পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
বৈষ্ণৱী-কীৰ্ত্তন

অসংখ্য সহস্ৰ শিশু ধেনু বৎসগণ।
শিঙা শঙ্খ বেণু ৰৱে পূৰাৱে গগণ॥
নানান খেলান খেলে বহু ভাৱে গাৱে।
নানান বিনোদ ৰসে ভুবন ভুলাৱে॥
বৈকুণ্ঠ পতি হৰি বনে চাৰে ধেনু।
কহয় মাধৱ গতি কানুপদৰেণু॥

ৰাগ সেয়ে।

 মাই মাই খেলত গোপাল গোঁসাই।
কালিন্দী পুলিন বন  ওহি যদুনন্দন
 ফিৰত গউৱা চৰাই।
গজপতি গমন  চলয় জগজীৱন
 গোধন আগু বুলাই॥
আনন্দে নন্দ-  নন্দন পৰমানন্দ
 মোহন বাঁশৰী বজাই।
সনক সনাতন  যতহু যোগীজন
 যাকেৰি চৰণ ধিয়াই॥
সো হৰি নন্দ  গোকুল সহ মিলল
 দীন মাধৱে গুণ গাই।