমস্ত দুঃখত মোক কৰা পৰিত্ৰাণ॥
আপোনাৰ নামে বিষকসেন ভগৱন্তে।
ৰক্ষা কৰস্তোক মোক মহাদুঃখ হন্তে।
মাধৱৰ নামৰূপ আয়ুধ বাহন।
পাৰিষদগণ আৰু যতেক বাহন॥
মোৰ প্ৰাণ বুদ্ধি মন ইন্দ্ৰিয়গণ যত।
ইসৱক ৰাখিয়োক সৰ্ব্ব আপদত॥
স্থুল সূক্ষ্ম প্ৰাণী যত আছে সংসাৰত।
ঈশ্বৰেসে হুই যেবে আছে স্বৰূপত॥
এহি সত্যে মোৰ যত উপদ্ৰৱ মানে।
সৱে নষ্ট হৌক কৃষ্ণ নাম সুমৰণে॥
যেবে স্বৰূপত এক নিৰ্ব্বিকল্প হৰি।
মায়ায়ে ভূষণ আদি ৰূপ আছে ধৰি॥
সেহি সত্যে সৰ্ব্বজ্ঞ ঈশ্বৰে সদা মোক।
সৰ্ব্বস্থানে সৰ্ব্বৰূপে ৰক্ষা কৰন্তোক॥
অৰ্ধে-উৰ্ধে দশোদিশে বাহ্য অভ্যন্তৰে।
পুনু নৰসিংহ নামে ৰাখা নিৰন্তৰে॥
যাৰ নাদে লোকৰ গুচাইলা সবে ভয়।
নিজ তেজে সবাহাৰ তেজ কৈলা ক্ষয়॥

[ ৮৩ ]

বিশ্বৰূপ বদতি শুনিয়ো হৰিহয়।
এহি দিব্য নাৰায়ণ কৱচ দুৰ্জ্জয়।
কহিলো তোমাত আক ধৰিয়ো হৰিষে।
জিনিবাহা অপ্ৰয়াসে দৈত্যক নিঃশেষে॥
এহি কৱচক যিটো কৰিয়া ধাৰণ।
যাক যাক প্ৰতি কৰে চক্ষুৰে দৰ্শন॥
চৰণে বা কদাচিত পৰশ কৰয়।
সিও জন জানা সবে ভয় মুক্ত হয়॥
ৰাজভয় বৈৰীভয় গ্ৰহভয় যত।
আধিব্যাধি আদি যত আছে সংসাৰত॥
কিছুৱে নপাৱে তাক জানিবা নিশ্চয়।
এহি মহা বিদ্যা যিটো হৃদয়ে ধৰয়॥
পূৰ্ব্বে এক আছিল কৌশিক নামে ঋষি।
তেহেঁ মহাবিদ্যা ইটো ধৰিলা হৰিষি।
মৰুভূমি মাজে তেহোঁ প্ৰাণক ছাড়িলা।
বিদ্যাৰ প্ৰভাৱে পাছে মুকুতি লভিলা॥
একদিনা চিত্ৰৰথ গন্ধৰ্ব্বৰ পতি।
অপেসৰা গণ সমে ৰথে কৰে গতি॥
কৌশিকৰ অস্থিছয় যৈত আছে পৰি।
তাহাৰ উপৰে গৈলা দিব্য ৰথে ছড়ি॥
সেহি দোষে পুণ্যক্ষয় ভৈল সেহি কালে।
ৰথসমে অধোমুখে পৰিল নিঢালে॥

[ ৮৪ ]

পৃথিবীত পৰি দুঃখে কৰে হাঁহাঁকাৰ।
কোন দোষে হেনগতি ভৈলেক আমাৰ॥
পাছে বালখিল্য ঋষি সকলে কহিলা।
বৈষ্ণৱ অস্থিৰ উপৰে তুমি গৈলা॥
আউৰ তযু ৰথ নচলিব স্বৰ্গপথ।
দেখা বৈষ্ণৱৰ কেনে তেজৰ সমৰ্থ॥
এবে হেন কৰা অস্থিচয় তুলি লোৱা।
সৰস্বতী জলে নিয়া আপুনি লগোৱা॥
তেবে সেহি পুণ্যে ইটো পাপ কৰি ক্ষয়।
এহি ৰথে চড়ি যাইবা স্বৰ্গৰ নিলয়॥
শুনি চিত্ৰৰথে বালখিল্যৰ বচন।
শিৰে তুলি লৈলা বৈষ্ণৱৰ অস্থিগণ॥
ভক্তিভাৱে লগাই সৰস্বতীৰ জলত।
পৰম বিস্ময় তান মিলিল মনত॥
পাছে স্নান কৰি সেহি পৱিত্ৰ জলত।
স্বৰ্গে লৰি গৈলা চড়ি দিব্য বিমানত॥
শুক নিদগতি শুনা অভিমন্যু সুত।
নাৰায়ণ কৱচৰ মহিমা অদ্ভুত॥
যিটো ইটো কচক শুনে এক মন।
যদি বা আদৰ ভাৱে কৰয় ধাৰণ॥
তাহাৰ সমস্তে প্ৰাণী কৰয় বন্দন।
সকলো ভয়ত সিটো হোৱয় মোচন॥

[ ৮৫ ]

বিশ্বৰূপ ব্ৰাহ্মণৰ হন্তে মহামতি।
এহি মহা বিদ্যাক জানিয়া সুৰপতি॥
অসুৰ সৱক জিনি ঘোৰ সমৰত।
ত্ৰৈলোক্যৰ লক্ষ্মীক জূঞ্জিয়া অব্যাহত॥
ইটো কথা এহিমানে ভৈল সমাপতি।
মহেন্দ্ৰৰ আগে বিশ্বৰূপ নিগদতি॥
কৃষ্ণৰ কিঙ্কৰে কহে এৰা আন কাম।
পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম॥


