পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮২
বৈষ্ণৱী কীৰ্ত্তন।

শ্ৰীকৃষ্ণৰ নামৰূপ অস্ত্ৰৰ কীৰ্ত্তনে।
সবে বিষ্ট নষ্ট মোৰ হোক এতিক্ষণে॥
বেদময় গৰুড় কৃষ্ণৰ মুখ্য যান।
সমস্ত দুঃখত মোক কৰা পৰিত্ৰাণ॥
আপোনাৰ নামে বিষকসেন ভগৱন্তে।
ৰক্ষা কৰস্তোক মোক মহাদুঃখ হন্তে।
মাধৱৰ নামৰূপ আয়ুধ বাহন।
পাৰিষদগণ আৰু যতেক বাহন॥
মোৰ প্ৰাণ বুদ্ধি মন ইন্দ্ৰিয়গণ যত।
ইসৱক ৰাখিয়োক সৰ্ব্ব আপদত॥
স্থুল সূক্ষ্ম প্ৰাণী যত আছে সংসাৰত।
ঈশ্বৰেসে হুই যেবে আছে স্বৰূপত॥
এহি সত্যে মোৰ যত উপদ্ৰৱ মানে।
সৱে নষ্ট হৌক কৃষ্ণ নাম সুমৰণে॥
যেবে স্বৰূপত এক নিৰ্ব্বিকল্প হৰি।
মায়ায়ে ভূষণ আদি ৰূপ আছে ধৰি॥
সেহি সত্যে সৰ্ব্বজ্ঞ ঈশ্বৰে সদা মোক।
সৰ্ব্বস্থানে সৰ্ব্বৰূপে ৰক্ষা কৰন্তোক॥
অৰ্ধে-উৰ্ধে দশোদিশে বাহ্য অভ্যন্তৰে।
পুনু নৰসিংহ নামে ৰাখা নিৰন্তৰে॥
যাৰ নাদে লোকৰ গুচাইলা সবে ভয়।
নিজ তেজে সবাহাৰ তেজ কৈলা ক্ষয়॥