পৃষ্ঠা:বৈষ্ণৱী-কীৰ্ত্তন.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬
বৈষ্ণৱী কীৰ্ত্তন।

কোটী ইন্দু সম আছে প্ৰকাশি।
স্মৰণে দহয় পাতক ৰাশি॥
ভকতক বন্ধু জগত বাপ।
বোলা হৰি হৰি হৰোক পাপ॥


ঘোষা।

কৰুণাসিন্ধু, ভকত বন্ধু।
ৰূপে তুল নোহে কোটী ইন্দু।
 পদ।
স্থিৰ বুদ্ধি কৰি ভকত জনে।
প্ৰত্যেক অঙ্গক চিন্তিব মনে।
চৰণ পদ্ম দেখি সুখী হুই।
অৰুণ আতি পদতল দুই॥
অঙ্কুশ পদ্ম ধ্বজ বজ্ৰ যৱ।
দেখি চিহ্ন তাতে মিলে উৎসৱ॥
চৰণ-পঙ্কজ আছে প্ৰকাশি।
অঙ্গুলি-পান্তি তাৰ ভৈল পাশি॥
দেখি ৰত্নৰ পাকৰি নয়।
প্ৰকাশে তাতে নখচন্দ্ৰচয়॥
ৰতনে উজ্জ্বল উজন্তি যত।
নূপুৰ একাশে পাদপৃষ্ঠত॥