ভাটৰ ভটিমা।

পৰি পুন্য ভাট চপয় কহে বাণী।
কৃষ্ণক আগে ৰূপ গুণক বখানি॥
জয় যদুনন্দন দেৱক দেৱা।
তোহাৰি চৰণে কৰোহে বহু সেৱা॥
তোহাৰ মহিমা কহতু নাহি অন্ত।
পূৰল পৰল কীৰিতি দিগন্ত॥
তোহোৰ সম পুৰুষ কহিতু নাহি পাই।
বোলো অব বছনক শুনহ গোসাই॥
হামাকু কুণ্ডিল নগৰী অনুপম।
আছে কন্যা এক ৰুকমিণী নাম॥

[ ৮৬ ]

ভীষ্মক ৰাজ নন্দিনী বৰবালা।
বাঢ়য় নৱ যেন চান্দক কলা॥
কি কহব ৰমণীক ৰূপ প্ৰচুৰ।
বদনক ছেৰি চান্দ ভেল দূৰ॥
নয়নক পেখি পাৱত বড়ি লাজ।
কৰল ঝাম্প কমল জল মাঝ॥
বন্দুলি অধিক অধৰ কৰকান্তি।
ওতিম মোতিম দশনক পান্তি॥
সুবলিত ভুজযুগ ৰতন মোলান।
উৰু কৰী কৰ কটি ডম্বৰুক ঠান॥
নৱ পল্লবৰুচি পদযুগ সোহে।
পেখিয়ে সুৰ নৰ মুনি মন মোহে॥
বাণী অমিয়া ৰসগুণে নোহে হীন।
ৰাজকুমাৰীক বয়স নবীন॥
কতনো যতনে বিধি কয় নিৰমাণ।
সোহি কন্যা হয় প্ৰভু তোহাৰি সমান॥
কহলো স্বৰূপ অব বচন বিচাৰি।
হোৱয় গৃহিণী যবে ৰুকমিণী নাৰী॥
তৱ গৃহবাস সাম্ফল হয় নাথ।
কহলো ভাটে উপৰক তুলি হাত॥
কৃষ্ণ কিঙ্কৰে ওহি শঙ্কৰে বোল।
কৰ অব নৰসব হৰি হৰি বোল॥

[ ৮৭ ]

শুন শুন ৰুকমিণী মাই।
মুখ ইন্দু-কোটি পৰকাশ।
নয়ন পঙ্কজ নৱপাতা।
মদনক ধনু ভ্ৰুভঙ্গ।
বহল হৃদয় সিংহবন্ধ।
উৰু কৰী কৰ অৱভাস।
নখচয় চন্দ্ৰক পান্তি।
ধ্বজ যৱ পঙ্কজ সোহে।
অভিনৱ তৰুণ মূৰতি।
গতি গম্ভীৰ মৃগৰাজ।
তুহোঁ নৱ তৰুণী প্ৰধান।
দুহোঁ এক বয়স সমান।
ভুবন নিৰুপম ৰূপ।
যৰ তৰ পতি সোহি হোই।
কহল ভিক্ষুক সব জানি।
তযু সামাজিক কাম।

   

হৰি গুণ কহন নযাই।
দশন শোভিত মন্দ হাঁস।
কত উতপলবাতা।
ভুজ যুগ বলিত জূজঙ্গ।
ত্ৰিবলি বলিত কটি বন্ধ।
মৃদু পদ পঙ্কজ বিকাশ।
পদতল অলকত ভান্তি।
পেক্ষিয়ে ত্ৰিভুবন মন মোহে।
কি কহব ৰূপ বিভূতি।
কোটি মদন ছেৰি লাজ।
সো হৰি নবীন যৌৱন।
কয়লি বিধি নিৰমাণ।
শুন ধনি বচন স্বৰূপ।
সাম্ফল জীৱন তব তোই।
কৃষ্ণৰ কিঙ্কৰে বোল বাণী।
ডাকি বোলহু ৰাম ৰাম।


[ ৮৮ ]

ফোঁট লোৱা বাক্য।

ললাটে কেশৱ কণ্ঠে শ্ৰীপুৰুষোত্তম।
গোবিন্দ দক্ষিণ পাৰ্শ্বে ৰামে ত্ৰিবিক্ৰম॥
হৃদয়ত মাধৱ নাভিত নাৰায়ণ।
মূৰ্দ্ধে বিষ্ণু কৰ্ণে জানা শ্ৰীমধুসূদন॥
পৃষ্ঠে পদ্মনাভ, ভ্ৰৱ মধ্যে হৃষীকেশ।
বাহুমূলে বাসুদেৱ নাম সুবিশেষ॥
তথা ৰাম বাহুত স্মৰিবে দামোদৰ।
এহিক্ৰমে তিলক ধৰিবে ভক্তনৰ॥
হৰিৰ দ্বাদশ নাম পৰম পাৱন।
দ্বাদশ অঙ্গত ন্যাসি কৰিবে কীৰ্ত্তন॥


বৰগীত।

প্ৰাতু সময়ে   যশোৱা জননী,
  মুখ-চুম্বিত শ্যাম জগাৱনকো।
উঠ মেৰে লাল   মদন গোপাল,
  আৰে তেৰ গোৱাল বলাৱনকো॥
অব কটীয়া লেহু   মাখন চঞ্চ পুৰি
  মুৰৰী লেহু শ্যাম বজাৱনকো।
বৃন্দাবনে যোহি   আনন্দ কৰু
  যমুনা তটে ধেনু চৰাৱনকো॥

