পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
বৈষ্ণৱী কীৰ্ত্তন।

চাৰিফালে চাৰিহাটী মহাভক্তগণ।
চৈধ্যয় প্ৰসঙ্গ কৰে নামৰ কীৰ্ত্তন॥
সেহি থানে নিজ গুৰু কৰিলন্ত বাস।
কহয় পুৰুষোত্তম দাসকো দাস॥

সপ্ত বৈকুণ্ঠৰ শক্তি বৰদোৱা থান।
তথাতে ৰহিলা সৱে কৰিয়া কীৰ্ত্তন।
যৈত আসি গুৰুজনে হৈলা অৱতাৰ।
অন্য ভূমি কোন সম হৈবে বৰদোৱাৰ॥
সত্ৰখান চক্ৰ আদি মত অস্ত্ৰচয়।
চাৰি ৰূপে চাৰি বস্তু আসিয়া আছয়॥
কদম্ব শিলিখা বেল আৰু বৃক্ষ আম।
এই চাৰি বৃক্ষ চাৰি দিশে ভৈলা ধাম॥
ধ্বজ আদি পদশিলা মধ্যে নামঘৰ।
মুক্তে মণিকূট কৈলা শ্ৰীমন্ত শঙ্কৰ॥
চাৰি দিশে চাৰি হাটী মহাভক্তগণ।
চৈধ্যয় প্ৰসঙ্গ কৰে কৃষ্ণৰ কীৰ্ত্তন॥
উত্তৰে আকাশীগঙ্গা ভক্তি সৰোবৰ।
থান পূব দিশে থাকে ৰাম দামোদৰ॥
দক্ষিণত বাসুদেৱ লক্ষ্মী সৰস্বতী।
বাৰভক্ত চাৰিধাম পশ্চিমত স্থিতি॥