পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
বৈষ্ণৱী কীৰ্ত্তন।

অনন্ত অচ্যুত প্ৰভু মধ্যে নিৰাকাৰ।
জীৱক তাৰিবে লাগি ধৰিলা আকাৰ॥
পঞ্চক্ষেত্ৰ আদি ব্ৰহ্মপুত্ৰ তীৰ্থৰাজ।
ভক্তি পাই ইসবেও তৰে সামৰাজ॥
ব্ৰহ্মগীতা শাস্ত্ৰ দিয়া জলৰ মধ্যত।
ব্ৰহ্মপুত্ৰে শৰণ লৈলেক শঙ্কৰত॥
কি কহিবো সিটো মই মহিমা থানৰ।
বৈকুণ্ঠৰ সম সেই থান মনোহৰ॥
হেন বৈকুণ্ঠক পৃথিবীত নিৰ্ম্মিলন্ত।
সেহি বৈকুণ্ঠত প্ৰভু শঙ্কৰ ৰৈলন্ত॥


শঙ্কৰদেৱৰ মুখ্য ভক্তসকল।

  শ্ৰীমাধৱদেৱ, শ্ৰীনাৰায়ণ ঠাকুৰ আতা, শ্ৰীৰাম আতা ৰামৰাম গুৰু, ৰামৰাম, হৰিৰাম, ৰমানন্দ, সৰ্ব্বজয়, কমললোচন হৰিচৰণ, কালিদাস, কালিৰাম, ভেকো, গদা, গোকুল বুঢ়াখা ভূঞা, কমলিধৰা, পৰমানন্দ, গোবিন্দ, অনিৰুদ্ধ দৈবজ্ঞ নাৰায়ণ, বৰভকত, বনগয়া গিৰি, হৰিগুৰু, সুন্দৰ নতুৱা, লতিমা, তাপাৰ বলোৰাম, বৰকছা, সৰুকছা, কণ্ঠভূষণ গুৰু, ভাস্কৰ গুৰু, বিপ্ৰ দামোদৰ, গোবিন্দ বিপ্ৰ, বুঢ়া দলৈ উদাৰগোবিন্দ, ৰামদাস, হৰিদাস, অবনা বনা বনকৰা, জগন্নাথ ভীমা, বলোৰাম, জতিৰ মাধৱ, পুৰুষোত্তম, চতুৰ্ভুজ, চিলাৰায় দেৱান, গোবিন্দ, গৰমলি, ইত্যাদি।