[ ৮৯ ]

ছোড়ি ভুবন   চলহু নন্দনন্দন
  গোধন চাৰণ কৰণ ৰে।
দাম সুদাম   সখাসব মিলাবত
  আনন্দে গোবিন্দ খেৰি খেলাৱত ৰে॥
শত শত বৎস   অমল বিমল
  নবীন চবীন লাবত ৰে।
শিঙ্গা উপায়   বেণু মুহ বাজত
  হেৰি গোৱাল ভুলাৱত ৰে॥
গিৰিপতি ধ্যান   তেজি অবধান
  মুৰৰীক সান বিমোহিত ৰে।
তেহোঁ জগন্নাথ   দাসকি মাধৱ
  মুহ ভৰি যায় কহাৱত ৰে॥


বিষ্ণুৰ দ্বাবিংশতি অৱতাৰ।

 ১। কৌমাৰসৰ্গ-অৰ্থাৎ সনৎকুমাৰ, সনক, সনন্দ, সনাতন ২। বাৰাহ, ৩। নাৰদ, ৪। নৰনাৰায়ণ, ৫। কপিল, ৬। দত্তাত্ৰেয়, ৭। যজ্ঞ ৮। নাতি, ৯। পৃথু, ১•। মৎস্য, ১১। কুৰ্ম্ম, ১২। ধন্বন্তৰী, ১৩। মোহিনী নাৰী বেশ, ১৪। নৰসিংহ, ১৫। ৰামন, ১৬। পৰশুৰাম, ১৭। ব্যাস, ১৮।১৯ শ্ৰীৰাম, ১৯।২০ কৃষ্ণ-ৰাম, ২১। বুদ্ধ, ২২। কল্কী।


[ ৯০ ]

সপ্ত বৈকুণ্ঠৰ নাম।

১। স্বেতবিলাস, ২। সান্তানুবিলাস, ৩। পুষ্পৰি ৪। পঙ্কজবিলাস, ৫। কনকদণ্ড, ৬। সনাতন, ৭। গোৱে

নৱ সিদ্ধৰ নাম।

১. কবি, ২। হৰি, ৩। অন্তৰীক্ষ, ৪। প্ৰবুদ্ধি, ৫। পিঙ্গ ৬। আবিৰ্হোত্ৰ, ৭। চমচ, ৮। ক্ৰমিল, ১। কৰত

চাৰি ধাম।

১। জগন্নাথ, ২। দ্বাৰিকানাথ, ৩। ৰামনাথ ৪। বদৰীনাথ (বদৰিকাশ্ৰম )

চাৰি বেদ।

ঋক্, যজুঃ, অথৰ্ব্ব, সাম।
চতুৰ্থ বিভাগ বেদৰ নাম।

চৈধ্য শাস্ত্ৰ।

শিক্ষা, কৰ, জ্যোতিষ, মীমাংসা, ন্যায়, নীতি।
দণ্ড, ব্যাকৰণ, আয়ুৰ্ব্বেদ, ছন্দ, স্মৃতি॥
নিৰুক্ত, গান্ধৰ্ব্ব, ধনুৰ্ব্বেদ আৰু কাব্য।
এহি চৈধ্য শাস্ত্ৰ বুলি কহে সাধু সৱ॥


[ ৯১ ]

ওঠৰ পুৰাণ।

ব্ৰহ্ম, পদ্ম, বিষ্ণু, শিৱ, ভবিষ্য, নাৰদ।
ভাগৱত, অগ্নি, লিঙ্গ, মাৰ্কদেয়, স্কন্ধ॥
ব্ৰহ্মা, গৰুড়, কূৰ্ম্ম, বৰাহ, বামন।
মৎস্য, ব্ৰহ্মবৈবৰ্ত্তক পুৰাণ গণন॥




বাৰ গোপাল।


স্তোককৃষ্ণ, দেৱপ্ৰস্থ, সুবল, সুদাম।
ঋষভ, বিশাল, বৰূথপ, বসুদাম॥
ভদ্ৰসেন, অৰ্জ্জুন, শ্ৰীদাম আৰু দাম।
দ্বাদশ গোপাল মই কৰোহো প্ৰণাম॥




চৈধ্য পাৰিষদ।


কুমুদাক্ষ, পুষ্পদন্ত, বিষ্কক্‌সেন, জয়।
জয়ন্ত, গৰুড়, নন্দ, সুনন্দ, বিজয়॥
সাত্বত, প্ৰৱল, উতবল, শ্ৰুতদেৱ।
কুমুদ প্ৰভৃতি পাৰিষদ কৰো সেৱ।




বাৰ বৈষ্ণব।


নাৰদ, প্ৰহ্লাদ, ভীষ্ম, শুক, মনু, হৰ।
ব্ৰহ্মা, বলি, যম, জনক, কপিল, কুমৰ॥


[ ৯২ ]

ছ জন ভক্ত।

উদ্ধৱ, মৈত্ৰেয়, জাম্বৱন্ত, বিভীষণ।
হনুমন্ত, বিদুৰ, এহি ভক্ত ছয়জন॥


অষ্ট ঐশ্বৰ্য্য।

অনিমা, লঘিমা, প্ৰাপ্তি, প্ৰকাশ্যা, ঈশিতা।
মহিমা, বশিতা, কাম্য, ঐশ্বৰ্য্য, কীৰ্ত্তিতা॥


