পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
বৈষ্ণৱী কীৰ্ত্তন৷

ভকতৰ বশ্য হুইবাৰ শঙ্কায় এ
যোনো মোক তুমি দাস পৰিহৰা হৰি৷
ইটো শঙ্কা হৰি দূৰতে তেজিয়া এ,
লৈয়োক তোমাৰ ভৃত্যৰ অধীন কৰি॥
তোমাৰ গুণৰ মহিমা দেখিয়া এ,
আন যত কাম দূৰতে তেজিয়া থৈলো৷
তবু পদসেৱা ৰসক আশায় এ,
তোমাৰ একান্ত ভৃত্যৰ কিঙ্কৰ ভৈলো॥
সহজ কৃপালু গুণক প্ৰকাশি এ,
ধৰি আছা হৰি ভকতবৎসল নাম।
ধেনু যেনমতে বৎসক পালয় এ ,
তুমি সেহিমতে ভকতক পালা ৰাম॥
আমি যত জীৱ তোমাৰ পালন, হৰি হৰি হৰি হৰি এ,
তুমিসে পালিয়া ফুৰা হুয়া অন্তৰ্য্যামী।
আবে যেবে নিজ ভৃত্য বুলি পালা,
হৰি হৰি হৰি হৰি এ,
তেবেসে কৃপাল কৃত্যকৃত্য হওঁ আমি॥
তুমি যাক পালা সিয়ো জন আমি,
হৰি হৰি হৰি হৰি এ,
সংসাৰ নিকাৰ ভুঞ্জিয়া ফুৰো বহুত।
তোমাৰ অধীন হুয়া কেনে আমি,
হৰি হৰি হৰি হৰি এ,
ভৈলোহোঁ স্বতন্ত্ৰ ইটো কিনো অদভুত॥