পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭
বৈষ্ণৱী কীৰ্ত্তন।

বস্ত্ৰৰ ছোড়ন জ্বলে জঙ্ঘাত।
উৰু কৰি-কৰ সম সাক্ষাত॥
কটিত প্ৰকাশে বসন পীত।
বান্ধিছে মেখলা ৰত্নে ৰঞ্জিত॥
নাভি সৰোকহ ৰুচিৰ কান্তি।
হৃদয়ে প্ৰকাশে শ্ৰীবৎস পান্তি॥
উৰস্থলে লক্ষ্মী দিলন্ত দেখা।
কষটিত যেন সোণাৰ ৰেখা॥
পীতবস্ত্ৰে শোভে শ্যামল কায়।
তড়িত জড়িত জলদ প্ৰায়॥
বহল হৃদয়ে মুকুতা হাৰ।
প্ৰকাশে জিলিমিলি পেচন্দৰ॥
চিকিমিকি কৰে ৰত্ন উজ্জ্বলা।
আপাদলম্বী গলে বনমালা॥
তাহাৰ মধুগন্ধে হুয়া ভোল।
বেঢ়িয়া মধুকৰে কৰে ৰোল॥
চাৰু চতুৰ্ভুজ শোভে সুঠান।
ললিত বলিত নীল মোলান॥
কেয়ুৰ কঙ্কণ বলয়া তাত।
প্ৰকাশে নৱ কিশলয় হাত॥
বস্ত্ৰৰ শলাকা অঙ্গুলি পান্তি।
অঙ্গুঠিচয় তাতে কৰে কান্তি॥