অষ্টাঙ্গ যোগ।

যম যে নিয়ম, আসন, প্ৰাণায়াম।
প্ৰত্যাহাৰ, ধ্যান, ধাৰণা, সমাধি জান॥


অষ্ট প্ৰকৃতি।

পৃথিবী যে জল, বহ্নি, বায়ু ও আকাশ।
অহঙ্কাৰ, মন, বুদ্ধি, প্ৰকৃতি বিকাশ।


দাসী সুত নাৰদৰ জন্মত
উপদেশদাতা চাৰি যোগেশ্বৰ।

হংস, অকণি, যতি, বিভু।


[ ৯৩ ]

দশ প্ৰাণ।

প্ৰাণ যে অপান, সমান, উদ্যান আৰু ব্যান নামে প্ৰাণ।
নাগ যে কৃকৰ, কূৰ্ম্ম, দেৱদত্ত, ধনঞ্জয় দশ নাম।


দশ পাৰ।

 ১। অন্ত, ২। বিষ্ণু, (পালক বিষ্ণু ও মহা বিষ্ণু) ৩। নাৰায়ণ (সূৰ্য্যমণ্ডলী নাৰায়ণ, জলশায়ী নাৰায়ণ ও শ্ৰীনাৰায়ণ) ৪। বাসুদেৱ (ৰাম, কাম, অনিৰুদ্ধ, বাসুদেৱ।)


ষোড়শ বিকাৰ তত্ত্ব।

পঞ্চ মহাভূত-(পৃথিবী, জল, তেজ, বায়ু, আকাশ)
পঞ্চ কৰ্ম্মেন্দ্ৰিয় -( বাক্, পাণি, পাদ, পায়ু, উপস্থ)
পঞ্চ জ্ঞানেন্দ্ৰিয়-(চক্ষু, নাসিকা, কৰ্ণ, ত্বক, জিহ্বা)
এক মনঃ।


বৃন্দাবনৰ বাৰবনৰ নাম।

 ১। বৃন্দাবন, ২। মধুবন, ৩। ভদ্ৰবন, ৪। শ্ৰীবন, ৫। ভাণ্ডৰী বন, ৬। তালবন, খদীৰবন, ৮। বাহুলাবন, ৯। কুমুদবন, ১০। কাম্যবন, ১১। লৌহবন, ১২। মহাবন।


মহা তীৰ্থ।

 গঙ্গা, গয়া, কাশী, প্ৰয়াগ, যমুনা, গোদাবৰী, সৰস্বতী, নৰ্ম্মদা, সিন্ধু, কাবেৰী, গণ্ডকী, কুৰুক্ষেত্ৰ, পুষ্কৰ, তাম্ৰপৰ্ণী, কৃতমালা পয়স্বিনী, প্ৰতাচী, মহানদী ইত্যাদি।


[ ৯৪ ]

শ্ৰীশঙ্কৰদেৱৰ দশ নাম।

শ্ৰীশঙ্কৰ গঙ্গাধৰ ইষ্টদেৱ হৰি।
মহাপুৰুষ গুৰু আতা আৰু ডেকাগিৰি॥
গৃহস্থ আচাৰ্য্য এহি জানা নাম দশ।
যাহাৰ স্মৰণে হয় পাপৰ বিনাশ॥

স্থান বৰ্ণনৰ গীত।

জয় জয় বটদ্ৰৱা বৈকুণ্ঠ দূতয়।
সেহি থানে নিজগুৰু ভৈলন্ত উদয়॥
সেহি থানে নিজগুৰু পাৰিলন্ত পাট।
ৰাম নাম মহাৰত্ন বেসাইলন্ত হাট॥
মধ্যে পদশিলা দক্ষিণে নামঘৰ।
মণিকূট গৃহবান্ধি ৰহিলা শঙ্কৰ॥
দক্ষিণে যাত্ৰাৰ দৌল মহাপুৰুষে নিৰ্ম্মিলা।
সাতো বৈকুণ্ঠৰ চিহ্ন আঁকিয়া দেখাইলা॥
পশ্চিমে শিলিখা-বৃক্ষ হালিয়া আছয়।
তাহাতে আউজি গুৰু পুস্তক লিখয়॥
উত্তৰে আকাশী গঙ্গা ভক্তিসৰোবৰ।
মধ্যৰাতি নমাইলন্ত শ্ৰীমন্ত শঙ্কৰ॥

[ ৯৫ ]

চাৰিফালে চাৰিহাটী মহাভক্তগণ।
চৈধ্যয় প্ৰসঙ্গ কৰে নামৰ কীৰ্ত্তন॥
সেহি থানে নিজ গুৰু কৰিলন্ত বাস।
কহয় পুৰুষোত্তম দাসকো দাস॥

সপ্ত বৈকুণ্ঠৰ শক্তি বৰদোৱা থান।
তথাতে ৰহিলা সৱে কৰিয়া কীৰ্ত্তন।
যৈত আসি গুৰুজনে হৈলা অৱতাৰ।
অন্য ভূমি কোন সম হৈবে বৰদোৱাৰ॥
সত্ৰখান চক্ৰ আদি মত অস্ত্ৰচয়।
চাৰি ৰূপে চাৰি বস্তু আসিয়া আছয়॥
কদম্ব শিলিখা বেল আৰু বৃক্ষ আম।
এই চাৰি বৃক্ষ চাৰি দিশে ভৈলা ধাম॥
ধ্বজ আদি পদশিলা মধ্যে নামঘৰ।
মুক্তে মণিকূট কৈলা শ্ৰীমন্ত শঙ্কৰ॥
চাৰি দিশে চাৰি হাটী মহাভক্তগণ।
চৈধ্যয় প্ৰসঙ্গ কৰে কৃষ্ণৰ কীৰ্ত্তন॥
উত্তৰে আকাশীগঙ্গা ভক্তি সৰোবৰ।
থান পূব দিশে থাকে ৰাম দামোদৰ॥
দক্ষিণত বাসুদেৱ লক্ষ্মী সৰস্বতী।
বাৰভক্ত চাৰিধাম পশ্চিমত স্থিতি॥

