পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৬
বৈষ্ণৱী কীৰ্ত্তন।

বস্তু প্ৰকাশ।

হৰি নাম ৰসে   বৈকুণ্ঠ প্ৰকাশে
  প্ৰেম অমৃতৰ নদী।
শ্ৰীমন্ত শঙ্কৰে   পাৰ ভাঙ্গি দিলে
  বহে ব্ৰহ্মাণ্ডক ভেদি॥
গোবিন্দৰ প্ৰেম   অমৃতৰ নদী
  বহে বৈকুণ্ঠৰ পৰা।
চাৰি পুৰুষাৰ্থ   তাহাৰ নিজৰা
  হৰি নামে মূল ধাৰা॥
হৰিভক্তি দান   দিয়া জগতক
  তাৰিলা সংসাৰ-সিন্ধু।
হেনয় কৃপালু   শঙ্কৰ বিনাই
  নাহি নাহি আৰ বন্ধু॥
হৰি ভকতিৰ   পাতিলন্ত হাট
  শঙ্কৰে জগত জুৰি।
ৰাম নাম ৰত্ন   বেসায়া জগতে
  চলয় বৈকুণ্ঠপুৰি॥
শ্ৰীমন্ত শঙ্কৰ   হৰি ভকতৰ
  জানা যেন কল্পতৰু।
তাহান্ত বিনাই   নাই নাই নাই
  আমাৰ পৰম গুৰু॥