[ ৯৬ ]

অনন্ত অচ্যুত প্ৰভু মধ্যে নিৰাকাৰ।
জীৱক তাৰিবে লাগি ধৰিলা আকাৰ॥
পঞ্চক্ষেত্ৰ আদি ব্ৰহ্মপুত্ৰ তীৰ্থৰাজ।
ভক্তি পাই ইসবেও তৰে সামৰাজ॥
ব্ৰহ্মগীতা শাস্ত্ৰ দিয়া জলৰ মধ্যত।
ব্ৰহ্মপুত্ৰে শৰণ লৈলেক শঙ্কৰত॥
কি কহিবো সিটো মই মহিমা থানৰ।
বৈকুণ্ঠৰ সম সেই থান মনোহৰ॥
হেন বৈকুণ্ঠক পৃথিবীত নিৰ্ম্মিলন্ত।
সেহি বৈকুণ্ঠত প্ৰভু শঙ্কৰ ৰৈলন্ত॥


শঙ্কৰদেৱৰ মুখ্য ভক্তসকল।

  শ্ৰীমাধৱদেৱ, শ্ৰীনাৰায়ণ ঠাকুৰ আতা, শ্ৰীৰাম আতা ৰামৰাম গুৰু, ৰামৰাম, হৰিৰাম, ৰমানন্দ, সৰ্ব্বজয়, কমললোচন হৰিচৰণ, কালিদাস, কালিৰাম, ভেকো, গদা, গোকুল বুঢ়াখা ভূঞা, কমলিধৰা, পৰমানন্দ, গোবিন্দ, অনিৰুদ্ধ দৈবজ্ঞ নাৰায়ণ, বৰভকত, বনগয়া গিৰি, হৰিগুৰু, সুন্দৰ নতুৱা, লতিমা, তাপাৰ বলোৰাম, বৰকছা, সৰুকছা, কণ্ঠভূষণ গুৰু, ভাস্কৰ গুৰু, বিপ্ৰ দামোদৰ, গোবিন্দ বিপ্ৰ, বুঢ়া দলৈ উদাৰগোবিন্দ, ৰামদাস, হৰিদাস, অবনা বনা বনকৰা, জগন্নাথ ভীমা, বলোৰাম, জতিৰ মাধৱ, পুৰুষোত্তম, চতুৰ্ভুজ, চিলাৰায়

দেৱান, গোবিন্দ, গৰমলি, ইত্যাদি। [ ৯৭ ]

মাধৱদেৱৰ মুখ্য ভক্তসকল

 কেশৱচৰণ আতা, বিষ্ণু আতা, গোপাল আতা, হৰিহৰ আতা, বেহেৰিয়া বিষ্ণু আতা, মধুৰাদাস আতা, বদলা আতা, ৰাম ৰাম আতা, মহোদানন্দ আতা, সহজানন্দ আতা, হৰি আতৈ, সঞ্জয় গুৰু, বংশীগোপাল, গোলাই, আধাৰৰ যদুমণি, লাইহাটীয়া শ্ৰীহৰি বিপ্ৰ, ৰামচৰণ ঠাকুৰ, গোমাৰ গোবিন্দ, দামেপাৰে, শ্ৰীহৰি নাৰায়ণ, নিৰঞ্জন, বুঢ়ীৰপো গোবিন্দ, জনাৰ্দ্দন, কামদেৱ, বালক দাস, চতুৰ্ভূজ, ঘাগৰিমাজি লাহন আতৈ, ৰঘূনিৰঞ্জন, পঢ়িয়া লক্ষ্মীকান্ত, মনপুৰ, কেশ গায়ন, পুহকৰ, চিনিপাগদ বলাই, নগৰীয়া বলাই, খিৰা মৰল, মাধৱ মৰল, অচ্যুত গুৰু, বুঢ়া জয়নন্দ, নশিকাৰ পুৰাম, চোৰঙ্গিয়া শ্ৰীৰাম, বৰবৈকুণ্ঠ, সৰু বৈকুণ্ঠ, বৰ তুলসী, সৰু তুলসী, বৰ হৰি, সৰু হৰি, হৰি কৃষ্ণ, শিবানন্দ লহকৰ, ৰূপাবৰ লহকৰ, বোলাই, মাণিক পুৰীয়া কৃষ্ণ, কেশ হাজৰা, গন্ধৰ্ব্ব, ৰামচন্দ্ৰ লহকৰ হৰিচৰণ, ভৃগু গুৰু, ভৃগুমান্ত, জয় কলিতা, বোলবুজা বুঢ়া, কালিকেশ, ৰামৰাম ৰামনাৰায়ণ, হৰিনাৰায়ণ, খৈ খাৱা দলৈ, কজলা মাজী, বৰ যদুমণি, সৰু যদুমণি, ৰাম গুৰু কানাই ইত্যাদি।


গোপালদেৱৰ মুখ্য ভক্তসকল

 নিৰঞ্জন দেৱ বনমালী দেৱ, জয়হৰি দেৱ, মিশ্ৰ দেৱ, আধলীয়া যদুমণি, হেঙ্গুলীয়া যদুমণি, ভূঞাৰ পুত্ৰ অনিৰুদ্ধ, [ ৯৮ ] জগন্নাথ, বিষ্ণু, ভাৰতী, ৰামকন্দলি, মুকুন্দ, মোহন, যদুৰাম, দ্বাৰকা, লক্ষণ, গোকুল, পৰশুৰাম, কেশবচৰণ, মধুসূদন, মাধৱচৰণ, ৰামচৰণ, মুৰাৰি, শ্ৰবণী, বামন, কৃষ্ণচৰণ, যদুমণি, ৰমাই, ৰঘুপতি, মাধৱ, ভৱানন্দ, হৰি, ৰামদাস, পকামধুসূদন, ধীপনিয়াল ইত্যাদি।


শ্ৰীশঙ্কৰদেৱৰ ভক্তিৰ এটকা মহ
সত্ৰ স্থাপন যুনা

ঘোষা

ভাবিও ভাই ঈশ্বৰৰ ৰূপ, নানান স্বৰূপ।
একৰূপ কৰি ভাবিও ভাই, হৰিসে বন্ধু স্বৰূপ

পদ।

পূৰ্ণ ভগৱন্ত উদয় ভৈলা।
নিজ কীৰ্ত্তি থৈয়া বৈকুণ্ঠে গৈলা॥
সেহি গুপ্ত ধৰ্ম্ম জানিও কলিত।
চাৰি মূৰ্ত্তি ধৰি ভৈলা বিদিত॥
পূৱত শঙ্কৰ সেৱে মাধৱ।
সঙ্গে দামোদৰ কৰে প্ৰণয়॥
পশ্চিমে ৰূপ সনাতন দেবে।
উত্তৰে নিয়াহন্ত হৰিদেৱে॥

[ ৯৯ ]

দক্ষিণে নিত্যানন্দ চৈতন্যক।
সেবিত চাৰিমূৰ্ত্তি প্ৰকাশক॥
পূৰ্ব্বে ভাগৱত বৈকুণ্ঠে স্থিত।
সূত মুখে ভূমি ভৈলা বিদিত॥
নৈমিষাক্ষেত্ৰে সূতে প্ৰচাৰিলা।
বাৰাণসী স্থানে মহেশে নিলা॥
শঙ্কৰ আচাৰ্য্যত হন্তে পাই।
পদ্ম আচাৰ্য্যক দিলা দুনাই॥
পদ্মাচাৰ্য্য ভট্টাচাৰ্য্যত স্থিত।
ভট্টাচাৰ্য্যে জগমিশ্ৰ বিদিত॥
জগদ্দীশ মিশ্ৰে শঙ্কৰৰ ঠাই।
পূৰ্ণ কৃষ্ণ জানি দিলা যোগাই॥
বৈকুণ্ঠে গৈলা মাধৱক থই।
আৱৰ বিপ্ৰ দামোদৰ কই॥
শুনিয়ো দামোদৰ আজ্ঞা পাই।
চাৰিজন বিপ্ৰে পথ সূচাই॥
প্ৰথমে বিদ্যা ভট্ট নাম ধৰি।
পাটবাউসিত সত্ৰক কৰি॥
গৰৈমাৰি সত্ৰে সন্ত সন্তম।
বহৰিত হৰিদেৱ উত্তম॥
বৈকুণ্ঠপুৰে বলো বেহেৰাত।
হৰিদেৱ আজ্ঞা যদু মাহাৰাত॥

[ ১০০ ]

বলোৰ আজ্ঞা পায়া বনমালী।
দক্ষিণপাট সত্ৰে ধৰ্ম্মক পালি॥
মাধৱৰ বাক্যে বংশীগোপাল।
দেবেৰা পাৰে কৰ ধৰ্ম্ম পাল॥
বংশ গোপালৰ বাক্যক ধৰি।
লৰি মিশ্ৰ দুই প্ৰচাৰ কৰি॥
মিশ্ৰৰ পুত্ৰ ৰামকৃষ্ণ ভাই।
কুৰুৱাবাহী দিফলুত ঠাই॥
লৰিৰ পুত্ৰ লক্ষ্মী গড়মূৰে।
ভৈলন্ত আচাৰ্য্য জয়ৰাম ঠাকুৰে॥
ভাতৃ ৰামচন্দ্ৰ জয়পুৰত।
কনিষ্ঠ ৰামচন্দ্ৰ চাপৰিত॥
লৰিৰ পুত্ৰ আচাৰ্য্য নিৰঞ্জন।
আউনীআটীত কেশৱ শোভন॥
বামুণীয়া আৰা সব বোলয়।
শুনিয়ো নিকাপথ কহোঁ মই॥



নিকাপথ।


বৰপেটা সত্ৰে মথুৰা দাস।
বেহেৰাত ভৈলা বিষ্ণু নিবাস॥
দক্ষিণসত্ৰে বিষ্ণু চামৰিত।
ভাগিন ৰামচন্দ্ৰ সুন্দৰিত॥

[ ১০১ ]

মধুপুৰ সত্ৰে পদো আতৈ।
মাধৱৰ বাক্যে সদা প্ৰৱৰ্ত্তয়॥
গোপাল বদুলাত অনুপাম।
পদো বাক্যে কমলাত শ্ৰীৰাম॥
নিকা পথ কথা সমাপি থওঁ।
পুৰুষ সংহতি শুনিয়ো কওঁ॥


পুৰুষ সংহতি-বৰবাৰেজন।

শ্ৰীশঙ্কৰ দেৱৰ পুত্ৰ প্ৰথম।
জ্যেষ্ঠ পুৰুষোত্তম নাম শোভন॥
তাহান আচাৰ্য্য দ্বাদশ জন।
কহোঁ তাসম্বাৰ যাৰ যেন থান॥
শ্ৰীকৃষ্ণ এলেঙ্গি লেটুৰ গ্ৰাম।
টিপহাত কৃষ্ণ চৰণ নাম॥
বেঙ্গেনাআটীত মুৰাৰি ভৈলা।
মুকুন্দ কাঠৰ পুত্ৰক কৈলা॥
সাউকুছি হৰি চৰণ খ্যাত।
কমললোচন থাকৰিয়ালত।
এহি ছয়জন শূদ্ৰ ব্ৰাহ্মণ আৰ।
শুনিয়ো কহোঁ সত্ৰ কৈত কাৰ॥

[ ১০২ ]

পৰশুৰাম ৰৈলা পুনিয়াত।
চেকেৰা তলে গোপীনাথ খ্যাত॥
মৰঙ্গিয়ালত ৰামকৃষ্ণ হয়।
চতমিয়াত বাসুদেৱ ৰয়॥
ভাগতীৰ পৰমানন্দ ৰত্নপুৰে।
গোমোথাৰ ৰামকৃষ্ণ থাকুৰে॥
বেহেৰুৱা লক্ষ্মী ঠাকুৰ প্ৰিয়া।
নিৰঞ্জন জামাতাত ধৰ্ম্ম থাপিয়া॥
নিৰঞ্জন পুত্ৰ তৃতীয় ভৈলা।
চক্ৰপাণি চামগুৰিত ৰৈলা॥
দীঘলি সত্ৰে শাৰঙ্গপাণি।
গদাপাণি ছৰাইখোলা বখানি॥
বৰ বাৰেজন কহিলো আৰ।
সৰু বাৰেজন কহিবো আৰ॥


সৰুবাৰেজন।

হালধিআটীত মুকুন্দ নাম।
কেশৱ কয়ৈ চুঙ্গিত ঠাম॥
চুঙ্গাপাৰ সত্ৰে নাম কানাই।
বনগঞা হৰিদেৱ বোলাই॥
বিহিমপুৰত গোৱিন্দ ভৈলা।
জয়হৰি ঘাৰকটাত ৰৈলা॥

[ ১০৩ ]

কাৱৈমাৰী সত্ৰে জয় গোপীনাথ।
সনাতন বেলগুৰিত খ্যাত॥
মিচিমি হৰিচৰণ বুলি।
ভাৰোৱাত বিষ্ণু দেৱ সমূলি॥
গুৱাভৰিয়াত নামে কানাই।
ৰত্নাকৰে ৰাজগুৰু বোলাই॥
এহি বাৰজন কহিলো সাৰ।
কনকাৰ আজ্ঞা শুনিয়ো আৰ॥

কনকলতাৰ আজ্ঞাপৰ।

১৷

চতুৰ্ভুজ ভাৰ্য্যা কনকলতা৷
তাহান আজ্ঞাত দুই সুভিতা॥
দুহিত্ৰী সুভদ্ৰা তান তনয়।
অনন্ত নামে কোৱামৰাত ৰয়॥
ঠাকুৰ বাহিনী গোবিন্দ প্ৰিয়া।
তান পুত্ৰ দামোদৰ থাপিয়া॥
আই কনকাৰ বাক্যক পাই।
আৰু বাৰেজন সন্ত বোলাই॥

২।

কৌপাতি সত্ৰে ৰামচৰণ।
নাচপাৰ সত্ৰে ৰাম শোভন॥
নলতিয়ালত জয় গোপীকান্ত,
নেপালি সত্ৰে ৰৈলা ৰতিকান্ত॥

[ ১০৪ ]

লক্ষ্মীপুৰে নাম ৰঘুপতি।
কৰতি সত্ৰে স্থিতি হৰিগতি॥
পৰমানন্দ কথোৰ গ্ৰাম।
কমলাবাৰীত গোপাল নাম॥
নাচপাৰ সত্ৰে ৰাম শোভন।
পাসৰিতাত কৃষ্ণ গহন॥
শালমাৰী সত্ৰে কৃষ্ণ স্থিত।
ৰাচপতি নামে আৰু বিদিত॥
আই কনকাৰ বাক্যক পাই।
এই বাৰজন সন্ত বোলাই॥
পুৰুষ সংহতি সমাপি থওঁ।
কালজাৰ পন্থ শুনিয়েো কওঁ॥

কালজাৰ পস্থ৷

গোপালদেৱৰ আজ্ঞাপৰ মহন্ত।

মাধৱৰ বাক্যে পূৰ্ণ গোপাল।
ভৱানীপুৰে কৰা ধৰ্ম্ম পাল॥
শ্ৰীমন্ত গোপালৰ আজ্ঞাপৰ।
ভৈলন্ত বাৰজন ধৰ্ম্মধৰ৷॥
প্ৰথমে বৰ আতা নাম ধৰি৷
হেঙ্গুলিয়া যদুমণি দেৱ হৰি॥

[ ১০৫ ]

বাংশবাৰী সত্ৰে স্থান কৰিলা।
জগত জুৰিয়া ধৰ্ম্ম ৰাখিলা॥
আৱৰ সৰু যদুমণি দেৱ হৰি।
ৰহিলা গজলাত সত্ৰ কৰি॥
ভূঞাৰ পুত্ৰ অনিৰুদ্ধ নাম।
লোহিত তীৰে কৰিলা থান॥
দহঘৰ সত্ৰে ৰৈলা নাৰায়ণ।
নগৰীয়া সত্ৰে ৰৈলা সনাতন॥
চৰাইবাহি সত্ৰে নামে মূৰাৰি।
বিপ্ৰ ছয়জন কহোঁ বিচাৰি॥
আঁহতগুৰিত শ্ৰীৰাম নাম।
ৰামচন্দ্ৰ খৌৰ মোচৰ থান॥
মাকোৱাৰী পুৰুষোত্তম শোভন।
আৱৰ সন্ন্যাসী ৰাম চৰণ॥
হাবুঙ্গ সত্ৰে পৰমানন্দ নাম।
ভৈলাহা ৰাজগুৰু অনুপাম॥
এহি বাৰজন বাৰ থানত।
কন্তু গোপালৰ ধৰ্ম্ম সতত॥
গোপালদেৱৰ পুত্ৰ কমল।
প্ৰবৰ্ত্তে নাম ধৰ্ম্ম সুনিৰ্ম্মল॥
শুনিয়ো হেঙ্গলীয়া যদুমণি হন্তে।
যৈত যিবা জনে ধৰ্ম্মক কন্তে॥

[ ১০৬ ]

জ্যেষ্ঠ পুত্ৰ শ্ৰীসনাতন ভায়ে৷
শিলিখাতলে ধৰ্ম্ম প্ৰবৰ্ত্তাৱে॥
ৰতিকান্ত লেঙ্গদিত উদিত।
কনিষ্ঠ শ্ৰীকান্ত নৱ মাটিত॥
ৰতিকান্তৰ পুত্ৰ উদিত ৰাম।
উদিত ৰাম পুত্ৰ পঞ্চ অনুপাম॥
মুক্ষদ ভৈলা লেঙ্গদিত উদিত।
কামদ ৰৈলা বাংশবাৰিত॥
জগধৰ সৰমৰাত স্থিতি।
ৰৈলা নৰবৰ তৈলপানীত॥
গিৰিধৰ ধল সত্ৰত ৰৈলা।
ইসবে যদুমণি ধৰ্ম্ম কৈলা॥
শ্ৰীৰামানন্দ দেৱ আজ্ঞাত৷
শুনিয়ো যিবা ধৰ্ম্ম কন্ত যৈত॥
বৰ কৃষ্ণ মৈমামৰাত স্থিত।
শ্ৰীকৃষ্ণ কাটনি পাৰে বিদিত॥
বলমি সত্ৰে বিজয়ানন্দ।
ডিবৰু সত্ৰে ৰৈলা সদানন্দ॥
এই চাৰি মূৰ্ত্তি ধৰ্ম্মক কন।
বৰ কৃষ্ণ পুত্ৰ জগমোহন॥
চেঞ্চামূখ সত্ৰে তান তনয়।
উজনি সত্ৰে ব্ৰহ্মানন্দ ৰয়॥

[ ১০৭ ]

মধ্যম চতুৰ্ভুজ মধ্যে স্থিত।
পদ্মনাভ বাজালিত বিদিত॥
জয়দেৱ মৈৰা মৰাত থান।
শুনা শ্ৰীকৃষ্ণ পুত্ৰৰ নাম॥
জেষ্ঠ পুত্ৰ নামে সুদৰ্শন।
চলিহা সত্ৰে আৰ শোভন॥
বুদবাৰি সতে বিজয়ানন্দ।
কাটনিপাৰত ৰৈলা সুনন্দ॥
সোদৰ দেৱ সদানন্দ সঙ্গে।
সম্পদ ধৰ্ম্ম প্ৰচাৰিলা ৰঙ্গে।
গোকোলচান্দ সাপখেয়ায়ে।
বিপ্ৰ ৰূপে কৃষ্ণপদ ধিয়াৱে।
ৰমাকান্ত দেৰ ৰাম কানাই।
সুনন্দৰ আজ্ঞা মস্তকে লই॥
কাটনিপাৰত ধৰ্ম্ম থাপিলা।
শ্ৰীকৃষ্ণ চৰণ চিন্তি ৰহিলা॥
নৱমাটি সত্ৰে শ্ৰীকানাই।
সদা সুন্দৰ পদ ধিয়াই॥
শ্ৰীৰামকানাইৰ নিজ শকতি।
হৃদিৰূপ নামে ভৈলা উৎপতি॥
কালজৰি পদ ইহাঙ্ক বুলি।
চাৰিও পথক কৈলো সমূলি॥

[ ১০৮ ]

একে অগনিৰ অনেক নাম।
একে সুবৰ্ণৰ বহুত কাম॥
একে ঈশ্বৰৰ বহুত মূৰ্ত্তি হুই
জীৱক কৃপায়ে হোন্ত সদয়॥
বাস্তৱত একো ভিন্ন নোহয়।
অজ্ঞানী সকলে ভিন্ন মানয়॥
ইহাক যিটো ভেদ ভাৱ কৰে।
অৱশ্যে সিটো নৰকত পৰে॥
ইটো সন্তাখ্যান কথা গহন।
আমি মূঢ়মতি অলপ জন॥
তথাপিতো কৈলো মনত আশ।
ইটো দোষ ক্ষমা জগনিবাস॥
সকলো সন্তৰ হৈবোহো দাস।
প্ৰণামো সবাকে দমায়া মাথ॥
কহয় মূৰুখমতি এৰি আন কাম।
সমাজে বেঢ়িয়া ডাকি বোলা ৰাম ৰাম

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )